বিদায়ৰ বিননি
এছ ইছলাম, বৰপেটা
আজি ঘোৰ অমানিশা
হেৰুৱাই পেলাইছোঁ দিশা
তুমি মোৰ প্ৰেম-শিখা
নাপালোঁ তোমাৰ দেখা।
গভীৰ নিস্তব্ধ ৰজনী
তোমাৰ ৰূপৰ জিলিকনি
তুমি ইংগিত দিছিলা মোক
চেনেহ ঢালি দিছিলোঁ তোমাক ।
তুমি হিয়া দিয়া নিয়া
শতবাৰ কৰিছিলা
আজিও বুকুৰ মাজত জ্বলে
তোমাৰ কথা মনত পৰিলে।
ফুটাই ক’ব নোৱাৰি
কঁপি উঠে ওঁঠযুৰি
বিদায়ৰ বিষাদ বেদনা
অনুভৱৰ মৰ্মান্তিক মূৰ্চ্ছনা ।
সু-উজ্বল মোৰ চকুযুৰি
চকুলো নিগৰি নিগৰি
ক’লা ডাঁৱৰে আগুৰি
গৈছোঁ লুতুৰি-পুতুৰি ।