বিশ্বজুৰি অব্যাহত কৰʼনাৰ সংক্ৰমণ

Pc- BBC

বিশ্বজুৰি অব্যাহত কৰʼনাৰ সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ পৰিস্থিতি সামান্য সুস্থিৰতাৰ দিশে আগবাঢ়ি থকাৰ সময়তে পুনৰ ক’ভিড-১৯ অধিক ভয়াৱহ হৈ উঠাৰ ইংগিত দিছে চীনত।চীনত ক’ভিড-১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ১২খন প্ৰদেশত লকডাউন ঘোষণা কৰিছে। এই ১২খন প্ৰদেশৰ পৰা অন্য প্রদেশলৈ আহ-যাহ নিষিদ্ধ কৰাৰ লগতে সংক্রমণ নোহোৱা অঞ্চললৈও জনতাৰ আহ-যাহ নিষিদ্ধ কৰা হৈছে। দেশখনৰ ৰাজধানী বেইজিঙত ক’ভিড-১৯ নির্দেশনা অধিক কঠোৰ কৰি তোলা হৈছে। চীনৰ লগতে ৰাছিয়া, নিউজিলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপৰ কেইবাখনো দেশত বিগত কেইবাদিন ধৰি ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। ৰাছিয়াই কৰ্মপ্ৰতিষ্ঠান এসপ্তাহ বন্ধৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। দেশখনৰ ৰাষ্ট্ৰপতি পুটিনে নৱেম্বৰৰ আৰম্ভণিৰে পৰা এসপ্তাহ কৰ্মপ্ৰতিষ্ঠান বন্ধত অনুমোদন জাইছে।নিউজিলেণ্ডটো এদিনত নতুনকৈ ১০৯জন লোক মহামাৰী ভাইৰাছটোত আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত দেশৰ বৃহত্তম চহৰ অকলেণ্ডত সৰ্বাধিক। কʼৰনা মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা অকলেণ্ডত এদিনত সর্বাধিক আক্রান্ত হোৱাক লৈ প্রশাসন উদ্বিগ্ন হৈছে। নিউজিলেণ্ডে ২০২০ চনত কʼৰনা মহামাৰীত বিশ্বৰ দেশসমূহ বিধ্বস্ত হোৱাৰ সময়ত এই মহামাৰীৰ বিৰুদ্ধে প্রায় বিজয় সাব্যস্ত কৰিছিল। কিন্তু ক’ভিড-১৯ৰ ডেল্টা প্ৰকৰণৰ সংক্ৰমণ চলিত বৰ্ষত ৰোধ কৰিবলৈ সক্ষম হোৱা নাই নিউজিলেণ্ড। দুমাহ ধৰি অকলেণ্ড কঠোৰ লকডাউনৰ মাজত আছে যদিও চহৰখনত ক’ভিডৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাইছে। এনে কাৰণতেই নিউজিলেণ্ডে সমগ্ৰ দেশখন লকডাউনৰ অধীনলৈ অনাৰ চিন্তা-চৰ্চা চলাইছে। আনহাতে মাস্ক পৰিধান কৰা নীতি শিথিল কৰাৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাংশ স্কুলত ক’ভিড-১৯ৰ সংক্রমণ বৃদ্ধি পাইছে। দেশজুৰি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। দেশখনৰ গ্ৰামাঞ্চলৰ চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ছেপ্টেম্বৰৰ মাজভাগৰ পৰাই দেশখনত প্ৰতিদিনে গড়ে প্রায় ৭৩ হাজাৰ লোক মহামাৰী ভাইৰাছটোত আক্ৰান্ত হৈ আছে।