বিদ্যাৰ আৰাধ্যা দেৱী সৰস্বতী
কবিতা শৰ্মা
দিল্লী
দেৱী সৰস্বতী হিন্দু ধৰ্মৰ প্ৰমুখ দেৱী সকলৰ অন্যতম … মাঘ মাহৰ শুক্লা পঞ্চমী (জানুৱাৰী – ফেব্ৰুৱাৰী ) মাহৰ পবিত্ৰ তিথিত এই পূজা কৰা হয়। বসন্ত ঋতুৰ সুআগমনৰ বতৰা অনাৰ বাবে এই পূজাক “ বসন্ত পঞ্চমী ” বুলিও জনা যায়। সাধাৰণতে সকলো শিক্ষানুষ্ঠানত বিদ্যার্থী আৰু শিক্ষক -শিক্ষয়িত্ৰী সকলোৱে অতি মহত্ত্বপূর্ণ আৰু ভক্তি ভাবেৰে এই পূজা বিধি পালন কৰে। কেবল বিদ্যার্থী সকলেই কিয়, প্রতিজন ব্যক্তি — যি বিদ্যা, বুদ্ধি আৰু জ্ঞানৰ পূজাৰী, সাহিত্য আৰু সঙ্গীতৰ অনুৰাগী , কলাৰ ব্ৰতী সেই সকলোৱে ঘৰে ঘৰে সৰস্বতী পূজা কৰে। পূজাৰ দিনা প্রতিমা স্থাপন কৰি, ফলমূল – পৰমান্ন ভোগৰ নৈবদ্য আগবঢ়োৱা হয় । পূজাৰ শেষত প্ৰসাদ বিতৰণ কৰা হয়। লৰা ছোৱালী বিলাকৰ বিদ্যাৰ প্ৰাৰম্ভণি এই দিনটোতে কৰা হয় ।
কথিত আছে যে এই দিনটোতে ব্ৰহ্মাৰ মুখৰ পৰা সৰস্বতীৰ জন্ম হৈছিল … সেই সময়ত পৃথিৱীৰ জলধাৰাত কোলাহল ব্যপ্ত হৈ পৰিছিল, বতাহৰ সো -সোৱনীৰ শব্দত প্ৰকৃতি মুখৰ হৈ পৰিছিল ৷ নিৰস পৃথিৱী ৰসাল হৈ পৰিছিল। দেৱতা সকলে তেতিয়াই শব্দ আৰু ৰসৰ সঞ্চাৰ কৰিব পৰা জ্ঞান,বিদ্যা, সঙ্গীত, সাহিত্য আৰু কলাৰ অধিষ্ঠাত্রী দেৱীৰ ৰূপত — সৰস্বতী নাম দিলে। ইয়াৰ বাহিৰেও শতৰূপা, বীণাপাণি, বাগদেৱী, ভাৰতী, বাণী, কৌশিকী, মহাশ্বেতা, হংসবাহিনী …. আদি শত নামেৰে সৰস্বতী দেৱীক জনা যায়।
সৰস্বতী দেৱীক সদায় এগৰাকী শুভ্রবসনা লাৱণ্যময়ী শান্ত সৌম্য নাৰীৰ ৰূপত চিত্ৰিত কৰা হয়। দেৱীৰ আসন — শ্বেত কমল, বাহন — শ্বেত ৰাজহংস। দেৱীয়ে ছাৰি হাতত — বেদ-পুস্তক, স্ফটিকৰ মালা, বীণা আৰু কমণ্ডলু ধাৰণ কৰে।
সৰস্বতীৰ শুভ্ৰ ৰং পবিত্ৰতা আৰু শান্তিৰ প্রতীক। শিক্ষা প্রাপ্তিৰ বাবে পবিত্রতা সকলোতকৈ প্রয়োজনীয়। পবিত্ৰতাৰ পৰা শ্ৰদ্ধা আৰু একাগ্ৰতাৰ জন্ম হয়। শিক্ষাৰ পৰা জ্ঞান প্ৰাপ্তি হয় । জ্ঞানৰ দ্বাৰা শুদ্ধ অশুদ্ধৰ পৰিচয় হয়। সেয়াই বিবেক। অর্থাত সৰস্বতীৰ উপাসক সকল মন ধ্যান আৰু কৰ্মৰে শুদ্ধ হোৱা উচিত।
