মন কথা
বিদ্যা দদাতি বিনয়ম
জ্যোতি খাটনিয়াৰ
জীয়াই থাকিবৰ বাবে বিবিধ বিদ্যাৰ প্ৰয়োজন। এই বিদ্যাৰ পৰিসৰ অতি বিশাল। সাধাৰণতে মনপুতি পঢ়া কামটোকে বিদ্যা অৰ্জনৰ সৈতে জড়িত কৰা হয়। কিন্তু এয়া অতি সীমিত অৰ্থত ব্যৱহাৰ হোৱা এটা কথা। ” পঢ়ে পঢ়ায় ৰোৱে পান / এই তিনি নিচিন্তে আন”। নিজে পঢ়া শুনা কৰি কোনো কথা শিকা, আনক শিকোৱা আৰু কাম কাজ কৰি উপাৰ্জনৰ বাট মোকলোৱা, জীৱনটো পৰিচালনা কৰা—— বিদ্যাৰ অন্তৰ্গত একো একোটা বিষয় বুলি ক’ব পাৰি। বিদ্যাৰ সৈতে তিনিটা বিষয় স্পষ্টকৈ জড়িত হৈ থাকে। এটা হ’ল জ্ঞান( knowledge) ; দ্বিতীয়টো হ’ল প্ৰজ্ঞা ( wisdom) ; আৰু তৃতীয়টো হল দক্ষতা ( skill). বিদ্যাই অনন্ত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। স্বাভাৱিকতে বিদ্যাৰ সৈতে ক্ষমতাও জড়িত হৈ থাকে। ইংৰাজ লেখক বেকনৰ এটা প্ৰসিদ্ধ উক্তি হল “Knowledge is Power”—– জ্ঞানেই শক্তি । স্বাভাৱিকতে মানৱ ইতিহাসৰ একেবাৰে আদিম পৰ্যায়ত , সকলো কথাৰ আঁৰত এক অতি প্ৰাকৃতিক বা বিশেষ শক্তিৰ কল্পনা কৰা হৈছিল। জ্ঞান অৰ্জনৰ সৈতে দীৰ্ঘদিনীয়া অনুশীলন, ধৈর্য্য, একাগ্ৰতা, চেষ্টা, অধ্বব্যৱসায় —- এই সকলো জড়িত হৈ আছে। আদিম পৰ্যায়ৰ মানৱ মনে এই কথা স্বাভাৱিকতে বুজিছিল যে জ্ঞান বোৱতী সুঁতিৰ দৰে। ভাৰতীয় মনে জ্ঞানৰ অধিষ্ঠাত্ৰীদেৱীৰূপে সৰস্বতীক কৰা কল্পনাৰ আঁৰত সেইবাবে নদীৰ কথাটো জড়িত হৈ আছে। ঋগবেদত সৰস্বতীৰ বিস্তৃত উল্লেখ আছে। প্ৰখ্যাত ভাৰতীয় বিদ্বান কল্যাণ কুমাৰ দাসগুপ্তৰ মতে সৰস্বতী ” কেৱল নদীতমা নহয়, তেওঁ দেৱীতমা , মাতৃশ্ৰেষ্ঠা”। সৰস্বতী নদীৰ পাৰত বৈদিক ঋষি সকলে বেদ পাঠ কৰিছিল। সুক্ত ৰচনা কৰে। ফলত এই নদীখন এদিন হৈ পৰিল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। নদীক দেৱ- দেৱীৰ সৈতে সম্পৰ্কিত কৰা এটা স্তৰত তেওঁ হৈ পৰিল বাক বা বাগদেৱী। কথা বতৰাৰ তেওঁ অধিকাৰিনী দেৱী। সেইকাৰণে তেওঁক বাক দেৱী বা বাগেশ্বৰী বুলি কোৱা হয়। দক্ষিণাত্যৰ ইলোৰাত অষ্টম শতিকাত এটা ভাস্কৰ্য্যত দেৱী সৰস্বতীক নদীৰূপে কল্পনা কৰি ত্ৰিবেণী সংগমৰ কথা কোৱা হৈছে। সনাতন ভাৰতীয় চিন্তাই কুৰুক্ষেত্ৰক পবিত্ৰ ভূমিৰূপে গণ্য কৰে। সংস্কৃত বিদ্বান মম্মতই অলংকাৰ শাস্ত্ৰৰ এখন বিখ্যাত গ্ৰন্থ ‘ কাব্যপ্ৰকাশ’ ত মানুহৰ মনটোক কুৰুক্ষেত্ৰৰ দৰে পৱিত্ৰ বুলি কৈছে। এই কুৰুক্ষেত্ৰৰ আশে পাশে বৈ গৈছে সৰস্বতী নদী যি কুৰুক্ষেত্ৰক পবিত্ৰ কৰি ৰাখিছে। সংস্কৃত বিদ্বানগৰাকীৰ মতে আমাৰ মনৰ কুৰুক্ষেত্ৰৰ মাজেৰে বৈ থকা সৰস্বতীয়ে মনটোক নিৰ্মল কৰি ৰাখিছে। মনৰ লগত যেতিয়া গতি প্ৰবাহৰ ধাৰণাটো সংযোজিত হয়, তেতিয়া এই মনক স্থিৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে। বান্ধিলে মন শিলৰ খুঁটি, এৰিলে মন ঘোঁৰাৰ ছুটি। ভাৰতীয় চিন্তাবিদসকলে সেইবাবে ধ্যান আৰু ধাৰণাৰ কথাটো আনিছে। মনক এটা বিষয়ৰ সৈতে সংযোজিত কৰি তাক স্থিৰ কৰি ৰখা কামটোক ধাৰণা বুলি কোৱা হৈছে। প্ৰাচীন ভাৰতত পঢ়া শুনাৰ সৈতে জড়িত লোক সকলে প্ৰকৃতিৰ গুৰুত্বক বিশেষভাৱে অনুভৱ কৰিছিল। প্ৰবাহিত জলৰাশিত তেওঁলোকে অনন্ত জীৱনৰ সম্ভাৱনা দেখিছিল। নীলমণি ফুকনৰ এটা কবিতাত আমি পাওঁ: ” ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি”। ভাৰতীয় মনে নদীৰ সৈতে সদায়ে পবিত্ৰতা বা নিৰ্মলতাক সংযোজিত কৰিছে। ভাৰতীয় মনে বিচাৰি উলিওৱা এই পবিত্ৰ নদী ( holy streams) কেইখন হল — গংগা, যমুনা, সৰস্বতী, গোদাবৰী, সিন্ধু, আৰু কাবেৰী। ভাৰতীয় নদীৰ প্ৰভাৱ আৰু সেইবোৰৰ সৈতে ভাৰতীয় মনৰ সংযোগক ভাৰতীয় শিল্প আলোচক চি. শিৱৰামমূৰ্তিয়ে এনেদৰে উল্লেখ কৰিছে : ” The influence of the rivers, like that of the great mountains, the Kulaparvatas, has been an abiding one on the Indian mind. His mind leapt with joy, as towards the mother, at the very sight of every one of these holy streams, and it is no wonder that he honoured them by the best of his poetry and his art.” দেৱী সৰস্বতীক শ্ৰদ্ধাসহকাৰে অৱলোকন কৰা বহু উদাহৰণ ভাস্কৰ্য্য, চিত্ৰ শিল্প , কাব্য সাহিত্যত সিঁচৰতি হৈ আছে। সৰস্বতীৰ আজি বৰ্তমান যিটো পূজিত ৰূপ, সেয়া জৈন চিন্তাৰ সৈতে সম্পৰ্কিত বুলিও এটা ধাৰণা আছে। মথুৰাত পোৱা এক সৰস্বতী মূৰ্তিৰ পৰা জৈনসকলৰ সাধনাত দেৱীৰ ভূমিকাৰ বিষয়ে অনুমান কৰিব পাৰি। সৰস্বতীৰ হাতত থকা কিতাপে যদি তেওঁক বিদ্যাৰ অধিষ্ঠাত্ৰী কৰিছে , তেনেহ’লে তেওঁৰ হাতত থকা বীণাই প্ৰমাণ কৰে যে তেওঁ সংগীতৰ সৈতে জড়িত সকলো কথাৰ অধিকাৰিণী। ব্ৰিটিছ মিউজিয়ামত থকা ৰাজস্থানৰ ভাস্কৰ্য্যটোত দেৱীক ত্ৰিভংগ ভংগীত দেখা গৈছে। এই দেৱীৰ চাৰিখন হাত । বাংলাদেশৰ জাতীয় মিউজিয়ামত সংৰক্ষিত হৈ থকা সৰস্বতীক বীণা বাদন কৰি থকা অৱস্থাত দেখা গৈছে। তেওঁৰ ওপৰৰ দুখন হাতত আছে অক্ষমালা আৰু কিতাপ। পাদপীঠত আছে হংস। কাষত আছে দুই সহচৰী। নৃত্যশীলা সৰস্বতী দাক্ষিণাত্যৰ শিল্পীসকলৰ এক বিশেষ অৱদান। কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশত এনে সৰস্বতীৰ মূৰ্তি দেখা যায়। ইয়াত সৰস্বতীৰ হাতৰ সংখ্যা ছয়। দেৱীৰ সংগী সকলৰ কোনোৱে বজাইছে মৃদংগ, কোনোৱে কৰতাল। সৰস্বতীৰ লগত ম’হ আৰু সিংহ জড়িত হৈ থকা মূৰ্তিও পোৱা যায়।
প্ৰাচীন ভাৰতীয় চিন্তাত সৰস্বতীক কেৱল বিদ্যাৰ দেৱী কৰি ৰখা হোৱা নাই। তেওঁ অশ্বিনী কুমাৰ দুজনাৰ লগত লগ হৈ চিকিৎসাৰ কামো কৰিছে। আনহাতে সাধাৰণ মানুহৰ মাজত বিশ্বাস আছে যে সৰস্বতী আৰু লক্ষ্মীৰ মাজত প্ৰায়ে কাজিয়া পেচাল লাগি থাকে। ভাৰতীয় আলোচক সকলৰ মতে চতুৰ্থ বা পঞ্চম শতিকাৰ মানৰ পৰা হে এনে এটা ধাৰণা মানুহৰ মাজত গা কৰি উঠে। তেওঁলোকৰ পাৰস্পৰিক বিৰোধিতাৰ প্ৰসংগটো কালিদাসৰ ৰচনাত পোৱা যায়। ৰিগ বেদত সৰস্বতীক সৌভাগ্যশালিনী, নিত্যধনবিশিষ্টা আৰু বন্ধু -বান্ধৱৰ প্ৰতি দয়াশীলা বুলি কোৱা হৈছে।
বৌদ্ধ চিন্তাত সৰস্বতীক বিশেষ স্থান দিয়া হৈছে। দেৱীক পাঁচগৰাকী মহাজ্ঞানী বুদ্ধ ( Five Wisdom Buddhas)ৰ সৈতে সম্পৰ্কিত কৰা হৈছে। বজ্ৰযান বৌদ্ধ চিন্তাৰ সৈতে এই সৰস্বতী সম্পৰ্কিত। এই পাঁচজনা জ্ঞানী বুদ্ধৰ শৰীৰৰ ৰং পাঁচোটা। শ্বেত বা বগা বুদ্ধ, ৰঙা বুদ্ধ, নীলা বুদ্ধ, পীতাভ বা হালধীয়া বুদ্ধ, সেউজীয়া বুদ্ধ। সেই অনুসৰি সৰস্বতীৰ ৰঙো সলনি হৈ থাকে। সৰস্বতীক জ্ঞান, বিশুদ্ধতা, দয়া, প্ৰজ্ঞা ইত্যাদিৰ সৈতে সংলগ্ন কৰি এই বুদ্ধৰ উপাসনা কৰা হয়। বৌদ্ধ উপাসনাত সৰস্বতীৰ সৈতে অৰ্ধ চন্দ্ৰ আৰু ব্ৰহ্মাস্ত্ৰ সংলগ্ন কৰি দিয়া হৈছে। অৰ্ধচন্দ্ৰ বৌদ্ধ উপাসকসকলে এইকাৰণেই দিছে যে প্ৰকৃত জ্ঞান কোমল আৰু শান্ত প্ৰকৃতিৰ হয়। অজ্ঞানতা অন্ধকাৰ নাশি চন্দ্ৰৰ পোহৰৰ দৰে ই মনক শান্ত কৰি তোলে। এই সৰস্বতীৰ ৰূপকল্পনাৰ সৈতে জড়িত হৈ থকা ব্ৰহ্মাস্ত্ৰৰ অৰ্থ হ’ল যে স্বৰ্গীয় জ্ঞান লাভ কৰিব পাৰিলে ব্যক্তি অমিতশক্তিৰ অধিকাৰী হয়। সৰস্বতীৰ সৈতে জড়িত হৈ থকা পাঁচগৰাকী মহাজ্ঞানী বুদ্ধ হ’ল : অমিতাভ বুদ্ধ, অক্ষয়ভাগ্য বুদ্ধ, ৰত্নসম্ভৱ বুদ্ধ, আৰু অমোঘসিদ্ধি বুদ্ধ। মানৱ মনক সকলো ভ্রান্তিৰ পৰা দুৰ কৰি নিৰ্ভুল অৱস্থাত উপনীত কৰিবলৈ আৰু নিজকে শক্তিশালী কৰি অমিত তেজস্বী কৰিবলৈ এই সৰস্বতীৰ কৰুণা আৰু পথ নিৰ্দেশনাৰ মানৱ জীৱনত প্ৰয়োজন হয় বুলি বৌদ্ধ উপাসকসকলে কয়।
জাপানী বৌদ্ধ চিন্তাত সৰস্বতীৰ বাহন আকৌ ড্ৰেগন। সংস্কৃত সাহিত্যৰ ‘ সুবৰ্ণপ্ৰভাসূত্ৰ’ৰ অনুবাদৰ ওপৰত ভিত্তি কৰি জাপানী সকলৰ এই সৰস্বতীৰ ধাৰণা গঢ়ি উঠিছে। তেওঁলোকৰ এইজনা সৰস্বতীৰ নাম বেনজেইটেন। তেওঁ সাতগৰাকী সৌভাগ্যপ্ৰদায়িনী শক্তিৰ এগৰাকী। তেওঁৰ নামত বহুকেইটা জাপানীসকলৰ উপাসনাস্থলী ( Shinto Shrines) আছে। এই দেৱী প্ৰবাহিনী শক্তিৰ সৈতে জড়িত। তেওঁৰ মাজেৰে প্ৰবাহিত হয় অনন্ত জলৰাশি, সংগীত, শিল্প, মৰম – চেনেহ, প্ৰজ্ঞা, সম্পদ আৰু সৌভাগ্য। জাপানীসকলে সৰস্বতী উপাসনাৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰটো হ’ল সংস্কৃতৰ ‘ ওম সৰস্বতেয়ে স্বাহা’ ৰ জাপানী অনুবাদ। এই সৰস্বতী অষ্টভূজা আৰু প্ৰয়োজন হ’লে তেওঁ যুদ্ধ কৰিবলৈও সক্ষম। চীনাসকলে সৰস্বতীক তেওঁলোকৰ ২৪ গৰাকী সুৰক্ষাপ্ৰদায়িনী দেৱীৰ এগৰাকী বুলি কৈছে। ভাৰতৰ পৰা চীনলৈ, চীনৰ পৰা জাপানলৈ, জাপানৰ পৰা টাইৱানলৈ জ্ঞানৰ অধিষ্ঠাত্ৰী এই দেৱী আগুৱাই গৈছে। সৰস্বতীয়ে তেনেদৰে বাহনো সলাইছে। হংসবাহিনী সৰস্বতী, ড্ৰেগনবাহিনী সৰস্বতী মানুহৰ পৰিবৰ্তিত ধাৰণা, পৃথিৱীৰ সকলো সংস্কৃতিতেই জ্ঞানৰ প্ৰতি আকৰ্ষণৰ একো একোটা উদাহৰণ।
ভাৰতীয় চিন্তাই জ্ঞান আৰু শব্দৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ভাৰতীয় চিন্তাৰ বিৰুদ্ধে অভিযোগো আছে। যেনে, দাৰ্শনিক হেগেলে কৈছে যে ভাৰতীয়সকলে চিন্তা কৰিব নোৱাৰে। ভাৰতীয়সকলৰ মাজত যি দাৰ্শনিক চিন্তা হেগেলে দেখিছে, সেয়া একেবাৰে প্ৰাথমিক পৰ্যায়ৰ। আমি যি প্ৰত্যয়ভিত্তিক চিন্তা ( conceptual thinking) ৰ সৈতে পৰিচিত, সেয়া হেগেলৰ দৃষ্টিত ভাৰতীয় চিন্তাত অভাৱ। আজি কোনেও হেগেলৰ এই মতক গ্ৰহণ নকৰে। ন্যায় আৰু সাংখ্য দৰ্শনৰ পৰিচিতিয়ে ভাৰতীয় সকলৰ জ্ঞানৰ প্ৰতি আগ্ৰহ আৰু জগতৰ স্বৰূপ সম্পৰ্কে নিৰৱিচ্ছিন্ন