বিহুৰ ঐতিহ্য আৰু পৰম্পৰা বাছি থাকিব নে
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু অসমীয়াই অতীজৰে পৰা পালন কৰি অহা বাপতি সাহোন বিহু তিনিটাও কৃষিভিত্তিক উৎসৱ হিচাবে পৰিগণিত হৈ আহিছে। কৃষিকৰ্মৰ যোগেদিয়েই অসমীয়াই গঢ়ি তুলিছে অসম ৰাজ্যৰ সৰ্বকালৰ জাতীয় ঐতিহ্যৰ পৰিচায়ক এক সুকীয়া সভ্যতা আৰু সংস্কৃতি। আৰু সেই সভ্যতা আৰু সংস্কৃতিৰে অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে বিহু উৎসৱ। অসম ভূমিত বসবাস কৰি অহা আলপাইন, অষ্ট্ৰিক, মংগোলীয় আদি কোনোবা এটা জনগোষ্ঠীৰ মাজত হয়তো কৃষিকৰ্মৰ আৰম্ভণিৰ আগে আগে গীত- নৃত্য, আনন্দ -ফূৰ্তি কৰাৰ মাধ্যমৰে বিহু উৎসৱে জন্ম লাভ কৰিছিল বুলি ধাৰণা কৰিব পৰা যায়।
অসমীয়া মানুহে তিনিটা বিহু পালন কৰে। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিত ব’হাগ বা ৰঙালী বিহু, পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত মাঘ বা ভোগালী বিহু আৰু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু বা কঙালী বিহু। এই তিনিওটা বিহুৱেই অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি -জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য আৰু পৰম্পৰাৰ মাজেৰে সমগ্ৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি ৰাখিছে। সেয়ে বিহুক জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়া দায়বদ্ধ আৰু বদ্ধপৰিকৰ হোৱাটো উচিত। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিত পালন কৰা ব’হাগ বিহু অসমীয়াই সাতদিনীয়াকৈ পালন কৰিছিল। সেইবাবে বহুতে ইয়াক সাতবিহু বুলিও নামাকৰণ কৰে। এই সাতবিহুৰ প্ৰতিটো দিনেই পালন কৰা বিহুৰ নাম সুকীয়া সুকীয়া আৰু ইয়াৰ বৈশিষ্ট বা তাৎপৰ্যও সুকীয়া। সাত বিহুৰ নাম কেইটা হ’ল -(১) গৰু বিহু (২) মানুহ বিহু (৩) গোসাঁই বিহু (৪) তাঁতৰ বিহু (৫) নাঙলৰ বিহু (৬) জীয়ৰী বা চেনেহী বিহু (৭) চেৰা বিহু।
বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুক মাহ-হালধিৰে গা ধুৱাই। চুবুৰীয়া সকলো গৈ একেলগে নৈ’ত গৰু গা ধুওৱাৰ আমেজেই সুকীয়া। এই দৃশ্য অতিকৈ মনোৰম। ইয়াত চুবুৰীৰ প্ৰতিজন মানুহৰে মাজত থকা একতাৰ ভাৱ পৰিস্ফুত হয়।