বিদ্যালয়ৰ পৰা কণমানি শিক্ষাৰ্থীক অপহৰণৰ চেষ্টা

বিদ্যালয়ৰ পৰা কণমানি শিক্ষাৰ্থীক অপহৰণৰ চেষ্টা

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে গুৱাহাটীৰ মালিগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।বিদ্যালয়ৰ পৰা এটি কন্যা শিশুক অপহৰণৰ অপচেষ্টা এজন লোকৰ। মালিগাঁও নিম্ন প্ৰাইমাৰী বিদ্যালয়ৰ চৌহদত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ চৌহদৰ পৰা কন্যা শিশুটিক অপহৰণৰ চেষ্টা কৰিছিল শুভাংশু কুমাৰ নামৰ এজন লোকে। লোকজনক বিদ্যালয়খনৰ বাহিৰত থকা লোকসকলে কৰায়ত্ত কৰে।জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক আটক কৰে। প্ৰাথমিক তদন্তত লোকজনৰ ঘৰ বিহাৰত আৰু তেওঁ এজন বিএছএফ জোৱান বুলি জানিব পৰা গৈছে। জালুকবাৰী আৰক্ষী থানাৰ প্ৰায় প্ৰায় ১০০ মিটাৰ দূৰত্বত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে, ধৃত শুভাংশু কুমাৰৰ সৈতে এগৰাকী মহিলা জড়িত থকাৰো সন্দেহ কৰা হৈছে।