সৰস্বতীৰ বাহন ৰাজহংস — হংস এটা বিশেষ গুণৰ অধিকাৰী — ই তাৰ ঠোটেৰে গাখীৰ আৰু পানীৰ মিশ্ৰনৰ পৰা গাখীৰ পৃথক কৰিব পাৰে। ঠিক তেনেকৈয়ে সৰস্বতীক আৰাধনা কৰি আহৰণ কৰা জ্ঞানৰ দ্বাৰা আমি শুদ্ধ-অশুদ্ধ, ভাল – বেয়া, মূল্যবান মূল্যহীনৰ অন্তৰ বুজিব পাৰোঁ, যি আমাক শুদ্ধ পথেৰে অগ্ৰসৰ হবলৈ প্ৰেৰিত কৰে।
সৰস্বতী শ্বেত পদ্মাসনত বিৰাজমান – যেনেকৈ পদুম ফুল বোকাত থাকিও পঙ্কিল নহয় .. ইয়াৰ আশে পাশে থকা পৰিবেশৰ সৈতে অলিপ্ত, বোকাত থাকিও যেনেদৰে ভ্ৰষ্ট নহয়, ঠিক সেইদৰে সৰস্বতীৰ উপাসক সকল ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হৈ থকা উচিত।
সৰস্বতীৰ হাতত থকা বেদ হ’ল — বিদ্যা, জ্ঞান, জিজ্ঞাসা আৰু সাহিত্যৰ প্ৰতীক। বিদ্যাৰ পৰা জ্ঞান আহৰণ হয়, জ্ঞানে শুদ্ধ-অশুদ্ধৰ বিচাৰ দিয়ে আৰু আমাৰ চিত্তবৃত্তি পৰিস্কাৰ কৰে। সাহিত্যই নিৰস জীৱনকো ৰসাল কৰি তোলে৷
সৰস্বতীৰ হাতৰ স্ফটিকৰ মালা ধাৰি একাগ্ৰতা, ধ্যান আৰু চিন্তনৰ প্ৰতীক। অকলশৰীয়া স্ফটিকতকৈ মালাৰ সৌন্দৰ্য্য অধিক। মালাধাৰিৰ দৰেই সৰস্বতীৰ উপাসক সকলেও একেদাল সুত্ৰৰ বন্ধনত থাকি কাম কৰা প্ৰয়োজন । বিদ্বানসকলৰ এনে শক্তিয়ে যিকোনো মহান কাৰ্য্য সুসাধ্য কৰি তোলে।
বীণা হ’ল সঙ্গীত আৰু কলাৰ প্ৰতীক। সংগীত আৰু কলাই মানুহৰ কঠোৰ হৃদয়ৰো পৰিবৰ্তন কৰি জীৱনত ৰসৰ সঞ্চাৰ কৰে। সৰস্বতীৰ হাতৰ বীণাই ইয়াকে সূচায়।
কমণ্ডলু — শুদ্ধিকৰণ শক্তিৰ প্ৰতীক।
সৰস্বতী দেৱীৰ এই স্বৰূপ এটি সুন্দৰ বন্দনাৰে ব্যক্ত কৰা হয়–
যা কুন্দেন্দু তুষাৰ হাৰ ধবলা, যা শুভ্র বস্ত্রাবৃতা।
যা বীণা বৰদণ্ড মণ্ডিত কৰা, যা শ্বেত পদ্মাসনা ।।
যা ব্ৰহ্মাচ্যুত শঙ্কৰা প্ৰভৃতিৰ্ভিঃ,দেবৈ সদা বন্দিতা।
সামাম্ পাতু সৰস্বতী ভগৱতী,নিঃশেষ জাড়্যাপহা ৷৷
অৰ্থাত — বিদ্যাৰ দেৱী সৰস্বতী শুভ্র পুষ্প, চন্দ্ৰমা, তুষাৰ আৰু স্ফটিকৰ দৰে শ্বেত বৰণৰ, যি শ্বেত বস্ত্ৰ ধাৰণ কৰে, যাৰ হাত বীণাৰে শোভিত, যি শ্বেত কমলত আসন গ্ৰহণ কৰে, যি স্বয়ং ব্রহ্মা, বিষ্ণু, মহেশ্বৰৰ দ্বাৰা পূজিত, সম্পূৰ্ণ জড়তা আৰু অজ্ঞান দূৰ কৰি যা সৰস্বতী দেৱী আমাক ৰক্ষা কৰিবা …
ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰ, যি ক্ৰমে স্ৰজন, পালন আৰু সংহাৰৰ প্ৰতীক সেই ত্ৰিদেৱেও সৰস্বতী দেৱীক আৰাধনা কৰে। কাৰণ বিনা ভাবেৰে জন, বিনা জ্ঞানেৰে পালন আৰু বুদ্ধিহীন সংহাৰে, অনৰ্থ ঘটাব পাৰে এই সকলো কাৰ্য্যৰ বাবে ভাব জ্ঞান আৰু বুদ্ধিৰ প্রয়োজন। সেয়েহে যিকোনো মহান কাৰ্য্যৰ আৰম্ভণিতে আমি সকলোৱে সৰস্বতীক বন্দনা কৰা উচিত।
সৰস্বতী নিত্য যৌৱনা জীৱনদায়িনী মাতৃৰ সমান । সৰস্বতীয়ে আমাৰ জীৱনৰ জড়তা দূৰ কৰে। সৰস্বতীৰ কৃপা দৃষ্টিয়ে জড়মতিকো জ্ঞানী আৰু বিদ্বান কৰি তুলিব পাৰে। ফুলৰ সুগন্ধ যিদৰে সহজে বিয়পি পৰি আনন্দ প্ৰদান কৰে, ঠিক তেনেদৰে জ্ঞানৰ সুগন্ধও দূৰ দূৰলৈ বিস্তৃত হৈ শান্তি প্ৰদান কৰে …গছৰ পাতত পৰি থকা নিয়ৰ বিন্দুৱে যিদৰে মুকুতাৰ ৰূপ ধাৰণ কৰি গছৰ সৌন্দৰ্য্য বঢ়াই, ঠিক তেনেদৰে সৰস্বতীৰ প্ৰকৃত উপাসকৰ অস্তিত্বই সংসাৰ ৰূপী গছৰ শোভা বৰ্দ্ধন কৰে …
অৰ্থৰ ধনী জনে পথভ্রষ্ট হৈ ভোগতহে আনন্দ বিচাৰি ফুৰে, কিন্তু বিদ্বান ব্যক্তিয়ে প্রজ্ঞা,সাহিত্য সৃষ্টি আৰু সঙ্গীত কলাৰ আস্বাদনেৰে সহজে নিসর্গ দর্শন প্রাপ্ত কৰে। সৰস্বতীৰ প্ৰকৃত উপাসকে নিষ্ঠা সহকাৰে নিৰন্তৰ জ্ঞান আহৰণৰ সাধনাতহে ব্ৰতী হৈ থাকে।
সৰস্বতীৰ মন্দিৰত কলা থাকিব লাগে — কলাৰ নামত বিলাসিতা নহয় , বিদ্যা থাকিব লাগে কিন্তু বিদ্যাৰ নামত বেচা-কিনা নহয়, প্রেম থাকিব লাগে কিন্তু মোহ নহয়, দিব্যতা থাকিব লাগে কিন্তু উন্মত্ততা নহয়, নম্রতা থাকিব লাগে কিন্তু বিৱশতা নহয় … সৰস্বতীৰ মন্দিৰত প্ৰাণৰ প্ৰস্ফুৰণ হব লাগে কিন্তু নিৰাশাৰ নিশ্বাস নহয় …
আমাৰ অসমতো অতি উলহ মালহ আৰু আড়ম্বৰপূৰ্ণ ভাবে সৰস্বতী পূজা পতা হয়। কিন্তু জাকজমকতা আৰু আড়ম্বৰতাই যাতে পূজাৰ আৰৰ আধ্যাত্মিকতা ম্লান কৰিব নোৱাৰে তাৰো লক্ষ্য আমি ৰখা উচিত। সাজ পোচাকৰ ক্ষেত্ৰতো ছাত্রছাত্রী সকলে নিজৰ শালীনতা বজাই ৰখা উচিত। সৰস্বতী পূজাৰ দিনা আজিকালি ঠায়ে ঠায়ে সৌন্দর্য প্রতিযোগিতাও পতা দেখা যায়। যদিও সৰস্বতী পূজাৰ আধ্যাত্মিকতাৰ সৈতে দৈহিক সৌন্দৰ্যৰ কোনো সম্পর্ক নাই।
সময়ৰ লগে লগে সকলো ক্ষেত্রতে কিছু পৰিবৰ্তন হোৱাতো স্বাভাবিক কথা, কিন্তু আমি আমাৰ সভ্যতা আৰু সংস্কৃতি কেতিয়াও পাহৰি যোৱা উচিত নহয়।