বিহুবৰত বাল্যবিবাহঃ গ্ৰেপ্তাৰ বিহাৰৰ যুৱকসহ মন্দিৰৰ পূজাৰী

Pc Jagran
বিহুবৰত বাল্যবিবাহঃ গ্ৰেপ্তাৰ বিহাৰৰ যুৱকসহ মন্দিৰৰ পূজাৰী
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- বাল্য বিবাহ ৰোধৰ বাবে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দি অহাৰ লগতে তেনে ঘটনাৰে জড়িতক গ্ৰেপ্তাৰ কৰি অহাৰ বিস্তৃত বাতৰি প্ৰকাশ হৈ অহা স্বত্বেও নাজিৰাত পুনৰ সংঘটিত হৈছে বাল্য বিবাহ ।  বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিহুবৰ  শিলনীত সংঘটিত  বাল্য বিবাহৰ এই ঘটনাৰে জড়িত মহম্মদ কাচিম (২০) নামৰ এজন বিহাৰৰ যুৱকে  বিহুবৰ শিলনীৰ  এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ যোৱাৰ এক গোপন খবৰ বিহুবৰ আৰক্ষীয়ে  লাভ কৰে । ঘটনাৰ অনুসন্ধান কৰি আৰক্ষীয়ে ২৪ অক্টোবৰত বিহুবৰৰ এক মন্দিৰত পূজাৰীৰ সাক্ষাততে এই কাৰ্য্য ধৰা পেলায় । আৰক্ষীয়ে যুৱক মহম্মদ কাচিম আৰু পুৰোহিত ৰাম বিলাস জাহ (৭২) ক আটক কৰি গ্ৰেপ্তাৰ কৰে  । অভিযোগ অনুসৰি মহম্মদ কাচিমক  শইকীয়া  উপাধিৰ বুলি  পৰিচয় দি  বিবাহ কৰাবলৈ অনুমতি দিছিল ১৭ বছৰীয়া কিশোৰীগৰাকীৰ   মাতৃয়ে । সেই অনুসৰি  বিবাহৰ উদ্দেশ্যে বিহাৰৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিল যুৱক জনে । জানিব পৰামতে দিল্লীত শ্ৰমিকৰ কামতে নিয়োজিত আছিল কিশোৰী গৰাকীৰ পৰিয়ালো ।  বিহুবৰ আৰক্ষী থানাত এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ ৯,১০,১১ ধাৰা অনুসৰি এক গোচৰ পঞ্জীয়ণ হৈছে ।