বিশ্বৰ বজাৰত বৃদ্ধি পাইছে মাজুলীৰ ৰঙা বাওধানৰ চাহিদা

Pc The Janambhumi

বিশ্বৰ বজাৰত বৃদ্ধি পাইছে মাজুলীৰ ৰঙা বাওধানৰ চাহিদা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ বজাৰত সমাদৰ মাজুলীৰ ৰঙা বাওধান।মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিদেশলৈ ৰপ্তানি বিশ কুইন্টল ৰঙা বাও চাউল।ABM Agri Indus – try & Research pvt. Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ,চৌডি আৰব, কুৱেটকে ধৰি বহুকেইখন আৰবীয়ান দেশত বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।বিশেষকৈ কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক ব্যৱহাৰ নকৰাকৈ কৰা মাজুলীৰ ৰঙা বাওধান আজিৰ দিনত মাজুলীৰ ঐশ্বৰ্যৰূপে বিবেচিত হৈছে।বিদেশেই নহয় দেশৰ ভিতৰতো মাজুলীৰ ৰঙা বাওধানৰ যথেষ্ট চাহিদা আছে।বিদেশী বৃহৎ কোম্পানীবোৰে যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিহে মাজুলীৰ ৰঙা চাউলত গুৰুত্ব প্ৰদান কৰিছে।প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰন থকা, প্রকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক,কীটনাশক বা বননাশক প্রয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্রাস নাপায়।এই ৰঙা বাও চাউলে বিদেশী ৰাষ্ট্ৰত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে মাজুলী, অসম তথা ভাৰতৰ নাম বিদেশৰ বজাৰত উজলি থাকিব।