বিপ্লৱী কবি অমূল্য বৰুৱাৰ জন্মদিন উদযাপন কৰে ডি ৱাই এফ আই

বিপ্লৱী কবি অমূল্য বৰুৱাৰ জন্মদিন উদযাপন কৰে ডি ৱাই এফ আই

ৰঙিলী বাৰ্ত্তাসেৱা-  বিপ্লৱী কবি অমুল্য বৰুৱাৰ জন্মদিন পালন কৰিলে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)-এ। কবি অমূল্য বৰুৱাৰ জন্মদিনে শতবৰ্ষ পূৰ্ণ কৰা দিনটোতে আলোচনা সভাৰ মাজেৰে ডি ৱাই এফ আইয়ে পালন কৰে। আলোচনা সভাত বিশিষ্ট কবি, সাহিত্যিক সমীন্দ্ৰ হুজুৰিয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰে। লিন্টন শইকীয়াৰ সঞ্চালনাত সভা আৰম্ভ হয়। সভাৰ আঁ‌ত ধৰে ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে। অনুষ্ঠানৰ আৰম্ভণিতে মীনাক্ষি বড়োৱে অমূল্য বৰুৱাৰ কয়লা কবিতাটো আবৃত্তি কৰে।কবি সাহিত্যিক সমীন্দ্ৰ হুজুৰিয়ে আলোচনা কৰি কয় যে কবি অমূল্য বৰুৱাই কবিতাৰ মাজেৰে আধুনিক কবিতাৰ এক নতুন ধাৰা সৃষ্টি কৰিলৈ সক্ষম হয়। প্ৰচলিত ৰোমান্টিক ধাৰৰ পৰিৱৰ্তে সমাজ আৰু জীৱনমুখী ধাৰা আৰম্ভ কৰে। অমূল্য বৰুৱাৰ কবিতাৰ ধাৰাই সমগ্ৰ সমাজকে নতুন ধৰণে চিন্তা কৰিবলৈ বাধ্য হয়। সাম্পাদায়িক সংঘৰ্ষত মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যুক সাৱতি লোৱা বৰুৱাই জ্যোতিপ্ৰসাদ আৱৰৱালকো প্ৰভাৱিত কৰিছিল। হুজুৰি আক্ষেপ প্ৰকাশ কৰি কয় যে অমূল্য বৰুৱাৰ বিষয়ে যিধৰণে চৰ্চা হ’ব লাগিছিল সেই ধৰণে চৰ্চা হোৱা নাই। মানুহৰ ওপৰত অগাধ বিশ্বাস থকা অত্যন্ত মেধাৱী বৰুৱাৰ কবিতাই বৃটিছ চৰকাৰৰ তথা সেই সময়ৰ একাংশ উচ্চবিত্ত, ব্যৱসায়ী, আমোলাৰৰ চকুৰ টোপনি হৰণ কৰিছিল। আজিৰ পৰিস্থিতিত অমূল্য বৰুৱাৰ বিষয়ে চৰ্চা অতি প্ৰয়োজন আছে। আলোচনা সভাত ডি ৱাই এফ আইৰ ভালে সংখ্যক সদস্য উপস্থিত থাকে।