বিশ্বজুৰি দ্ৰুতগতিত মাংকীপক্সত আক্ৰান্ত

pc froedtert

 বিশ্বজুৰি দ্ৰুতগতিত মাংকীপক্সত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ২৫ জুলাই : বিশ্বজুৰি দ্ৰুতগতিত মাংকীপক্সত আক্ৰান্তৰ সংখ্যা বর্ধিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই মাংকীপক্সক লৈ জৰুৰী অৱস্থা ঘোষণা কৰিছে । জেনেভাত সংবাদ মেলত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰছ আধানম গ্রেব্ৰেয়েছাছে মাংকীপক্সৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী অৱস্থা ঘোষণা কৰে। মাংকীপক্সক লৈ সজাগ আৰু সতৰ্ক হ’বলৈ বিশ্বৰ দেশসমূহক আহ্বান জনাই এইক্ষেত্ৰত সকলো দেশকে আন্তর্জাতিক সমন্বয় ৰক্ষা কৰিবলৈ কয় বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধানজনে। উল্লেখ্য যে  ক’ভিড-১৯ৰ পাছত মাংকীপক্সৰ সংক্ৰমণ ৭৫তকৈ অধিক দেশলৈ সম্প্ৰসাৰিত হৈছে। বিশ্বজুৰি ১৬ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে আৰু আফ্ৰিকাত ৫জনৰ মৃত্যু ঘটিছে। ভাৰততো শেহতীয়াভাৱে কেৰালাত মাংকীপক্সত আক্ৰান্ত হোৱা ৰোগী চিনাক্ত হৈছে।