বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ চতুৰ্থ স্থানত আছে বিল গেটছ

Pc Wikipedia

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ চতুৰ্থ স্থানত আছে বিল গেটছ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিসকলৰ এজন বিল গেটছে ২,০০০ কোটি ডলাৰ (প্ৰায় ১.৬০ লাখ কোটি টকা) দান কৰাৰ কথা ঘোষণা কৰিছে।এই ধনৰাশি বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনক দিয়া হ’ব।এই ফাউণ্ডেশ্যন হৈছে জনকল্যাণৰ বাবে কাম কৰা প্ৰখ্যাত সংস্থাসমূহৰ এটা।কৰ’না মহামাৰী আৰু ইউক্রেইনৰ যুদ্ধৰ সৈতে বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সংস্থাটোৱে বাৰ্ষিক ব্যয় বৃদ্ধি কৰিছে।মাইক্ৰছটৰ সহঃ প্ৰতিষ্ঠাপক বিল গেটছে কয়, ‘মই নিজৰ গোটেই সম্পত্তি ফাউণ্ডেশ্যনক দান কৰিবলৈ বিচাৰিছোঁ।মোৰ আৰু পৰিয়ালৰ খৰচৰ বাবে প্ৰয়োজনীয় ধনহে ৰাখিবলৈ বিচাৰিছোঁ।বিশ্বৰ চহকী লোকৰ তালিকাত মোৰ নাম সদায় থকাৰ আকাংক্ষা মোৰ নাই।আগন্তুক সময়ত মোৰ নাম তালিকাৰ তললৈ আহিব।শেষত মই তালিকাৰ পৰা বাহিৰ হ’ম।’ উল্লেখযোগ্য যে, বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে ২০২৬ চনৰ ভিতৰত বাৰ্ষিক ব্যয় বঢ়াই ৯০০ কোটি ডলাৰ (৭১,৯১০ কোটি টকা) কৰিবলৈ বিচাৰিছে।কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ আগত উক্ত সংস্থাই বছৰি ৬০০ কোটি ডলাৰ (৪৭,৯৪০ কোটি টকা) খৰচ কৰিছিল।গেটছ আৰু তেওঁৰ পূৰ্বৰ পত্নী মেলিণ্ডাই ২০০০ চনত এই সংস্থা আৰম্ভ কৰিছিল।যোৱা বছৰ মেলিণ্ডা আৰু গেটছৰ বিবাহ বিচ্ছেদ হৈছিল।ব্লুমবার্গ বিলিয়নাৰ্ছ ইনডেক্সৰ মতে ১১,৪০০ কোটি ডলাৰ (৯.১১ লাখ কোটি টকা) সম্পত্তিৰে গেটছ বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ চতুৰ্থ স্থানত আছে।