অনুসন্ধানক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় চিন্তাৰ এই দুই অন্বেষণে আমাক দেখুৱাই যে দেৱী সৰস্বতীক জ্ঞান আৰু জিজ্ঞাসাৰ সৈতে জড়িত কৰি ভাৰতীয় চিন্তাই তেওঁক কিয় ইমান মহত্ব প্ৰদান কৰিছে। ন্যায় দৰ্শনত জ্ঞানৰ চাৰিটা উৎসৰ কথা কোৱা হৈছে। এই উৎসক প্ৰমাণ বোলা হয়। এই প্ৰমাণ কেইটা হল প্ৰত্যক্ষ (perception), অনুমান (inference), উপমান (comparison), শব্দ (testimony) । যিকোনো বস্তু বা বিষয়ৰ প্ৰকাশ জ্ঞানৰ মাধ্যমেৰে হয় বুলি কোৱা হৈছে। উদাহৰণ দিয়া হৈছে যে চাকিৰ পোহৰে যেনেকৈ বস্তুবোৰ প্ৰকাশ কৰে, তেনেদৰে জ্ঞানে আমাৰ কাষত বস্তুৰ ৰূপ প্ৰকাশ কৰে। কিন্তু কেতিয়াবা জ্ঞান সঠিক নহবও পাৰে। যেনে, সামান্য ৰছী দেখিয়েই আমি সাপ বুলি ভয় কৰোঁ। বহু দূৰৈত থকা বস্তু এটা গছ নে মানুহ আমি ধৰিব নোৱাৰো। তেতিয়া মনত সংশয়ৰ সৃষ্টি হয়। সেইবাবে যথাৰ্থ আৰু অযথাৰ্থ জ্ঞানৰ মাজত পাৰ্থক্য আমি জানিব লগীয়া হয়। এটা বস্তু আন এটা বস্তুৰূপে যদি আমি দেখো, তেতিয়া মনত ভ্ৰমৰ সৃষ্টি হয়। যেনে, মৰীচিকা। এই সকলোবোৰে মনটোক খেলিমেলিৰ মাজলৈ লৈ যায়। ন্যায় দৰ্শনত শব্দ( testimony)ক এটা স্বতন্ত্ৰ প্ৰমাণ ৰূপে কোৱা হৈছে। শব্দ হ’ল মৌখিক ( verbal) জ্ঞান। ইপিনে আনৰ পৰা শুনা সকলো কথা সত্য নহবও পাৰে। প্ৰশ্ন হয় : সত্য কাৰ লগত থাকে? দাৰ্শনিক লেছিঙে কৈছে সত্য কেৱল ঈশ্বৰৰ লগত থাকে। সত্যৰ অন্বেষণতহে মানুহৰ অধিকাৰ থাকে। এই কথাটো পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱে বিশেষভাৱে উল্লেখ কৰিছিল। ভাৰতীয় চিন্তাত এই ক্ষেত্ৰত দুটা কথা আছে। এটা হল ‘ আপ্ত ‘ ৰ ধাৰণা। যিজন ব্যক্তি জ্ঞানী, বিশ্বাসযোগী, সত্যদৰ্শী, সত্যবাদী আৰু আনক প্ৰবঞ্চনা নকৰে, তেৱে আপ্ত। আপ্তৰ বচনেই শব্দ প্ৰমাণ। কিন্তু মানুহে সত্যত উপনীত হ’বৰ বাবে বা যথাৰ্থৰ জ্ঞান লাভ কৰিবৰ বাবে আপ্ত বাক্যৰ অৰ্থ উপলব্ধি কৰাৰ আৱশ্যক। এইখিনিতে মানুহৰ মনক অধিক প্ৰেৰণাময়ী আৰু নিৰ্ভুল শক্তিৰ প্ৰয়োজন হয়। সেয়া দেৱী সৰস্বতীয়ে পূৰণ কৰিছে। সেইবাবে পাঁচগৰাকী মহাজ্ঞানী বুদ্ধৰ সাধনা কৰি সত্য আৰু নিৰ্ভুল জ্ঞানত উপনীত হবলৈ মানুহক সৰস্বতীৰ প্ৰয়োজন হয় বুলি চীনা চিন্তাত কোৱা হৈছে।
