বিহালী সমষ্টিৰ গাংমৌ থান তথা বৰগাঙৰ বৰভিল চাহ বাগিচাৰ জাগ্ৰত কালী মন্দিৰৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য

pc Facebook

বিহালী সমষ্টিৰ গাংমৌ থান তথা বৰগাঙৰ বৰভিল চাহ বাগিচাৰ জাগ্ৰত কালী মন্দিৰৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য

অনলাইন বাৰ্ত্তাসেৱা – ২৯ ছেপ্তেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ জিলাৰ বিহালী আৰু গহপুৰ সমষ্টিত উপস্থিত হয়। গুৰুজনাৰ পদস্পৰ্শৰে ধন্য বিহালী সমষ্টিৰ পৱিত্ৰ ভূমি গাংমৌ থানত গায়ন-বায়নে মুখ্যমন্ত্রী ড০ শৰ্মাক আদৰি নিয়াৰ লগতে মহাপুৰুষজনা ৰচিত সাঁচিপাতৰ কীৰ্তন পুথিও দেখুওৱা হয়। মুখ্যমন্ত্ৰীজনাই এই থানত উপস্থিত হৈ এগছি বক্তি জ্বলাই আৰু সেৱা গ্ৰহণ কৰে। কেইবাশতিকা সাঁচিপাতৰ কীৰ্তন পুথিখন থলুৱা প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰা প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আপুৰুগীয়া কীর্তন পুথিখন বৈজ্ঞানিকভাৱে সংৰক্ষণ তথা কীৰ্তন ঘৰৰ বাবে মুখ্যমন্ত্রীয়ে আর্থিক সাহায্য প্ৰদানৰ কথা অৱগত কৰে। গাংমৌত নিৰ্মিত প্রেক্ষাগৃহৰ বাবে পুনৰ দুই কোটি টকাৰ আবণ্টন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী গৰাকীয়ে একেদৰে বিহালী সমষ্টিৰ বৰগাঙৰ বৰভিল চাহ বাগিচাৰ জাগ্ৰত কালী মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই পূজা-অৰ্চনা কৰি আশিস লয় আৰু একেদৰে এই জাগ্রত কালী মন্দিৰৰ বাবেও এক কোটি টকাৰ অনুদানৰ ঘোষণা কৰাৰ লগতে মন্দিৰলৈ অহা-যোৱা কৰা পথটো নিৰ্মাণৰ বাবে ধন আবণ্টন দিয়াৰ বিষয়ে প্রকাশ কৰে। উল্লেখ্য যে তেখেতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাৰ বিহালী আৰু গহপুৰ সমষ্টিত উপস্থিত হয় আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।