চাতত সজাই লাউ, বেঙেনা, কেৰেলা, থেকেৰা আদি গৰুৰ গা’লৈ দলিয়াই নিৰোগী আৰু শ্ৰীবৃদ্ধি হোৱাৰ কামনা কৰে। সেয়ে গা ধুৱাওঁতে গোৱা হয়- লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মা ৰে সৰু, বাপেৰে সৰু, তই হ’বি বৰ গৰু । পাছত চাতবোৰ ইঘৰে-সিঘৰে সলোৱাৰ নিয়ম। এই নিয়মত হয়তো ওচৰ চুবুৰীয়াৰ লগত থকা মৰম-চেনেহ আৰু আত্মীয়তা প্ৰকাশ পায়। লগতে বস্তু আদান-প্ৰদানৰ পৰম্পৰাও নিহিত হৈ থাকে। দীঘলতী আৰু মাখিয়তী গছৰ ঠালেৰে গৰুৰ গাত কোবাই ৰোগ -ব্যাধিৰপৰা ৰক্ষা পৰিবলৈ আৰু মহ , ডাঁহ আদি খেদোৱা হয়। সেয়ে গোৱা হয় – দীঘলতীৰ দীঘল পাত, মাখি মাৰোঁ জাত জাত । সন্ধিয়া গৰুৰ ডিঙিত নতুন পঘাৰে মেৰিয়াই ৰাখে। ন বিচনীৰে বিচি পিঠা খুৱায় সেৱা কৰে। বিহুৰ পাছতে অসমীয়া কৃষিজীৱি সমাজ খেতিৰ বাবে সাজু হয়। সেয়ে গৰু বিহুৰ দিনা নাঙল, যুঁৱলি, মৈ আদি খেতিৰ সঁজুলিবোৰ ধুই পৰিষ্কাৰ কৰে।
বৰ্তমান আধুনিক প্ৰযুক্তি কৌশল ব্যৱহাৰৰ ফলত গৰুৰ ঠাই ট্ৰেক্টৰে ল’লে। সেয়ে গৰুৰ আদৰো নোহোৱা হ’ল। বৰ্তমান গাঁৱতো গাই-গৰু দেখিবলৈ নোপোৱা হ’ল। খেতি-পথাৰ যে ট্ৰেক্টৰে হাল বাই কৰিছে এনে নহয়, আজি কেইবছৰমানৰ পৰা অসমীয়া মানুহে খেতি খোলা নকৰা হৈছে।পথাৰবোৰ এনেই চন পৰি থকা দেখা গৈছে। খেতি কৰাটো আজিকালি কষ্টকৰ কাম বুলি গণ্য কৰি বিনামূলীয়া চাউলৰ প্ৰতি হে আকৃষ্ট হয়। ইয়াৰ ফলত আগৰ তেজাল অসমীয়াৰ ঠাইত এলেহুৱা, কৰ্মভীৰু এচাম অসমীয়াৰ সৃষ্টি হ’ল। হাল বাবলৈ বাৰু আধুনিক প্ৰযুক্তি কৌশলকে ব্যৱহাৰ কৰিছে, কিন্তু গাখীৰ কণৰ বাবেও পেকেটত থকা বজাৰত ঊপলব্ধ সামগ্ৰী গ্ৰহণ কৰি স্বাস্থ্যহানি কৰিছে। এতিয়া গৰু বিহুৰ দিনা গা ধুৱাবলৈ মানুহৰ ঘৰত গৰু পাবলৈ নোহোৱা হ’ল। এনেদৰে থাকিলে ব’হাগ বিহুৰ প্ৰথম দিন যে গৰুবিহু হিচাপে উদযাপন কৰা হয়, সেয়া ভৱিষ্যত প্ৰজন্মই জনাৰ কোনো অৱকাশ নাথাকিব ।
অসমীয়া জাতিটো স্বনিৰ্ভৰশীল জাতি আছিল। নিজৰ প্ৰয়োজনীয় প্ৰতিটো বস্তুৱেই নিজে তৈয়াৰ কৰি লৈছিল। প্ৰতিগৰাকী অসমীয়া তিৰোতাই তাঁত ব’ব জানিছিল, সূতা কাটি কাপোৰ বৈ লৈছিল। অসমীয়া তিৰোতাই একে ৰাতিৰ ভিতৰতে কপাহৰপৰা সূতা কাপোৰ বৈ ওলিয়াইছিল বুলি বুৰঞ্জীত উল্লেখ আছে। চিৰা, পিঠা, আখৈ, মূড়ি, হুৰুম আদি নানা খাদ্য প্ৰস্তুত কৰিছিল। বিভিন্ন সুস্বাদু আৰু স্বাস্থ্যৰ উপযোগী পিঠা-পনা নিজে প্ৰস্তুত কৰিছিল। দোকানৰ বস্তু কিনি খোৱাৰ অভ্যাস নাছিল বুলিবই পাৰি । কিন্তু বৰ্তমানে আন সময়ৰ কথা বাদেই, বিহুৰ সময়তো চিৰা-পিঠা প্ৰস্তুত নকৰে। আজিকালি উঠি অহা প্ৰজন্মই পিঠা-পনা খোৱাৰ পৰিবৰ্তে মেগী, চাওমিন, ম’ম, পিজ্জা জাতীয় বস্তুহে খোৱা হ’ল। আগৰ উদ্যমী তিৰোতাসকল এলেহুৱা হ’ল। ঢেকীশালৰ শব্দত এতিয়া চুবুৰী ৰজনজনাই নুঠে। প্ৰয়োজনত বিহুৰ দিনা আলহী অতিথিক দিবলৈ বহিৰাগত বনিয়াই প্ৰস্তুত কৰা চিৰা-পিঠাই আখলঘৰ অধিকাৰ কৰে। আজিকালি কিছুমান অসমীয়া মানুহৰ মানসিকতা এনেকুৱা হৈছে গৈ যে বিহুত আলহী-অতিথিক