বিষ্ণু ৰাভা, এক অনন্য ব্যক্তিত্ব – কবিতা শৰ্মা

বিষ্ণু ৰাভা, এক অনন্য ব্যক্তিত্ব …

কবিতা শৰ্মা
দিল্লী

মধ্যযুগীয় অসমত স্বর্ণযুগৰ প্ৰতিস্থাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱ দেৱৰ পাছতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সমকালীন ভাবে অসমীয়া জাতিক গঢ় দিওঁতা, কৃষ্টি সংস্কৃতিৰে নিজৰ নাম উজলাবলৈ সক্ষম হোৱা অসমৰ আকাশৰ উজ্জ্বল জ্যোতিষ্কই হ’ল – কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা । তেওঁৰ বিষয়ে লিখিবলৈ গ’লে যেন শব্দ হেৰাই যায় … কলমৰ গতি স্তব্ধ হৈ পৰে… কিয়েই বা ক’ম কিয়েই বা লিখিম ! অসমীয়া ভাষা সংস্কৃতিৰ বৰপূজাৰী বিষ্ণুৰাভা আছিল এজন শিল্পী গণ নায়ক … এজন শিল্প প্ৰাণ বিপ্লৱী …তেওঁৰ বিপ্লৱী মানসতাই উদ্দীপ্ত কৰি ৰাখিছিল তেওঁৰ শিল্পী সত্তাক। সেই শিল্পী সত্তাক সহাৰি দিয়েই তেওঁ হৈ পৰিছিল…. একেধাৰে এজন কবি, সাহিত্যিক, গায়ক, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, চিত্রশিল্পী, নৃত্যকাৰ । শিল্পজগতৰ এনে কোনো দিশ নাই য’ত তেওঁৰ পাৰঙ্গতাৰ স্বাক্ষৰ আমি নোপোৱাকৈ আছোঁ। ইয়াৰ উপৰিও তেওঁ আছিল এজন সুনিপুণ খেলুৱৈ, ইতিহাসবিদ, ভূতত্ববিদ আৰু ভাষাতাত্ত্বিক। কি নাছিল তেওঁ ? ইমানবোৰ গুণৰ সমাবেশেৰে তেওঁ জীৱন কালত নিজেই এক কিংবদন্তী স্বৰূপ হৈ পৰিছিল। এজন ব্যক্তি বুলি নকৈ প্ৰকৃততে তেওঁক এখন অনুষ্ঠান বুলিও অভিহিত কৰিব পৰা যায় ।

জন্ম হৈছিল অবিভক্ত বাংলাদেশৰ ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ১ জানুৱাৰীত। প্ৰকৃততে তেওঁ আছিল বড়ো জনগোষ্ঠীৰ। পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। এটা ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হোৱা বাবে তেওঁ ৰাভা উপাধি গ্ৰহণ কৰে । মাতৃৰ নাম আছিল গেঠু বালা ৰাভা। গোপাল চন্দ্ৰ ৰাভাক বৃটিছ সেনাৰ ৰায়বাহাদুৰ উপাধি যচা হৈছিল আৰু বেংগলৰ গৱৰ্ণৰ এ. দি. চি. পদলৈ পদোন্নতি দিয়া হৈছিল।

তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন ইংৰাজী প্ৰাথমিক বিদ্যালয়ত। দেউতাকে পাছত বঙালী মাধ্যমত ভৰ্তি কৰাই যদিও তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰে। ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি “কুইন এমপ্ৰেছ ” পদক লাভ কৰিছিল। ১৯২৬ চনত কলিকতাৰ চেন্টপল কলেজত নামভৰ্তি কৰি প্রথম বিভাগত আই এছ চি পাচ কৰাৰ পাছত কলিকতাৰ ৰিপন কলেজত পদার্থ বিজ্ঞানত অনাৰ্চ লৈ বি এছ চি পঢ়ে। উল্লেখনীয় যে এই দুয়োখন কলেজতে তেওঁ খেলৰ পাৰদৰ্শিতাৰ বাবে ক্ৰমে ক্ৰিকেট আৰু ফুটবলৰ কেপ্তেইন নির্বাচিত হৈছিল। সেই সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলিকতা মহানগৰী অস্থিৰ কৰি তুলিছিল । দেশপ্রেমী বিষ্ণু প্ৰসাদ ৰাভা আন্দোলনত নিয়োজিত হোৱাৰ বাবে বৃটিছ প্ৰশাসনৰ চকুত পৰিল। তেওঁ মনে মনে ৰিপন কলেজ এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নাম ভৰ্তি কৰে। ভিক্টোৰিয়া কলেজত পঢ়ি থকা সময়ত একৈশ বছৰীয়া ছাত্র বিষ্ণু প্ৰসাদ ৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰে।

এয়া আছিল তেওঁৰ জীৱনৰ বিপ্লৱৰ আৰম্ভণি। বৃটিছ চৰকাৰৰ ৰোষত পৰি ভিক্টোৰিয়া কলেজত পঢ়াৰ পথ ৰুদ্ধ হোৱাত পুনৰ মাইকেল কলেজত নাম ভৰ্তি কৰি অধ্যয়নত মনোনিৱেশ কৰিলে যদিও বাছনি পৰীক্ষাত সর্ব্বোচ্চ নম্বৰ লাভ কৰিও পুলিচৰ হাৰাশাস্তিৰ বলি হৈ কলেজ ত্যাগ কৰিবলৈ বাধ্য হ’ল। এনেদৰে এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন মেধাৱী ছাত্ৰ হৈও ১৯৩১ চনত তেওঁৰ ছাত্ৰ জীৱনৰ অন্ত পৰিল।

অসমৰ কৃষ্টি, সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা এই গৰাকী ব্যক্তিক ১৯৩৯ চনত আমন্ত্ৰণ ক্ৰমে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ উপাচার্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে শিল্পজগতলৈ তেওঁৰ বৰঙনিলৈ সন্মান জনাই সোণৰ পদক সহ “কলাগুৰু ” অর্থাত কলাৰ গৰাকী উপাধি প্ৰদান কৰে। তেতিয়াৰে পৰা তেওঁ কলাগুৰু নামেৰেই সকলোৰে মাজত জনাজাত হৈ পৰে। তেখেতৰ দ্বাৰা সৃষ্ট অনুপম গীত সমূহক এক অন্যান্য ধাৰাৰ সংগীত হিচাপে ৰাভা সংগীত ৰূপে সময়ে স্বীকৃতি প্ৰদান কৰিছে ।

তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত সমূহ আয়ত্ব কৰি গাবলৈ শিকে। পোন প্ৰথম বাৰৰ নিজৰ কল্পনা শক্তিৰে শংকৰদেৱৰ প্ৰথমখন ছবি তেৱেই আঁকিছিল। এতিয়া ব্যৱসায়িক দিশত বহুল ভাবে প্ৰচাৰিত ছবিখন যে বিষ্ণু ৰাভাই অঁকা সেই কথা সাধাৰণ ৰাইজৰ অগোচৰেই ৰ’ল। বিপ্লবী শিল্পী সত্বাৰ বাহিৰেও গৱেষণাৰ দিশতো অগ্রনী আছিল বিষ্ণু ৰাভা। তেখেতক অসমৰ প্ৰথমজন নৃতত্ববিদ বুলি আখ্যা দিব পাৰি। তেওঁ অসমৰ জনজাতীয় জাতিগোষ্ঠী সমূহক লৈ কৰা ক্ষেত্রভিত্তিক গৱেষণা পত্ৰ “বানো কোবাং’’ ত জনজাতীয় জীৱনৰ উপাদান সমূহ পদ্ধতিগত ভাবে লিপিবদ্ধ কৰা হৈছে। কিন্তু তেখেতৰ সেই গৱেষণা মূলক গ্ৰন্থৰ বহুল প্ৰচাৰ বা স্বীকৃতিৰ আনুষ্ঠানিকতা এতিয়াও হোৱা নাই।

প্রথম প্রকাশিত গ্রন্থ “মুক্তিৰ দেউলত’’ তেওঁৰ ৰাজনৈতিক ভাবধাৰা স্পষ্ট ভাবে পৰিস্ফুট হৈছে। গ্ৰন্থখনিৰ পাতনিতে তেওঁ নিজকে অঘৰী সৰ্বহাৰা বুলি উল্লেখ কৰি কৈছিল – ‘‘অঘৰী সৰ্বহাৰাৰ পক্ষে যতনে কিবা থবলৈ পেৰা নাই। গতিকে লিখি আছোঁ, হেৰুৱাই আছো । ” বৈপ্লৱিক চিন্তা ধাৰাৰ মহান পুৰুষ জনে ৰাজনৈতিক স্বাৰ্থত বিভিন্ন দল সংগঠন আদিৰ চোকা দৃষ্টি এৰাই ফুৰিব লগীয়া হোৱা বাবে সাহিত্য চর্চা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁ সৃষ্টি ৰচনাৰাজীৰো আলৈ আথানি হৈছিল । তেওঁৰ সংগ্ৰামী জীৱনৰ পলাতক অৱস্থাত “নতুন অসমৰ বুৰঞ্জী ” নামৰ গ্ৰন্থখন কামাখ্যা পাহাৰৰ শিলৰ খোৰোঙত পৰি নষ্ট হৈ গৈছিল।

