বিশিষ্ট সমাজ সেৱিকা ,লেখিকা ইন্দুপ্ৰভা বৰঠাকুৰৰ মৃত্যুত শোক

বিশিষ্ট সমাজ সেৱিকা ,লেখিকা ইন্দুপ্ৰভা বৰঠাকুৰৰ মৃত্যুত শোক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সমাজ জীৱনৰ এগৰাকী আদৰ্শবান ব্যক্তি,বিশিষ্ট লেখিকা ইন্দুপ্ৰভা বৰঠাকুৰে ১৯৭৬-৭৮ চনত কটন মহাবিদ্যালয়ৰ পৰা বি এ পাছ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত এম এ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ প্ৰায় ১৪-১৫ বছৰ মান ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে আছিল যদিও পিছত বিভিন্ন কাৰণত সেই চাকৰি এৰিব লগীয়া হৈছিল। এগৰাকী অতি অমায়িক, সহজ সৰল মহিলা ৰূপে জনাজাত ইন্দুপ্ৰভাৰ স্বামী আছিল ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত সুনীল কুমাৰ বৰঠাকুৰৰ পত্নী। তেওঁৰ স্বামীৰ মৃত্যু হয় যোৱা ৪ আগষ্ট তাৰিখে আৰু ইন্দু প্ৰভাৰ মৃত্যু হয় যোৱা ৪ জানুৱাৰীত। ইন্দুপ্ৰভা বৰঠাকুৰৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড0 নগেন শইকীয়াই কয় যে তেওঁলোকৰ ঘৰলৈ কেবাবাৰো গৈছো আৰু মই ব্যক্তিগত ভাৱে লগ পাইছো ,তেওঁ বৰ সৰল আৰু নম্ৰ ভদ্ৰ আছিল। বিশিষ্ট সাহিত্যিক ড0 কৰবি ডেকা হাজৰিকাই কয় যে বাইদেউ যথাৰ্থতে এগৰাকী গুণী আৰু মৃদু ভাষী মহিলা আছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক আদিল উল য়াচিনে কয় যে ইন্দুপ্ৰভাৰ লগত মই ১৯৬৫ চনৰ পৰা ১৯৬৮ চনলৈ কটন কলেজত একেলগে পঢ়িছিলো আৰু সচাঁকৈ তেখেত এগৰাকী অতি অমায়িক আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন মহিলা আছিল। ইয়াৰোপৰি সৰ্বোদয় সমিতি,খলিহা মাৰি বৈষ্ণৱ নামঘৰ কৃষ্টি কেন্দ্ৰ,ডিব্ৰুগড় লেখিকা সমাৰোহ, ৱৰ্কিং অ”মেন হোস্টেলৰ, ডিব্ৰুগড় বিজ্ঞান সমিতি, চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড ছিনিয়ৰ চিটিজেন্সছ কাউন্সিল,নালিয়াপুল শাখা সাহিত্য সভা আদি বিভিন্ন ইন্দু প্ৰভা বৰঠাকুৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।