বিশ্বব্যাপী বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ সংখ্যাৰ প্ৰায় ২৫ শতাংশ ভাৰতৰ

pc IQAir

অনলাইন বাৰ্ত্তাসেৱা – এক অধ্যয়ন অনুসৰি, বিশ্বব্যাপী অসুৰক্ষিত পিএম (PM) ২.৫ স্তৰৰ সৈতে পৰিৱেশত উশাহ লোৱাৰ ফলত প্ৰতি বছৰে প্ৰায় চাৰি নিযুত লোক আগতীয়াভাৱে মৃত্যু মুখত পৰে। ইয়াৰে প্ৰায় ২৫% মৃত্যু কেৱল ভাৰতৰ। অধ্যয়নটোত আৰু কোৱা হৈছে যে ৰন্ধন আৰু অন্যান্য ঘৰুৱা কাৰ্যকলাপৰ বাবে ব্যৱহাৰ হোৱা কঠিন ইন্ধন হৈছে ভাৰতৰ বায়ু প্ৰদূষণৰ এক প্ৰধান উৎস।

(UD.)