আজিৰ সমাজত প্ৰায় সংখ্যক পৰিয়ালতে দেখা যায় এটা বা দুটা সন্তান। যৌথ পৰিয়াল সমাজত কমি গৈছে। একক পৰিয়ালবোৰত দেখা যায় প্রায় সন্তানকে বহুত আদৰ সাদৰকৈ ডাঙৰ-দীঘল কৰে – অত্যধিক মৰম, যত্নত ডাঙৰ হৈ কিছুমান সন্তানে গুৰু-গোসাঁই নমনা হৈ উচ্ছৃংখল জীৱনক আদৰি লয়। সিহঁতৰ প্ৰতিটো অভাৱ সৰুৰে পৰাই অভিভাৱকে পূৰণ কৰিবলৈ যাওঁতে নাভাবে যে ডাঙৰ হ’লে সিহঁতৰ অভাৱ বাঢ়ি গৈ থাকিব আৰু যিকোনো বস্তু বিচাৰিবলৈ ধৰিব। সিহঁতৰ অভাৱ পূৰ্ণ কৰিব নোৱাৰিলে সিহঁতে অভিভাৱকৰ অজানিতে কিছুমান নিষিদ্ধ কৰ্ম কৰিবলৈ লয়। সংগদোষত পৰি বিপথে পৰিচালিত হয়। মদ, ভাং আদি খোৱাৰ উপৰি ড্ৰাগছ লৈ বাটে-ঘাটে উচ্ছৃংখলতাৰ সৃষ্টি কৰে। যাৰ ফলত কুমলীয়া বয়সৰ ল’ৰা-ছোৱালীবোৰৰ ভৱিষ্যৎ অন্ধকাৰ হ’বলৈ ধৰে। পিতৃ-মাতৃয়ে সেই সন্তানৰ জীৱনক লৈ দুঃশ্চিন্তাত পৰিবলগীয়া হয়। কিন্তু আমি পৰিবলগীয়া হয়। কিন্তু আমি অভিভাৱকবোৰে হতাশ নহৈ অতি ধৈর্যসহকাৰে সেইসকল সন্তানক সৎপথলৈ ঘূৰাই আনি শৃংখলিত জীৱন এটি দান কৰিব পাৰো। প্ৰতিজন অভিভাৱক তথা সমাজৰ প্রত্যেকজন ব্যক্তিয়ে যদি সহায় সহযোগিতাৰে উঠি অহা বিপথে যাব ধৰা আজিৰ প্ৰজন্মক সুশৃংখলিত জীৱন-যাপন কৰিবলৈ উৎসাহ দিয়ে তেন্তে সমাজৰ পৰা অপ্রীতিকৰ ঘটনাবোৰ ঘটাৰ ভয় নাথাকিব।
প্রথমে আমি বিপথে যাব ধৰা সন্তানবোৰৰ লগত মুকলিমুৰীয়াকৈ আলোচনা কৰি তেওঁলোকৰ সমস্যাবোৰৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগে। কঠোৰ ব্যৱহাৰ কৰিলে হিতে বিপৰীতহে হ’ব। তেওঁলোকৰ দোষবোৰ মৰমেৰে আঙুলিয়াই দি তাৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগে। ড্ৰাগছ লোৱা ল’ৰা-ছোৱালীবিলাকক সুচিকিৎসা কৰি মানসিক সাহস দি সৎপথলৈ ঘূৰাই আনিব পাৰি আৰু আৰোগ্য কৰিব পাৰি। তাৰ উপৰি সিহঁতক সামাজিক কৰ্মৰাজিৰ লগত পৰিচয় কৰি দি খেলা-ধূলা, নৃত্য-গীত, গঠনমূলক কিছুমান কাম কৰিব দিলে সন্তান বিপথে যোৱাৰ ভয় নাথাকে। সৰুৰে পৰাই সিহঁতক ঘৰুৱা দায়িত্ব কিছুমান দিলে সিহঁতৰ মাজত আত্মবিশ্বাস বাঢ়িব আৰু ঘৰখনৰ সমস্যাবোৰৰ বিষয়েও সিহঁতক অৱগত কৰিব লাগে। পৰাপক্ষত অভাৱ কি সেইটোও অনুভৱ কৰিব দিলে সিহঁতে জীৱনত সকলো বিচৰা বস্তু সহজতে প্রাপ্ত নহয় তাক জানিব পাৰিব।