আপ্যায়ন কৰাৰ পৰিৱৰ্তে ল’ৰা -ছোৱালীৰ স্কুল বন্ধৰ গইনা লৈ বাহিৰৰ ক’ৰবাত ফুৰিবলৈ যোৱাৰ হে ধাউতি বাঢ়ে। আগতে বিহুৰ বহুত আগৰেপৰাই তাঁতশালত শিপিনীৰ মাকোৰ খিতখিতনি শুনিবলৈ পোৱা গৈছিল। নিজহাতে আপোনজনলৈ ভমকাফুলীয়া বিহুৱান বৈছিল । ইয়াত তেওঁলোকৰ মৰমৰ বহি:প্ৰকাশ ঘটিছিল। কিন্তু এতিয়া চহৰ অঞ্চলৰ কথা বাদেই, গাঁৱতো তাঁতৰ মাকোৰ শব্দ পৰ্বতত কাছ কণী বিচৰাৰ দৰে হৈছেগৈ। বৰ্তমান অসমীয়া তিৰোতাই বোৱা বিহুৱানৰ ঠাই লৈছে মেছিনত তৈয়াৰী বহিৰাগত গামোচাই। এইক্ষেত্ৰত প্ৰতিবাদৰ সলনি ৰাজনৈতিক নেতাৰপৰা আৰম্ভ কৰি জাতীয় সংগঠন সমূহৰ বিষয়ববীয়া সকলৰ ডিঙিতো এনে চালানী গামোচাইহে দৃষ্টিকটুভাৱে শোভা বৰ্ধন কৰা দেখিবলৈ পোৱা যায়।
বিশ্বায়নৰ এই যুগতো যে আমি আমাৰ বাপতি সাহোন , সংস্কৃতিৰ জয় ধ্বজাবাহক বিহুটিক হিয়াৰ উমেৰে জীপাল কৰি উলহ-মালহেৰে পালন কৰি আহিছোঁ, সেয়া নিশ্চয়কৈ অতি গৌৰৱৰ কথা। কিন্তু এই কথাও আমি একমুখে স্বীকাৰ কৰিব লাগিব যে এই বিৰাট পৰিবৰ্ত্তনৰ সময়ছোৱাত আমাৰ হেঁপাহৰ বিহুটিৰ ৰূপো বহুল পৰিমাণে পৰিবৰ্তন হৈছে। অতীতৰ গছ-তলৰ বিহু আজি মঞ্চত উঠিলহি । ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক বছৰটো সুকলমে পাৰ হ’বলৈ আৰ্শীবাদ দিয়াৰ যি পৰম্পৰা প্ৰচলিত হৈ আহিছিল, বৰ্তমান সি প্ৰায় মৃতপ্ৰায় অৱস্থা বুলি ক’লেও ভুল কোৱা নহয়। চহৰ অঞ্চলৰ কথা বাদেই , অসমীয়াৰ প্ৰাণস্বৰূপ গাঁওবিলাকতো এই পৰম্পৰা লোপ পোৱা দেখা গৈছে। বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ , আৰু আমাৰ অসমীয়াৰ জাউতিযুগীয়া পৰম্পৰাও প্ৰতিযোগিতাৰ কবলত পৰি নি: শেষ হৈ যাব ধৰিছে। গোলকীকৰণৰ ধুমুহাই হওক বা নৱ প্ৰজন্মৰ মানসিকতাৰ পৰিবৰ্তনৰ ফলতেই হওক , বিহুৰ কিছুমান পৰিবৰ্তন জাতিটোৰ বাবে শুভকাৰক বুলি কোনোপধ্যেই মানি ল’ব নোৱাৰি ।
গছতলৰ বিহু আহি মঞ্চ পোৱাৰ সমান্তৰালকৈ বিহুত নতুন নতুন সংযোজন ঘটি আছে। হুঁচৰি প্ৰতিযোগিতা, বিহু কুঁৱৰী,মৌ কুঁৱৰী, বৰ বিহুৱতী, বিহু ৰাণী, ঢোলবাদন, পেঁপাবাদন, আদি নানান প্ৰতিযোগিতাৰ মাধ্যমেৰে বিহুক জনমানসত জনপ্ৰিয় কৰাৰ চেষ্টা চলাই আছে যদিও , মনত এটা সন্দেহ জন্ম লৈছে যে বিহুৰ এই বিবৰ্তন অনাগত ভৱিষ্যতত বিৰূপ প্ৰভাৱ পেলাব। কাৰণ মঞ্চ বিহুৰ পাছত বিহুক পৰম্পৰাৰ পৰিবৰ্তে তীব্ৰ বাণিজ্যিকীকৰণ কৰা হে বেছি অনুভৱ হৈছে। সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰি বহিৰাগত শিল্পীক আমন্ত্ৰণ কৰি লক্ষ লক্ষ টকাৰ যি বেহা চলে, সেয়া সকলোৰে জ্ঞাত। আগতে ব’হাগ বিহুত প্ৰতিঘৰ মানুহৰ চোতালত হুঁচৰিৰ ৰাইজৰ পদধূলা পৰিব