বিশালৰ পিছত এইবাৰ আৰক্ষীৰ জালত ৰঞ্জিত কাকতি
ৰঙিলী বাৰ্ত্তাসেৱা- কোটি কোটি টকাৰ বিশাল সম্পত্তি গঢ়ি বিলাসী জীৱন কটোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা পিছতে সৰ্বসাধাৰণ জনতাত লুণ্ঠন চলোৱা অভিযোগত ডিব্ৰুগড়ত আন এজন লোকক আটক কৰিছে আৰক্ষীয়ে । ধৃত লোকজন ডিব্ৰুগড় জিলাৰ জীৱন ফুকন নগৰৰ ৰঞ্জিত কাকতি বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, ৰঞ্জিত কাকতিয়ে Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহুলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে ৷ ৰঞ্জিত কাকতিৰ অধীনত লাখৰো অধিক লোক আছে ৰাজ্যত। ৰঞ্জিত কাকতিৰ আনুমানিক লেনদেন প্ৰায় ১২০০ কোটি টকা। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰঞ্জিত কাকতিৰ ডাউন লাইনত আছে এক লাখৰো অধিক লোক। উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ লোকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ লাভ কৰাৰ পাচতেই সৰৱ হৈ পৰিছিল অসম আৰক্ষী ৷ ইয়াৰ পাচতেই আৰক্ষীয়ে অভিযান চলাই DB stockৰ নামত দীপাংকৰ বৰ্মনে বিপুল পৰিমাণৰ টকা লুণ্ঠন কৰি পলায়ন কৰাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পাচত সোমবাৰে আৰক্ষীয়ে ডিব্ৰুগড়ত অভিযান চলাই বিশাল ফুকন নামৰ আন এটা অভিযুক্তক আটক কৰে ৷ এই সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগত ৰাইজক এইসকল প্ৰৱঞ্চকৰ জালত ভৰি নিদিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাচতেই অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী ৷