বিষণ্ণ আবেলি
দিপ্তী মনি গোস্বামী , লখিমপুৰ
নিৰ্জনতাৰ নিজানত মোৰ আবেলি
মানস পটত ভাঁহে
মোৰ চিকুণ পুৱাৰ পদূলি।
এবাতি বৰা চাউল
লগত থমা লৈ গুৰ
যিমান ধুলেও নুগুচিছিল আঠাবোৰ।
দুপৰৰ মজিয়াতো
টুকুৰা টুকুৰ মাছবোৰে সোণত সুৱগা চৰাইছিল
ককা-আইতাৰ মুখবোৰ উজ্বলি উঠিছিল!
আবেলিৰ ৰিব্ ৰিব্ মলয়াই
নিজান পদূলিত মোৰ দেহ-মন চুমি যায়
মণিকোঠাৰ ভাৱনাবোৰ নিৰৱে শিল হৈ বৈ যায়!