“বিশ্ব স্তনপান সপ্তাহ” -২০২৪
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে- এই সপ্তাহটোক “বিশ্ব স্তনপান সপ্তাহ” হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে স্তন্যপানৰ উপকাৰিতাৰ বিষয়ে মাতৃ গৰাকীক আৰু ঘৰখনৰ আন ব্যক্তিসকলক সজাগ কৰি শিশুটিক স্বাস্থ্যৱান কৰি গঢ়ি তোলা। বিষয়টোৰ প্রতি গুৰুত্ব ৰাখি যোৱা ১ আগষ্ট ২০২৪ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ, কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত উলুবাৰীস্ত নগৰীয়া স্বাস্থ্য কেন্দ্ৰত সপ্তাহ যোৰা কাৰ্যসূচীৰে “বিশ্ব স্তনপান সপ্তাহ” উদ্ যাপনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষত, এই বাৰৰ বিষয় বস্তু “ক্লজিং দ্য গেপ : সকলোৰে বাবে স্তনপানৰ সহযোগীতা” ৰ বিষয়ে সজাগতা ৰ হেতু সপ্তাহ জোৰা এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবাৰৰ বিষয়বস্তুৰ সম্পৰ্কে এক সাৰুৱা ভাষণ প্ৰদান কৰে কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ যুতিকা ওজা ই। উক্ত অনুস্ঠানত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে নৱজাতক/ নৱজাতিকাৰ সহিতে কেইবাগৰাকীও মাতৃ উপস্থিত থাকে । মাতৃসকলক স্তন্যপানৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও স্বাস্থ্য সম্পৰ্কীয় কিছু উপহাৰ প্ৰদান কৰা হয়। কমিউনিটী মেডিচিন বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ স্থাপনা শৰ্মা, সহকাৰী অধ্যাপিকা ডাঃ মেহজেবিন হাইদৰ হাজৰিকা, ড° পাহাৰী গগৈ, মেডিকেল বিষয়া ডাঃ অপৰূপা চৌধুৰী আৰু ড° অঞ্জনা ময়ী শইকীয়াৰ উপস্থিতিৰে অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰা হয় ।