বিনন্দ কুমাৰ শইকীয়া সত্যব্রত কলিতাৰ দলত্যাগ 

বিনন্দ কুমাৰ শইকীয়া সত্যব্রত কলিতাৰ দলত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিৰ পৰা পদত্যাগ কৰিলে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। অৱশ্যে কেৱল আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলেও বিগত বিধানসভা নির্বাচনত টিকটবঞ্চিত হৈ দলটোৰ সকলোধৰণৰ সাংগঠনিক কাম-কাজৰ পৰা দূৰত্বত অৱস্থান কৰি আহিছিল প্রাক্তন বিধায়কগৰাকীয়ে। ছিপাঝাৰত এখন সংবাদ মেল সম্বোধন কৰি পদত্যাগৰ কথা ঘোষণা কৰে বিনন্দ কুমাৰ শইকীয়াই। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ২০১৫ চনত একেলগে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি ২০১৬ চনত বিধানসভা নিৰ্বাচনত পদুম ফুলৰ প্ৰতীকত বিধায়ক নির্বাচিত হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বে ২০০৬ আৰু ২০১১ৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হৈছিল বিনন্দ কুমাৰ শইকীয়া। কিন্তু ২০২১ চনত দলৰ টিকটৰ পৰা বঞ্চিত হোৱা বিনন্দ কুমাৰ শইকীয়া একপ্ৰকাৰ দলীয় কাম-কাজত নিষ্ক্রিয় হৈ আছিল। পদত্যাগৰ কথা ঘোষণা কৰি বিনন্দ কুমাৰ শইকীয়াই অভিযোগ কৰে যে তেওঁ এজন সক্ৰিয় ৰাজনৈতিক ব্যক্তি হিচাপে নিষ্ক্রিয় হৈ থাকিব নোৱাৰে। বিজেপিত থাকি গৰু মাংস, গাহৰি মাংসৰ ৰাজনীতি কৰাটো সম্ভৱ নহয়। সদ্যহতে কোন দলত যোগদান কৰিব সেই কথা প্রকাশ নকৰিলেও বিনন্দ কুমাৰ শইকীয়াই পুনৰ কংগ্ৰেছলৈ উভতি যোৱাটো প্রায় নিশ্চিত হৈছে। ইফালে বিনন্দ কুমাৰ শইকীয়াৰ পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্ৰকাশ কৰি কয়- যিসকলে বিজেপি ত্যাগ কৰিছে, বিগত ৫ বছৰত দলৰ কোনখন সভাত তেওঁলোকক প্রত্যক্ষ কৰিছে? তেওঁলোকে লোকসভা নির্বাচনতো কংগ্রেছক সমর্থন কৰিছিল, বিধানসভা নির্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। যিসকলে কংগ্ৰেছক পিছফালৰ পৰা সমৰ্থন কৰি আছিল, তেওঁলোকে এতিয়া সম্মুখলৈ ওলাই আহিছে। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিৰ পৰা পদত্যাগ এটা টান শব্দ। কিয়নো বিজেপিৰ কোনো সভাতেই তেওঁলোকক কোনেও দেখা নাছিল। ২০২১ চনৰ পিছত বিজেপিৰ লগত তেওঁলোকৰ কোনো সম্পর্ক নাছিল আৰু মোৰ সন্দেহ হয় যে তেওঁলোকে বিজেপিত প্রাথমিক সদস্য পদ নৱীকৰণ যে কৰিছে। বিনন্দ কুমাৰ শইকীয়াৰ লগতে অগপ ত্যাগ কৰিলে প্রাক্তন বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক সত্যব্রত কলিতাই। দলীয় নেতৃত্বৰ প্ৰতি বিষোদ্গাৰ প্ৰকাশ কৰি অগপৰ প্ৰাথমিক সদস্য পদৰ লগতে সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে সত্যব্রত কলিতাই। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি প্রেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি সত্যব্রত কলিতাই কয়- আজি মোৰ প্ৰাণৰ অগপ দলটো ত্যাগ কৰিবলৈ নেতৃত্বই বাধ্য কৰোৱালে। অগপক শক্তিশালী কৰিবলৈ বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। কমলপুৰ সমষ্টিত অগপৰ দলীয় স্থিতি আজিও শক্তিশালী। দলটোৰ লগত সংঘাতৰ সূত্রপাত হৈছিল যেতিয়া মই ‘কা’ৰ বিৰোধিতা কৰিছিলোঁ। এই ‘কা’ আইন গৃহীত কৰিবলৈ সংসদত হোৱা ভোটগ্রহণক অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ‘কা’ৰ হকে ভোটদান কৰিছিল। দৰাচলতে অগপৰ আঞ্চলিকতাবাদী আদর্শ ধ্বংস কৰিবলৈ বিজেপি দলে কৰা ষড়যন্ত্ৰত ক’ব নোৱাৰাকৈ অগপ দলৰ সভাপতিগৰাকীয়ে ভৰি দিছে। সম্প্রতি অগপ দলটো বিজেপিৰ এক আঞ্চলিক দিশলৈ তথা ভাতৃ-ভগ্নীৰ সংগঠনলৈহে পর্যবসিত হৈছে। উল্লেখ্য যে কমলপুৰ সমষ্টিৰ অগপ দলৰ সভাপতি নাজিম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত কমলপুৰ সমষ্টিৰ অগপ দলটোৰ সকলো ভাতৃ-ভগ্নী সংগঠনসমূহেও সমূহীয়াভাৱে পদত্যাগ কৰে। তদুপৰি পদত্যাগী অগপ কর্মীসকলে একগোট হৈ কাম কৰিবলৈ কমলপুৰ সুৰক্ষা পৰিষদ হিচাপে এটা নতুন সংগঠনৰ জন্ম দিয়ে। জানিব পৰা মতে, সত্যব্রত কলিতাই অচিৰেই অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা আছে।