বিহুৰ ইতিহাস- চুমী ৰহমান

pc Northeast Now
বিহুৰ ইতিহাস
“বিহু”………আমি অসমীয়াৰ প্ৰাণ ,অসমবাসীৰ আয়ুসৰেখা,অসমীয়া সংস্কৃতিৰ মেৰুদণ্ড ।সেয়েহে বিহুক বাপতি সাহোন বুলি কোৱা হয় ।অসমত বাস কৰা সকলো সম্প্ৰদায়ৰ লোকে নিজস্ব পৰম্পৰাৰে বিহু উৎযাপন কৰি আহিছে অতীতৰে পৰা ।বৰ্তমান সময়ত অসমৰ বহিঃ ৰাজ্যৰ লগতে বিদেশত বাস কৰা প্ৰবাসী অসমীয়া লোকসকলৰ মাজতো দেখা পোৱা যায় বিহুৰ উলহ মালহ।
সাম্প্ৰতিক সময়ত অসমৰ লগতে বিশ্বস্তৰত অসমবাসীক জিলিকাই ৰাখিছে আমাৰ বিহুটিয়ে।কিন্ত তাৰ মাজৰ বহুসংখ্যক হয়তো জ্ঞাত নহয় বিহুৰ ইতিহাসৰ বিষয়ে ,বিহুটিৰনো উৎপত্তি ক’ত কিদৰে হৈছিলে ,কিদৰে হ’ল ইয়াৰ বিকাশ ।তাৰেই মোৰ সামান্য জ্ঞান আৰু অভিজ্ঞতা আগবঢ়ালো।
বিহু দৰাচলতে কৃষকৰ উৎপত্তি৷ এক কথাত কবলৈ গ’লে বিহু এক কৃষিজীৱী উৎসৱ ৷কৃষকৰ জীৱন জীৱীকাৰ মুল সাধনেই হ’ল কৃষি বা খেতি ৷খেতিৰ বাহিৰে অন্য বিশেষ একো কাম নাছিল খেতিয়কে কৰিব লগীয়া ৷সেয়েহে খেতিৰ বিভিন্ন স্তৰৰ লগত সংগতি ৰাখি বিহুৰ নামাকৰন কৰা হৈছিল আৰু আজৰি সময়ত মনোৰঞ্জন সাধন হিচাপে বিহুক উৎযাপন কৰিছিল৷অসমীয়া বছৰৰ পহিলা মাহটো হ’ল বহাগ ৷সেইখিনি সময়ত খেতিয়ক সকল খেতিৰ কামৰ পৰা সম্পূ্ণ আজৰি হৈ যায় ৷ইতিমধ্যে পথাৰৰ লক্ষ্মী আহি কৃষকৰ ভৰাঁল ভৰি পৰিল ৷খেতিয়কৰ চিন্তা দুৰ হ’ল ৷মনৰ আনন্দক প্ৰকাশ কৰাৰ মনেৰে ডেকা বুঢ়া সকলোৱে মিলি মুকলি পথাৰত ঢ়োল পেপা বজাই বিহুগীত জূৰে আৰু গাৱঁৰ নাচনীবোৰে ঢোলৰ চেৱে —চেৱে ককাঁল ঘূৰাই নাচে ৷তেনেদৰেই আৰম্ভ হৈছিল হেপাঁহৰ ৰঙালী বিহুটিৰ ৷তাৰ সমান্তৰালকৈ এইটোও মান্যতা আছে যে ধান দাই শেষ হোৱা পথাৰত যেতিয়া নাচনীবোৰে বিহু নাচে তেতিয়া নাচনীৰ গছকত পথাৰৰ মাটি আৰু বেছি সাৰুৱা হৈ পৰে ৷কথাষাৰৰ বৈজ্ঞানিক অৰ্থ এয়াই যে —”ধান দাই উঠাৰ পিছতো পথাৰত কিছুমান সৰু সৰু গছ বন থাকি যায় ৷নাচনীবোৰে যেতিয়া সেই পথাৰত বিহু নাচে তেতিয়া নাচনীৰ গছকত সেই গছ বন বোৰ মাটিত মিহলি হৈ যায় , যাৰ ফলত পথাৰখন আৰু বেছি সাৰুৱা হৈ পৰে ৷ অৰ্থত নাচৰ যৰিয়তে মনোৰঞ্জনো হ’ল আৰু খেতিৰ উৎপাদনও হ’ল ৷এনেদৰেই কৃষকৰ আমোদনৰ মাধ্যম হৈয়ে উৎপত্তি হৈছিল বহাগ বিহুৰ ৷
তাৰপিছত আহিল কাতি বিহু ৷অৰ্থাত কঙালী বিহু ৷আহিন মাহত পথাৰবোৰ ভৰি থাকে সোণালী ধানেৰে ৷ পথাৰৰ ধান চপোৱাৰ সময় পালেহি ৷ ধান যিহেতু লক্ষ্মী ,সেয়ে লক্ষ্মীক ঘৰলৈ আদৰাৰ আগে আগে পথাৰত চাকি বন্তি জলাই সেৱা জনাই যাতে কৃষকৰ ভৰাল বছৰ ভৰি থাকে ৷ অভাৱ অনাতন যাতে নহয় ৷সেইখিনি সময়ত কৃষকৰ ভৰাল উদং হৈ থাকে৷ সেয়ে এই বিহুটিক কঙালী বিহু নামেৰে উৎযাপন কৰি অহা হৈছে ৷
আঘোণ মাহ সোমোৱাৰ লগে লগে খেতি ছপোৱাৰ সময়ও পালেহি ৷লাগিল খেতিয়কৰ ল’ৰা লৰি ৷খেতি ছপাই মৰণা মাৰি ধান খুন্দি চাউল হোৱালৈকে এমাহৰ পৰা দুমাহমান সময় লাগি যায় ৷তাৰ পিছত সময় আহি পৰে নতুন ধানেৰে ন ন খাদ্যৰ সোৱাদ লোৱাৰ ৷লাৰু ;পিঠা কোমল চাউল আদি নানা জলপান বনোৱা হ’য় ৷এয়াই ভোগালী বিহুৰ তাৎপৰ্য ৷মুৰৰ ঘাম মাটিত  পেলাই কৃষকসকলে ৰ’দ বতাহ  বৰষুণ নেওচি খেতি কৰে বাবেই আমি চহৰত বাস কৰা সকলে খাবলৈ পাওঁ লগতে ভোগালী বিহু উৎযাপন কৰিবলৈ পাৰো ৷
এনেদৰেই খেতিৰ লগত সংগতি ৰাখিয়েই বছৰৰ তিনিওটা বিহু উৎযাপন পৰম্পৰা আৰম্ভ হৈছিল ৷সেইবাবেই বিহুটিক অসমৰ আয়ুসৰেখা বুলি গন্য কৰা হয় ৷সমুহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ ৷
চুমী ৰহমান
সঞ্চালক,দীন-চাকি ফাউণ্ডেশ্যন 
ভেটাপাৰা,গুৱাহাটী