বিজ্ঞান মনস্কতা অন্ধবিশ্বাস আৰু আমি- বৈকুণ্ঠ প্ৰসাদ গোস্বামী

pc- isha Foundation

বিজ্ঞান মনস্কতা অন্ধবিশ্বাস আৰু আমি

হিন্দুধৰ্ম্ম হ’ল আদি সনাতন ধৰ্ম্ম, এই ধৰ্ম্মৰ কোনো নিদ্দিষ্ট প্ৰৱৰ্ত্তক নাই। হিন্দুধৰ্ম্মৰ আৰম্ভণিৰ প্ৰকৃত সময় এতিয়ালৈকে নিৰ্দ্ধাৰণ হোৱা নাই । অলপতে লণ্ডনৰ এটা গৱেষণা প্রতিষ্ঠানে কৃষ্ণৰ জন্মসময় খৃষ্টপূর্ব ৩০০০ বছৰ আৰু ৰামৰ জন্ম সময় খৃষ্টপূর্ব ৫০০০ বছৰ বুলি তথ্য সহকাৰে ঘোষণা কৰিছিলে বর্তমানেও দ্বাৰকা নগৰৰ অৱস্থিতি আৰু সময়ৰ বিষয়ে গৱেষণা চলি আছে । মুঠতে হিন্দু সভ্যতাৰ আৰম্ভণি এতিয়াৰ পৰা কমেও দহ-বাৰ হাজাৰ বছৰ আগতে হৈছিলে । ৰামায়ণৰ ৰছনা পদ্ধতি, বিবৰণী আৰু গাঠনি আদিৰ পৰা ইয়াৰ ৰছনা সময় প্রস্তৰযুগৰ অন্তিম পৰ্য্যায়ৰ বুলি গণ্য কৰিব পাৰি৷

হিন্দু এটা ধৰ্ম নহয়, এটা সমাজ ব্যৱস্থা । যিয়ে সমাজক ধৰি ৰাখে সিয়ে ধৰ্ম। হিন্দুৰ প্ৰধান ধর্ম চাৰিভাগত বিভক্ত- বৈষ্ণৱ, শৈৱ, শাক্ত আৰু গণপতা। যুগ যুগ ধৰি ঋষিমুণি সকলে আধ্যাত্মিক ভাবে গৱেষণা কৰি সু-শৃঙ্খল সমাজ ব্যৱস্থা, সুদৃঢ় সমাজৰ গাঠনি আৰু সুস্বাস্থ্যৰ বাবে বিভিন্ন বিধান ধাৰ্য্য কৰি থৈ গৈছে । এই বিধানবিলাকৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু সমাজ আজিও দহহাজাৰ বছৰীয়া পৰম্পৰাৰে সময় সাপেক্ষে হবলগীয়া সালসলনিৰে সুদৃঢ় ভাবে চলি আছে । বর্তমান গোলকীয় ব্যৱস্থা প্ৰবৰ্তনৰ লগে লগে কিছুমান আন্তর্জাতিক চিন্তাধাৰাৰ বুদ্ধিজীবিয়ে হিন্দুসমাজ ব্যৱস্থাৰ ওপৰত প্ৰশ্নউত্থাপন কৰি হিন্দুসমাজ ব্যৱস্থা সোলোকঢোলোক কৰাৰ প্ৰয়াস কৰা দেখা গৈছে ।

বিজ্ঞানৰ সীমাবদ্ধতা আছে। বিজ্ঞানে সেই বিলাক বস্তুৰ ওপৰতহে ৰায় দিব পাৰে যিবোৰ বস্তু চুব পাৰি, চাব পাৰি বা অনুভৱ কৰিব পাৰি। বিজ্ঞানমনস্ক মানুহে বিশ্বাস কৰক বা নকৰক,এই পৃথিবীত সমান্তৰাল ভাবে তিনিখন জগত চলি আছে- ভৌতিক ( আমি দেখি থকাখন) আধিভৌতিক আৰু আধ্যাত্মিক । আধিভৌতিক আৰু আধ্যাত্মিক জগত দুখন বিজ্ঞানে ঢুকি নাপায় । গুৱাহাটীৰ কলাক্ষেত্ৰত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত আব্দুল কালাম আজাদৰ সৈতে ছাত্ৰৰ এটা প্রশ্নোত্তৰ শিতানত এজন ছাত্রই তেওঁক প্ৰশ্ন কৰিলে যে বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাজত পার্থক্য কি ? উত্তৰত ড° কালামে কৈছিলে যে পৃথিবীৰ বিখ্যাত বৈজ্ঞানিক ভাৱাই আল্পছ্ পৰ্ব্বতত খুন্দামৰাৰ আগলৈকে জনা নাছিলে যে তেওঁৰ মৃত্যু হব, কিন্তু শঙ্কৰদেৱে দুমাহ আগতে ভকতসকলক মাতি আনি কৈছিলে যে “ভকতসকল মোৰ যাবৰ হ’ল, তোমালোকক কি লাগে সুধি লোৱা” এইটোৱে বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাজত পাৰ্থক্য ।