লাগে বুলি বিশ্বাস কৰি ধনী -দুখীয়া নিৰ্বিশেষে সকলোৰে ঘৰত হুঁচৰি গাই ৰাইজে গৃহস্থক আৰ্শীবাদ দিয়ে। গৃহস্থৰ মংগল কামনা কৰি দিয়া আৰ্শীবাদত প্ৰত্যেকঘৰ মানুহৰ বাবে মৰম-চেনেহ আৰু দায়বদ্ধতা প্ৰকাশ পায়। কিন্তু বৰ্তমানে মোটা অংকৰ মাননিৰ লোভত ধনীৰ ঘৰত বিহু হুঁচৰি পৰিবেশন কৰি দুখীয়াৰ ঘৰত পদধূলি নিদিয়াতো অতি লজ্জাজনক আৰু পৰিতাপৰ বিষয় আৰু জাতিটোৰ বাবে অতি মাৰাত্মক কথা। এয়া যে কেৱল চহৰ বা নগৰত হে হয় এনে নহয়, বৰঞ্চ এই বিষবাষ্প গাঁৱবিলাকলৈও বিয়পিছে। গাঁৱত হুঁচৰি দ’ল আছে ঠিকেই, কিন্তু সকলোৱে গাঁৱত হুঁচৰি গোৱাৰ পৰিবৰ্তে চহৰ অঞ্চললৈ প্ৰতিযোগিতাৰ বাবেই হওক বা চহৰৰ ধনী মানুহৰ ঘৰতেই গাবলৈ হওক, সেইবিলাকলৈহে ঢাপলি মেলা পৰিলক্ষিত হৈছে। হুঁচৰি আজিকালি স্বেচ্ছাই গাবলৈ নাহে, নিমন্ত্ৰণ কৰি আনিব লাগে। এনেবিলাক হুঁচৰিক মোটা অংকৰ মাননি দিব লাগে। ইয়াৰোপৰি বিহু মেলা অনুষ্ঠিত কৰাৰ নামত বাটে-পথে , দোকান -বজাৰে চান্দা তুলি একপ্ৰকাৰ ধন দাবী কৰাৰ অপসংস্কৃতিয়েও গা কৰি উঠিছে। সম্প্ৰতি প্ৰতিখন গাঁৱত আৰু চহৰত একাধিক বিহু মেলা অনুষ্ঠিত কৰাটো ফেশ্বনত পৰিণত হৈছে। এয়া আচলতে বিহুক জীয়াই ৰাখিবৰ বাবে নকৰে, প্ৰত্যেকেই বিষয় বাব লৈ ধন আত্মসাৎ কৰাৰ উদ্দেশ্যে হে নিহিত থাকে যেন বোধ হয়। চান্দা তুলি কোনে বেছি ধুনীয়াকৈ মঞ্চ নিৰ্মাণ কৰিব পাৰিছে, কিমান বেছি টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে, কিমান নামী-দামী শিল্পী আমন্ত্ৰণ কৰিছে, এইবিলাকৰ এক অঘোষিত প্ৰতিযোগিতা চলে। এইবোৰৰ মাজত বিহুৰ ঐতিহ্য, পৰম্পৰা নিশ্চয়কৈ লোপ পোৱা যেন অনুভৱ হয়।
প্ৰকৃততে প্ৰতিজন অসমীয়াৰ হাড়ে-হিমজুৱে , সিৰা-উপসিৰাই ব’হাগ নামৰ উতলা তেজ প্ৰবাহিত হৈ আছে। স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত, অসমীয়াৰ প্ৰাণৰো প্ৰাণ , হিয়াৰ আমঠু, বিশ্বত অসমীয়াৰ পৰিচয় বহন কৰে ব’হাগে । এই পৰিচয় লৈ অসমীয়াই সসন্মানে আৰু আত্মগৌৰৱে নিজৰ পৰিচয় দাঙি ধৰিব পাৰে। সেয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে লিখিছিল – ব’হাগ মাথোঁ এটি ঋতু নহয়/ নহয় ব’হাগ এটি মাহ/ অসমীয়া জাতিৰ ই আয়ুস ৰেখা / গণ জীৱনৰ ই সাহ । যেতিয়ালৈকে বিহু থাকিব, তেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব। সেয়ে অসমীয়া জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থতে বিহুক জীয়াই ৰাখিবলৈ সকলো অসমীয়াই প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব। অন্যথা অসমীয়া জাতি কালৰ বুকুত নি:চিহ্ন হ’বলৈ বেছি পৰ নালাগিব।