বিদ্যাই আমাক দিয়া মহান শিক্ষাটো হ’ল এয়ে যে বিদ্যাশীল লোক বিনয়ী হ’ব লাগে : বিদ্যা দদাতি বিনয়ম। বিদ্যাই যুক্তি আৰু বিশ্বাস দুয়োটাকে সমানে প্ৰাধান্য দিয়ে। খ্ৰীষ্টিয় ধৰ্ম মত অনুসৰি যেতিয়াই যুক্তি আৰু বিশ্বাসৰ মাজত দ্বন্দ্ব হ’ব , তেতিয়াই বিশ্বাসক আমি পুনৰ নিৰীক্ষণ কৰিব লাগিব।
ভাৰতীয় দাৰ্শনিক জিতেন্দ্ৰনাথ মহান্তিৰ মতে: ” The concept of rationality or reason of a culture really is nothing but the standards or the norms which one applies when one evaluates beliefs. ” ( উৎস: Explorations in Philosophy, OUP, 2001, p. 4) দেৱী সৰস্বতীৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত কৰা ৰূপ কল্পনাই দিয়া দ্বিতীয়টো শিক্ষা হল বিদ্যা জীৱনৰ সকলো স্তৰৰ অভিজ্ঞতাৰ সৈতে জড়িত । ই মানুহক মহৎ পৰ্যায়লৈ লৈ যোৱা এটা বাট। বিদ্যাই মানুহৰ মনত উদাৰতাৰ সৃষ্টি কৰে। এই বিদ্যাৰ পৰিসৰ অতি বিশাল। চাকৰি কৰাও বিদ্যা, খেতি কৰাটোও বিদ্যা, দোকান দিয়াও বিদ্যা, হাজিৰা কৰাও বিদ্যা। বিদ্যাৰ সৈতে গ্ৰীকসকলে আজীৱন শিক্ষাৰ ধাৰণা(lifelong learning)টো সংলগ্ন কৰিছে। অসমীয়া বৈষ্ণৱ চিন্তাই বিদ্যাক মানৱ গুণৰ সৈতে সম্পৰ্কিত কৰিছে। ইয়াত অধম লোকে কেৱল দোষ দেখে বুলি কৈছে আৰু অতি উত্তম লোকে মানুহৰ সাধাৰণ গুণ এটাকো প্ৰসাৰিত কৰি সংসাৰত সুখৰ সৃষ্টি কৰে বুলি কোৱা হৈছে : ” অধমে কেৱল দোষ লয় মধ্যমে গুণ/দোষ লৱে কৰিয়া বিচাৰ |/উত্তমে কেৱল গুণ লয় উত্তমোত্তমে/অল্প গুণ কৰয় বিস্তাৰ।” মহান ভাৰতীয় দাৰ্শনিক আৰু প্ৰচাৰক শংকৰাচাৰ্য্যই সোঁৱৰাই দিছে যে আমাৰ শব্দ পাৰ্থিৱ বস্তু আৰু গুণ বুজাবলৈহে সক্ষম। যি অপাৰ্থিৱ তাক প্ৰকাশ কৰা শক্তি আমাৰ শব্দ বা ভাষাৰ নাই। এয়া নিৰ্গুন ব্ৰহ্ম। শব্দৰে সজাই পৰাই আমাৰ আগত তুলি ধৰা ব্ৰহ্ম সগুণ ব্ৰহ্ম। দেৱী সৰস্বতীৰ উপাসনাই সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ মাজত সাঁকোৰ দৰে কাম কৰিব পাৰে। আমাৰ মনক মায়াৰ দুটা শক্তি ( আৱৰণ আৰু বিক্ষেপ) ৰ সম্পৰ্কে মা সৰস্বতীয়ে সচেতন কৰি তোলে।
ঋগবেদৰ নদী এখনৰ প্ৰৱাহমান জলৰাশিৰ পৰা একবিংশ শতিকাৰ প্ৰযুক্তি নিৰ্ভৰ পৃথিৱীলৈকে দেৱী সৰস্বতীৰ যাত্ৰা দৰাচলতে দেশে দেশে মানুহৰ জ্ঞানৰ প্ৰতি সন্মান আৰু মনৰ অনন্ত কৌতুহলৰ এক কোনেও মুচিব নোৱাৰা প্ৰতীক।