বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ মৃত্যুত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ

Pc the Janambhumi

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ মৃত্যুত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।এক শোকবিবৃতিত সভাপতি বৰাই কয়,’নীলপৱন বৰুৱাদেৱ আছিল অসমীয়া চিত্ৰশিল্প জগতখনৰ এগৰাকী মহীৰূহ। ৰং-তুলিকাৰ মাজেৰে তেওঁৰ উন্নতমানৰ সৃষ্টিৰাজিৰে অসমৰ চিত্ৰশিল্পৰ জগতখনক বহুত ওপৰলৈ লৈ যাবলৈ সক্ষম হৈছিল নিৰহংকাৰী শিল্পীগৰাকীয়ে।’