বিলাসীপাৰাত প্ৰচণ্ড ধুমুহা বতাহত প্ৰাণ গল আন এগৰাকী ছাত্ৰৰ

বিলাসীপাৰাত প্ৰচণ্ড ধুমুহা বতাহত প্ৰাণ গল আন এগৰাকী ছাত্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিলাসীপাৰাত প্ৰচণ্ড ধুমুহাৰ ফলত পথতে বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই অনা এখন টেম্পো। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈ শংকৰদেৱ শিশু- বিদ্যা নিকেতনৰ এজন কণমানি ছাত্ৰৰ। মাতৃৰ সৈতে বিদ্যালয়লৈ গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈ ছাত্ৰজনৰ। মৃত ছাত্ৰজন প্ৰথম শ্ৰেণীৰ শুভংকৰ বৰ্মন। দুৰ্ঘটনাত আহত হৈ আন চাৰিজন শিক্ষাৰ্থীৰ লগতে শুভংকৰ বৰ্মনৰ মাতৃও। মাতৃৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত শুভংকৰ বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ জমদুৱাৰ গাঁৱত বুলি জানিব পৰা গৈছে। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।