সৰুৰ পৰাই সন্তানক প্রকৃতি তথা ভাল ভাল কিতাপ, মহৎ লোকৰ জীৱনী আদি পঢ়াৰ অভ্যাস কৰিব লাগে। সন্তানে যাতে কোনো কাৰণেতে মিছাৰ আশ্ৰয় নলয়, পিতৃ মাতৃৰ লগত যাতে প্ৰতিটো সমস্যা খোলোচাকৈ আলোচনা কৰিব পাৰে তাৰ বাবে অভিভাৱক সচেতন হ’ব লাগিব। সন্তানে কৈশোৰকালত সমনীয়াৰ লগত আলোচনা কৰে প্রাকৃতিক সলনিবোৰৰ বিষয়ে আৰু কিছুমান নিষিদ্ধ কৰ্ম কৰিবলৈ লয় নিজৰ অজ্ঞাতে। লুকাই-চুৰকৈ নিষিদ্ধ দৃশ্যও উপভোগ কৰি লাহে লাহে বিপথে যাব ধৰে। এই কৈশোৰ, যৌৱনকালটোত পিতৃ-মাতৃয়ে সন্তানক প্ৰতিটো ক্ষেত্ৰতে চকু দিয়াটো বাঞ্ছনীয় আৰু সিহঁতক নিসংগ কৰিব নালাগে। মৰমেৰে বুজাই দিব লাগে যে মানুহৰ জীৱনত এইবোৰ সলনি আহে, এইবোৰ প্ৰাকৃতিক – ইয়াত ভয় খাবলগীয়া একো নাই। লগতে সজ কামত সিহঁতক ব্যস্ত ৰাখিব লাগে।
ওচৰ-চুবুৰীয়া হওক বা আপোন মানুহে হওক আজিৰ সন্তানৰ কিছুমান বদস্বভাৱ দেখা পালে বা ৰাস্তাই-ঘাটে উচ্ছৃংখলতা চকুত পৰিলে সেইবোৰৰ বিৰুদ্ধাচৰণ কৰি সিহঁতক বুজনি দিয়াৰ লগতে অভিভাৱকক অৱগত কৰিব লাগে। অভিভাৱকেও কথাবোৰৰ যুক্তিযুক্ততা বিচাৰ কৰি ধৈৰ্যসহকাৰে বিচাৰ কৰাটো উচিত।
যিকোনো সমাজিক অনুষ্ঠানবোৰৰ এইক্ষেত্ৰত দায়িত্ববোধ থকাটো উচিত। ঠায়ে ঠায়ে ড্ৰাগছ বা অন্যান্য মাদক ব্যৱহাৰৰ ফলত হ’ব পৰা ভয়াবহ সমস্যাবোৰৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিলে যুৱ-প্ৰজন্মই এক গঠনমূলক শিক্ষা পোৱাৰ লগতে তেওঁলোকৰ মনত সচেতনতা বাঢ়িব।
শেষত ইয়াকে কওঁ – আজিৰ শিশু কাইলৈৰ নাগৰিক। তেওঁলোকক উপযুক্তভাৱে গঢ় দিয়াটো অভিভাৱক তথা সমাজৰ প্ৰতিজন প্রাপ্তবয়স্ক লোকৰে কৰ্তব্য। সুস্থ নাগৰিকেহে গঢ় দিব পাৰে এখন সুস্থ সমাজ।
কল্পনা দত্ত
ফোন: ১৭০৬৮-০৬৬৪৭