ৰঙিলী বাৰ্ত্তাসেৱা- সংগীত শিল্পী তথা সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ লগত বহুবোৰ চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা সহযোগী শিল্পী গুৱাহাটীৰ অঞ্জুদেৱীলৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা চেলেংহাটৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে সুধাকন্ঠৰ মৃত্যু দিনটোক আস্থাৰ দিন ৰূপে পালন কৰি অহা লগতে প্ৰতিবছৰে এই অনুষ্ঠানটোৱে ভূপেন্দ্ৰ সংগীতৰ একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে। এইবছৰ এই বঁটা লাভ কৰিছে ভূপেন্দ্ৰ সংগীতৰ নিৰলস সাধনা কৰি অহা তথা সুধাকন্ঠৰ লগত একেলগে কেইবাটাও চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা বিশিষ্ট সংগীত শিল্পী তথা সুললিত কন্ঠৰ গৰাকী অঞ্জুদেৱীলৈ। উল্লেখ্য যে অঞ্জু দেৱীয়ে সুধা কন্ঠৰ সৈতে “বন জুই বনতহে জ্বলে…”, “এন্ধাৰ কাটি নিশাতে…”, আদিৰ দৰে চিৰসেউজ গীতত সহযোগী শিল্পী হিচাপে কন্ঠ নিগৰাইছিল। অঞ্জুদেৱীয়ে ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা “বনসংহ”বোলছবিত কন্ঠ নিগৰোৱা “নিজকে দেখি আজিকালি…” শীৰ্ষক গীতটি ৭০ দশকৰ এটি জনপ্ৰিয় গীত আছিল।আনহাতে, অহা ৫ নৱেম্বৰত চেলেংহাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সুধাকন্ঠৰ মৃত্যুৰ দিনটোত উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আয়োজন কৰা আস্থাৰ দিনৰ অনুষ্ঠানত শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।