” বিশ্বাসেই আদি মূল “-হিমাদ্ৰী বৰকটকী

PC - Words of Faith , Hope & Love

” বিশ্বাসেই আদি মূল “

এগৰাকী পুৰুষ আৰু মহিলা পৰস্পৰে পৰস্পৰৰ এটা মুদ্ৰাৰ দুটা পিঠি । এখন সংসাৰ ভালদৰে বৰ্তি থাকিবলৈ হ’লে দুয়োৰে মাজত বুজাবুজি থাকিবই লাগিব। মৰম , স্নেহ , শ্ৰদ্ধা, ভক্তি , আৰু বিশ্বাসেই হ’ল এখন সংসাৰ আগবাঢ়ি যোৱাৰ মূলমত্ৰ । এখন যৌথ পৰিয়ালত থাকিলে সময় সাপেক্ষে পুৰুষজনে পত্নীৰ কথাও শুনিবও লাগিব। নহ’লে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হ’ব। পুৰুষ , মহিলা দুয়োৰে এইক্ষেত্ৰত বুজাবুজিৰ খুবেই প্ৰয়োজন। পতি , পত্নী দুয়োৰ মাজত কেতিয়াও সন্দেহৰ সৃষ্টি হ’ব নালাগে। আজিকালি ভূল বুজাবুজিৰ কাৰনে সঘনে বিবাহ বিচ্ছেদৰ সৃষ্টি হৈছে। তাৰফলত সুন্দৰ সংসাৰ এখন নিমিষতে শেষ হৈ গৈছে। গতিকে ইজনে সিজনক সময় সাপেক্ষে হাজাৰ কাম থাকিলেও সময় দিব লাগিব।অসমীয়াত এষাৰ কথা আছে , এখন তাল কেতিয়াও নাবাজে। গতিকে মানুহ মাত্ৰেই ভূল হয়েই। তথাপি বুজাবুজিৰ মাজেৰে এখন সংসাৰ চলাই নিয়াটোৱেই হ’ল পতি পত্নীৰ পৰম ধৰ্ম।
গুৰুজনাই কৈ গৈছে –

প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত মাধৱ:।
হৰি হৰ আত্মা হৰি পৰম বান্ধৱ:

হিমাদ্ৰী বৰকটকী
নগাঁও