বিদ্যালয়ৰ একত্ৰীকৰণ আৰু মাতৃভাষাবিৰোধী স্থিতি: অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যজোৰা তীব্ৰ প্ৰতিবাদ-ধৰ্ণা

বিদ্যালয়ৰ একত্ৰীকৰণ আৰু মাতৃভাষাবিৰোধী স্থিতি: অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যজোৰা তীব্ৰ প্ৰতিবাদ-ধৰ্ণা

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয়ৰ একত্ৰীকৰণ কৰা আৰু মাতৃভাষাবিৰোধী অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যুজুৰি তীব্ৰ প্ৰতিবাদ অসম তৃণমূল কংগ্ৰেছৰ। দুদিনীয়াকৈ হ’বলগীয়া এই ধৰ্ণা-প্ৰতিবাদ কাৰ্যসূচীৰ আজি প্ৰথমদিনা মঙলবাৰে ৰাজ্যখনৰ কেইবাখনো জিলাত অসম তৃণমূল কংগ্ৰেছৰ জিলা সভাপতিসহ বিষয়বীয়াসকলে স্থানীয় ৰাইজক লগত লৈ অসম চৰকাৰে শেহতীয়াকৈ একত্ৰীকৰণৰ দোহাই দি সম্পূৰ্ণৰূপে বন্ধ কৰা বিদ্যালয়সমূহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বেনাৰ আৰু হাতে হাতে প্লেকাৰ্ড লৈ ‘একত্ৰীকৰণৰ নামত স্কুলসমূহ বন্ধৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক’, ‘বিদ্যালয়সমূহৰ আন্ত:গাঁথনি আৰু শৈক্ষিক মান উন্নত কৰক’, ‘মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্ত বাতিল কৰক’, ‘অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ’ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অসম তৃণমূল কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত উক্ত বিদ্যালয়ৰ চৌপাশৰ ৰাইজে স্বত:স্ফূৰ্ত অংশগ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষাবিৰোধী টোগলকী কাণ্ডৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷’একোখন বিদ্যালয় স্থাপনৰ আঁৰত এটা অঞ্চলৰ ৰাইজৰ স্বত:স্ফূৰ্ত আবেগ জড়িত হৈ থাকে। গাঁঠিৰ ধন ভাঙি, মূৰৰ ঘাম মাটিত পেলাই একোখন বিদ্যালয়ৰ জন্ম দিয়া হয়। সময়ত চৰকাৰৰ নিৰ্দিষ্ট নিয়মৰ জৰিয়তে প্ৰাদেশীকিকৰণ হয়। তেতিয়া ইয়াৰ দায়িত্ব চৰকাৰৰ হাতত ন্যস্ত হয়। কিন্তু চৰকাৰে সঠিক সময়ত নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰাৰ ফলত সৃষ্টি হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস বা নিম্ন মানৰ ফলাফলৰ দোহাই দি স্বৈৰাচাৰী নীতিৰে বিদ্যালয়সমূহ বন্ধ কৰিছে। বিগত সময়ছোৱাত অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল স্বয়ং আজিৰ মুখ্যমন্ত্ৰীগৰাকী। তেওঁৰ চূড়ান্ত ব্যৰ্থতাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ কি লাগে?,’ প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।আনহাতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিপৰীতে গৈ তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ৰ শিক্ষা ইংৰাজী ভাষাত গ্ৰহণ কৰিবলগাৰ বলপূৰ্বক সিদ্ধান্ত জাপি দি মাতৃভাষাবিৰোধী স্থিতি লোৱাৰ বিৰুদ্ধে বক্তব্য ৰাখে প্ৰতিবাদীসকলে। আনহাতে বিষয়টো অতি গুৰুত্বসহকাৰে লৈ ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ স্বৰূপ উদঙাই দিয়াৰ বাবে অসম তৃণমূল কংগ্ৰেছ দলক প্ৰশংসাৰে ওপোচাই দিয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৰাইজে। অসম চৰকাৰে এই জাতিধ্বংসী সিদ্ধান্তসমূহ বাতিল নকৰা পৰ্যন্ত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যজোৰা প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে৷