বিশিষ্ট চিকিৎসক কৰ্ণেল আছাদুল্লাৰ পৰিবাৰ আজৰা আচাদৰ মৃত্যু

বিশিষ্ট চিকিৎসক কৰ্ণেল আছাদুল্লাৰ পৰিবাৰ আজৰা আচাদৰ মৃত্যু

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড়ৰ মলখুবছা নতুন গাঁৱৰ সমন্বয় পথ নিবাসী কৰ্ণেল ডাক্তৰ আচাদ উল্লাৰ(হেনৰী) পৰিবাৰ আজৰা আচাদ ৭৯ বছৰ বয়সত ৫ নবেম্বৰত মৃত্যুমুখত পৰে। এগৰাকী সহজ-সৰল ধৰ্মপ্ৰাণা মহিলা হিচাপে পৰিচিত আজৰা আচাদৰ স্বামী কৰ্ণেল ডাক্তৰ আছাদ উল্লা ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ এগৰাকী আজীৱন সদস্য তথা ডিব্ৰুগড়ৰ নালিয়াপুলত থকা পি এম চি এফৰ এগৰাকী নিয়মীয়া চিকিৎসক তথা বিষয়ববীয়া। তেখেতৰ পৰিবাৰৰ মৃত্যুত ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰহৈ সভাপতি ডা০ আহমেদউল্লা খান আৰু সম্পাদক এম হাছিম আলীৰ লগতে নতুন গাঁৱৰ মছজিদ জামাতৰ সমূহ সদস্যই দুখ প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত স্বামীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কণ্যা আৰু নাতি নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। তেওঁৰ জানাজা আমোলাপট্টি কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ।