বিশ্ব কাব্য দিৱস উদযাপন

বিশ্ব কাব্য দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব কাব্য দিৱস উপলক্ষে দিছপুৰ শাখা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনে কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত ৰূপায়ন কৰে “কাব্যমন্থন” শীৰ্ষক এটি আটকধুনীয়া অনুষ্ঠান। দিছপুৰ শাখাৰ সম্পাদক প্ৰণামিকা শৰ্মাই অনুস্থানৰ আঁত ধৰাৰ লগতে ‘কাব্য মন্থন’ৰ কাৰ্য্যসূচী সঞ্চালন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে। অনুস্থানত উপস্থিত থাকি কাব্য আৰু কাব্য যাত্ৰাৰ অনন্য অভিজ্ঞতাকে ধৰি স্বদেশৰ কবিতাৰ পৰা বিশ্বৰ কবিতালৈ আলোকপাত কৰে ক্ৰমে বিশিষ্ট কবি আনিছ উজ জামান, দেৱপ্ৰসাদ তালুকদাৰ, কৌস্তুভমণি শইকীয়া, বিজয় শংকৰ বৰ্মন, সিদ্ধাৰ্থ শংকৰ কলিতা, মেঘালী হাজৰিকা কাকতি, ৰেনুমালা চাংমাই প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে৷ সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা, বিশিষ্ট লেখক শিক্ষাবিদ ড: ধ্ৰুৱজ্যোতি দাস আদিয়ে সাৱলীল আৰু প্ৰাসংগিক বক্তব্য ৰখাৰ লগতে অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠব বৃদ্ধি কৰে ক্ৰমে গল্পকথা খ্যাত অতনু ভট্টাচাৰ্য, দিছপুৰ শাখাৰ উপদেষ্টা পূৰবী বৰা, সদৌ অসম ক স সন্মিলনৰ উপ সভাপতি ড : লখিমী গগৈ, কামৰূপ জিলা কবি সন্মিলনৰ সভাপতি মৌচুম বুঢ়াগোহাঁই, দিছপুৰ শাখা কবি সন্মিলনৰ সভাপতি ডা: শিখা শৰ্মা আদিয়ে। আগন্তুক সময়বোৰত কবিতাক মানুহৰ প্ৰিয়তম সম্পদৰূপে গঢ়ি তুলিবলৈ সম্প্ৰীতি আৰু একতাৰে প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতিৰে বহুকেইটা নতুন চিন্তন আৰু পদক্ষেপৰ বিষয়ে প্ৰধান সম্পাদকে সভাত ব্যক্ত কৰে। কবিতা পঢ়া আৰু পঢ়ুৱা, লিখা আৰু লিখিবলৈ উৎসাহিত কৰা তথা কবিতাৰ বাবে কাম কৰি থকা ব্যক্তি, দল, সংগঠনক উৎসাহিত কৰাৰ বিশ্ব কাব্য দিৱসৰ যি মহান উদ্দেশ্য সেয়া সফল কৰিবলৈ সদৌ অসম কবি সন্মিলনে এই মঞ্চতে অংগীকাৰ কৰে।