তেওঁৰ বিপ্লৱ বিশেষকৈ তিনিটা দিশত আছিল বৰ অসমৰ সাহিত্য সংস্কৃতিৰ পুনৰুত্থান, জাতীয় জীৱনৰ ঐতিহ্যৰ সংৰক্ষণ আৰু নিষ্পেষিত সকলৰ মুক্তিৰ বাবে সাম্যবাদৰ অৱলম্বন। এয়াই আছিল তেওঁৰ জীৱনৰ আদৰ্শ। মানুহেই আছিল তেওঁৰ পূজাৰ থলী আৰু মানুহৰ সঠিক বিকাশৰ অৰ্থই আছিল তেওঁৰ বিপ্লৱ। তেওঁ উপলব্ধি কৰিছিল যে সাম্ৰাজ্যবাদী বৃটিছৰ দৰেই দেশীয় জমিদাৰ – মহাজন আদিও হালুৱা- হজুৱা সকলৰ শত্রু। বগা ক’লা দুয়োবিধ শোষক শ্ৰেণীৰ পৰা মুক্ত হলেহে সৰ্বসাধাৰণৰ প্ৰকৃত মঙ্গল হব। কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাত দেশীয় শত্ৰুৰে গিজগিজাই থকা বাবে তেওঁ মার্ক্সীয় আদর্শই হে সৰ্বসাধাৰণৰ মুক্তিৰ পথৰ সন্ধান দিব বুলি উপলব্ধি কৰিছিল। তেওঁ স্বাধীনতা বিচাৰিছিল – পুঁজিবাদৰ পৰা, শ্ৰমিকৰ দাসত্বৰ পৰা দুৰ্ভিক্ষৰ পৰা আৰু সমাজৰ সকলো দানবৰ পৰা ৷ জনগনৰ বৃহত্তৰ স্বাৰ্থৰ হকে সমগ্ৰ শ্রমিক জনগনক ওলাই আহিবলৈ তেওঁ আহ্বান জনাইছিল। –

ভাং ভাং ভাং লোহাৰ শিকলি ভাং
ছিংছিংছিং দাসৰ বান্ধোন ছিং

এই স্বাধীনতা আন্দোলনৰ বাবে তেখেতে গোটেই জীৱন উৎসৰ্গা কৰিলে। ৰাইজ আছিল সকলোৰে উৰ্দ্ধত।“ৰাইজেই ৰজা গিয়াতিয়েই গঙা” বিপ্লৱী জীৱনৰ অজ্ঞাত বাসৰ পৰা তেখেতে নিজেই কৈছিল “ৰাইজৰ মৰম চেনেহ আমাৰ ৰক্ষা কৱচ । ৰাইজৰ আশীষেই আমাৰ পশুপাত অস্ত্র। এই কৱচ আৰু অস্ত্ৰৰ বলতেই আমি বলিষ্ঠ নিৰ্ভীক সৈনিক।” শোষিতজনৰ স্বাধীনতাৰ বাবে এফালে বন্দুক এফালে কলম লৈ নিজৰ যুদ্ধ অব্যহত ৰাখিলে। “হাল যাৰ মাটি তাৰ” এই শ্লোগান লিখা বিষ্ণু ৰাভাই পৈতৃক সূত্ৰে লাভ কৰা ২৫০০ বিঘা মাটি ভূমিহীন কৃষকক বিলাই দি যুগলৈ এক আদর্শ স্থাপন কৰি গ’ল। উল্লেখযোগ্য যে উত্তৰ পাৰত বিজ্ঞান প্ৰযুক্তি শিক্ষাৰ ধ্বজ বহন কৰি থকা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেওঁ দান কৰা ভূমিতে সগৌৰৱে ঠিয় দি আছে। ইচ্ছা কৰা হলে তেওঁ জমিদাৰী কায়দাৰে এক বিলাসী জীৱন কটাব পাৰিলে হেতেন। কিন্তু তেওঁ তেনে নকৰিলে। নিজৰ সকলো উজাৰি দি ৰাইজৰ হৃদয়ত স্থান লভা তেওঁৰ দৰে প্ৰকৃত জননেতা দ্বিতীয়জন অসমত যুগযুগলৈ জন্ম লব বুলি দাঠি কব নোৱাৰি।

