বিশ্বাঘাটকিনী প্ৰেমিকা-   পদ্ম শঙ্কৰ চৌধুৰী

বিশ্বাঘাটকিনী প্ৰেমিকা

তাইৰ নাম নীলাঞ্জনা

ৰূপ লাৱণ্যৰ নাই তুলনা।

তাইৰ ৰূপ লাৱণ্যত মতলীয়া হৈ

ক’ত জনে আহিছে প্ৰেমৰ জোলঙাটি লৈ।

তাই কিন্তু কাৰো প্ৰেমক নিদিলে সহাৰি

এইদৰে দিনবোৰ গ’ল বাগৰি।

এদিন এক কাল ধুমুহা আহি,

তাইৰ চকু দুটা নিলে কাঢ়ি।

কোনোৱে আৰু নকৰা হ’ল তাইলৈ প্ৰেম নিবেদন

অতীতক সুঁৱৰি তাই কৰে ক্ৰন্দোন।

জীয়াই থকাৰ স্পৃহা হেৰুৱাই পেলালে,

মৃত্যুক সাবটিব ল’বলৈ বিচাৰিলে।

এনেতে এজন যুৱক আহিল তাইৰ কাষলৈ

প্ৰবোধিলে তাইক দুখ নকৰিবলৈ।

যুৱকজনে ক’লে মই আছোঁ তোমাৰ বাবে,

শুশ্ৰূষা কৰিম তোমাৰ সাৰথি হিচাবে।

যুৱকজনৰ সাৰথি পাই

জীয়াই থকাৰ সাহস তাই পালে ঘুৰাই।

এনেদৰে ক’ত মাহ-দিন পাৰ হৈ গ’ল

ইজনে সিজনক এৰিব নোৱাৰা হ’ল।

এদিন তাই আৱেগতে যুৱকজনক ক’লে,

মোৰ যদি কেতিয়াবা চকুযুৰিৰ দৃষ্টি ঘুৰি আহিলে,

তোমাকে স্বামী হিচাপে লম আদৰি,

মই কথা দিলোঁ তোমাক স্পষ্ট কৰি।

এই কথাৰ মই নকৰোঁ ইফাল সিফাল,

যদি কৰোঁ উলঙ্ঘা কাটি কৰিবা দুফাল।

এদিন যুৱকজনে তাইক ক’লে বিৱৰি

চিকিৎসক এজনে হেনো অস্ত্ৰপ্ৰচাৰ কৰিব চকুযুৰি।

এদিন তাইক চিকিৎসালয়লৈ লৈ গ’ল,

গৈ থাকোঁতে যুৱৱজনক তাই কৈ গ’ল।

দৃষ্টি শক্তি ঘুৰাই পোৱাৰ প্ৰথমতে

তোমাকে যেন দেখা পাওঁ সকলোৰে আগতে।

এদিন অস্ত্ৰপ্ৰচাৰ হৈ গ’ল সুন্দৰ ভাৱে,

যুৱকজনক আহিব দিলে তাইৰ কথা হিচাপে।

চকুৰ পটি খুলি দিয়া হ’ল্,

যুৱকজনক দেখি তাই বিচুৰ্তি খাল।

ইকি! যুৱকজন চোন তাইৰ দৰে অন্ধ,

তাইৰ ভাৱনাবোৰ হৈ গ’ল ৰুদ্ধ।

লগে লগে তাই যুৱকজনক কৰিলে প্ৰত্যাখ্যান,

তাইৰ প্ৰতিজ্ঞা মিছা বুলি হ’ল প্ৰমাণ।

যুৱকজনৰ কথা তাই পাহৰিলে,

যুৱকজনেও সেইলৈ দুখ নকৰিলে।

কপালত যাৰ আছে যি লিখন,

তাক কোনেও নো কৰিব পাৰে খণ্ডন।

যুৱকজনে দুদিন মানৰ পিছত,

বন্ধু এজনৰ হতুৱাই এডুখুৰি কাগজত,

লিখিলে তাই লৈ বুলি বাক্য এশাৰী

মৰমী!মোৰ চকুযুৰি ভালকৈ ৰাখিবা দেই যত্ন কৰি।

              পদ্ম শঙ্কৰ চৌধুৰী