১৯৫১ চনত ৰাভাদেৱ ভাৰতীয় “গণনাট্য সংঘ” ৰ সভাপতি নির্বাচিত হয়। কিন্তু একাধাৰে গায়ক, অভিনেতা, গীতিকাৰ, চিনেমা পৰিচালকৰ ভুমিকা পালন কৰা জনে এই সংগঠনৰ যোগে কলকাতা মুম্বাইৰ পেশাদাৰী জগতৰ শীৰ্ষস্থানীয় লোকৰ সান্নিধ্যলৈ অহা স্বত্বেও কলাক কেতিয়াও পেশা বা ধন আহৰণৰ আহিলা হবলৈ নিদিলে । ৰাষ্ট্ৰীয় খ্যাতিৰ আশাত ৰাজ্য এৰি মঞ্চ বিচাৰি নগ’ল। এনে উদাৰ হৃদয়ৰ গৰাকী বিষ্ণু ৰাভাৰ কিন্তু ব্যক্তিগত জীৱন আছিল দুখ যন্ত্ৰণাৰে ভৰা । তেওঁ জীৱনত ছাৰি গৰাকী নাৰীৰ সান্নিধ্যলৈ আহিছিল । ১৯৩৭ চনত তেওঁ গায়িকা প্রিয়লতা দত্তৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু মাত্ৰ ২৮ দিনৰ পাছতে সন্নিপাত জ্বৰত আক্ৰান্ত হৈ তেওঁৰ পত্নীৰ মৃত্যু হয়। শোক বিহ্বল হৈ তেওঁ সৃষ্টিকৰে সেই অমৰ গীতৰ ….

পৰজনমৰ শুভ লগনত / যদিহে আমাৰ হয় দেখা পূৰাবানে প্রিয়ে এই জনমৰ /মোৰ হিয়াৰ অপূৰ্ণ আশা..

তাৰ পাছত তেওঁ নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে যদিও আনুষ্ঠানিক ভাবে তেওঁৰ লগত বিবাহ হোৱা নাছিল। ১৯৫২ চনত নলবাৰীৰ কনকলতা মেধিৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ হয়। ১৯৬২ চনত দুটি কণমানি পুত্ৰ সন্তান পৃথ্বিৰাজ আৰু হেমৰাজক এৰি দ্বিতীয় পত্নীয়ে চিৰ বিদায় লয়।

মাতৃহাৰা দুই পুত্ৰক বুকুত সাৱটি শুই থাকোতে এদিন ৰাতি পুলিচে পঘাৰে বান্ধি চোচৰাই লৈ যায় । উৰিষ্যাৰ বৰহমপুৰ জেললৈ তেওঁক প্ৰেৰণ কৰা হয়। ১৯৬৩ চনত জেলৰ পৰা মুক্তি পাই সেই বছৰেই তেওঁ পুনৰ মোহিনী বালাক বিয়া কৰায় ৷ ১৯৬৭ চনত তেওঁ তেজপুৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় পার্থী হিচাপে বিজয়ী হয়। ১৯৪৮ চনত পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হবলগীয়া হয়। ৰোগৰ সৈতে যুঁজি থাকোতে যেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ জীৱনৰ অন্তিম ক্ষণ ওচৰ চাপি আহিছে তেতিয়া তেওঁ জীৱনৰ শেষ গীতটি লিখিছিল এখন পুৰণি বিয়াৰ চিঠিৰ পাছফালে ….

এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান ….

এটি সুৰ শেষ হ’ল। এজন বিপ্লৱী সৈনিক শিল্পীৰ জীৱনৱসান ঘটিল। ১৯৬৯ চনৰ ১৯ জুন ৰাতিৰ পৰা তেওঁৰ কন্ঠস্বৰ স্তব্ধ হৈ পৰিল। ৰাতি ২ বাজি ২৫ মিনিটত এই বিশাল ব্যক্তিত্বৰ গৰাকী বিষ্ণু প্ৰসাদ ৰাভাৰ মহাপ্রয়াণ ঘটে। সময়ো যেন স্তব্ধ ।

অসমৰ আকাশৰ পৰা মেলানি মাগিলে এটি উজ্জ্বল নক্ষত্র…..

সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ গণৰাজ পতাৰ সপোন কিন্তু আজিলৈ বাস্তৱত ৰূপায়িত হোৱা নাই। আজি আমি তেওঁক লৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান পাতিছো, আলোচনী উলিয়াইছো, আলোচনা চক্র পাতিছো, বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে তেওঁৰ নামত তাল – ফাল কৰিছোঁ। ইয়াত সুৱদী সুৰীয়া সংগীত আছে, কথা আছে, কিন্তু প্রাণ নাই….. অনুষ্ঠান আছে, আনুষ্ঠানিকতা নাই। চহৰে-নগৰে, গাৱে ভুঞে, চুবুৰীয়ে চুবুৰীয়ে এতিয়া ৰাভা দিৱস পতা হৈছে কিন্তু তেওঁৰ পতাকা খন আঁতৰাই শাসক-শোষক শ্ৰেণীৰ পতাকা তুলি ধৰা হৈছে। নতুন প্ৰজন্মৰ সন্মুখত বিষ্ণু ৰাভাৰ প্ৰকৃত ছবি খন আঁতৰাই এখন খণ্ডিত ছবি স্থাপন কৰাৰ অবিৰত প্ৰয়াস চলিছে। অথচ বিষ্ণু ৰাভাই এনেদৰে কৈছিল ‘‘মার্ক্সবাদ নজনালৈকে মই বৰ ৰোমাণ্টিক আছিলোঁ। ভাব বিলাসী আছিলোঁ। কলাগুৰু খিতাপে মোক বৰ আনন্দিত কৰি তুলিছিল। এতিয়া বুজিছো ‘কলাগুৰু খিতাপটো থাকিলে ১৯৪৫ চনৰ পৰা ১৯৫০ চনলৈ ম‍ই কৰা কামৰ কোনো মূল্য নাথাকে। এতিয়া বুজিছো মার্ক্স বাদ নাথাকিলে মই এজন অবক্ষয়ী মানুহত পৰিনত হলো হয়।’’

জাতীয় স্বাৰ্থ ৰক্ষাৰ আঁৰত শ্ৰমজীৱী ৰাইজক নিজৰ দাসত্বৰে প্ৰতাৰিত হবলৈ বাধ্য কৰোৱা হয়। । এনেকৈয়ে ছাৰিওফালে পৰিদ্ৰ আৰু মধ্যবিত্ত চাম মানসিক ভাবে গোলাম হৈ পৰিছে ধনৰ ওচৰত ক্ষমতাশালীৰ ওচৰত। এই সকলে অনুষ্ঠানৰ আনুষ্ঠানিকতা কৰিছে কিন্তু কমি গৈছে আন্তৰিকতা, সমাজত থকাৰ নামত অনুষ্ঠান কৰে অংশ লয়, কিন্তু প্রতিমুহুর্ততে এই সকলে নিজৰ লাভ লোকচানৰ অংক কৰে।

এই ব্যৱস্থাৰ পৰা মুক্ত হবলৈ বিষ্ণু প্ৰসাদ ৰাভাৰ কৰ্মৰাজিৰ চৰ্চা অবিৰত আৰু গভীৰ ভাবে হব লাগিব। কাৰণ কোনো মানুহেই স্বইচ্ছাৰে দাস হব নিবিচাৰে। কিন্তু ইয়াত দাসত্বক সঠিক আৰু শুদ্ধ বুলি প্ৰতীয়মান কৰা হয়। যিসকলৰ বিবেক এতিয়াও জাগ্ৰত হৈ আছে, তেওঁলোকে দাসত্বৰ বিৰুদ্ধে তেওঁৰ আদৰ্শক সঠিক ৰূপত ডাঙি ধৰিবলৈ চেষ্টা কৰিব লাগিব। ৰাভা দেৱে কোৱাৰ দৰে “হুঁচিয়াৰ” নহলে মানুহে নিজৰ অজ্ঞাতে দাসত্বক আকোৱালি লবলৈ বাধ্য হব। প্রচলিত সমাজ ব্যৱস্থা ভাঙি যিসকলে জনগনৰ সমাজ গঢ়িব খোজে সেই সকলৰ বাবে বিষ্ণু ৰাভা হ’ল ধৈৰ্য্য, সাহস আৰু সৃষ্টিৰ নতুন প্ৰেৰণা।

কালৰাত্ৰিৰ বুকুত আজিও প্রভাতৰ নতুন আভা হৈ জিলিকি উঠে সমন্বয়ৰ প্ৰতীক বিষ্ণু ৰাভা এই মহান শিল্পীগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সৃষ্টি হওক হাজাৰ জন বিষ্ণু ৰাভা … তাৰেই কামনাৰে আজিৰ এই পূণ্যতিথিত মোৰ অশ্রু অন্জলি যাচিলোঁ ।