হিন্দুধৰ্মৰ প্ৰত্যেকটো নিয়মৰ মাজত সু-স্বাস্থ্য, সু-শৃঙ্খলিত সমাজ আৰু সু-পৰিবেশৰ বিষয় জড়িত হৈ আছে । ঋষিমুণিসকলে বহুত গৱেষণাৰ অন্তত একোটা নিয়মৰ প্ৰবৰ্তন কৰিছিলে যি বিলাক সু-স্বাস্থ্য তথা সুস্থ সামাজিক পৰিস্থিতিৰ ববে প্ৰয়োজনীয় সাধাৰণ মানুহক এইটো নকৰিবা বুলি কলে দহটা প্রশ্নউত্থাপন কৰিব বা কিছুমান মানুহে বুজিয়েই নাপাব বাবে কৰিব নাপায় বুলি কৈ থৈছে। বর্তমান শুচি আৰু অশুচিৰ ওপৰত বাতৰিকাকতত বিভিন্ন আলোচনা চলি আছে। শুচি বা অশুচি শাৰিৰীক বা মানসিক হব পাৰে । কিবা এটা কাম কৰি মনটোত অশান্তি লাগি থাকিলে সি মানসিক অশুচি হ’ল আৰু কোনো অস্বাস্থ্যকৰ পৰিবেশৰ সংস্পৰ্শলৈ আহিলে শাৰিৰীক অশুচি হয় । এই অশুচি মনত ভাবিলে মনটো অশান্তি হয়, তেতিয়া আমাৰ দি থোৱা বিধান বিলাক মানিলে মনটো ফৰকাল হয় আৰু মানসিক অশুচিৰ অন্ত পৰে।

বর্তমান সঘনে আলোচনা হোৱা আন এটা বিষয় হ’ল ভাৰতীয় তন্ত্র-মন্ত্র । বিজ্ঞান মনস্ক মানুহৰ বাবে তন্ত্র-মন্ত্র আদি অন্ধবিশ্বাসৰ বাহিৰে একো নহয়। হিন্দুসমাজৰ তন্ত্ৰ-মন্ত্ৰ হ’ল শব্দব্রহ্মৰ প্ৰয়োগ। তন্ত্র-মন্ত্র হ’ল শব্দব্রহ্ম আৰু সাধনাৰ সংমিশ্ৰণৰ ফল। শব্দব্রহ্ম এনে এটা শক্তি যে ই এজন সুস্থ মানুহকো বেমাৰী আৰু এক বেমাৰী মানুহকো সুস্থ কৰি দিব পাৰে৷ কোনোৱে কটু কথা কলে আমাৰ মনটো বেয়া লাগি থকে আৰু ভাল কথা কলে বা প্ৰশংসা কৰিলে মনটো ভাল লাগি যায় । ই শব্দব্রহ্মৰ ফল । পূজাৰ বা বিভিন্ন কাৰ্য্যৰ মন্ত্ৰসমূহ এনে কিছুমান শব্দগাঠনিৰে সৃষ্টি কৰিছে যে সাধনা থকা বা প্রকৃত আচাৰ ব্যৱহাৰ পালন কৰা লোকে শুদ্ধ উচ্ছাৰণৰে প্ৰযোগ কৰিলে যোগাত্মক ফল দিবই। বর্তমান মন্ত্ৰবিলাকৰ ছপাসুখি ওলাইছে, কিন্তু প্রকৃত আচাৰ-ব্যবহাৰ আৰু সাধনা নথকা মানুহে সেইবোৰ এশবাৰ গালেও কোনো কাম নিদিয়ে। এইবোৰ গুৰু ধৰা বিদ্যা বুলি কোৱা হয় ।

বৰ্তমান বিজ্ঞানৰ যুগত মানব সৃষ্ট যান সমূহৰ গতিবেগ জোখা হয় আলোকবর্ষ হিছাবত । মানে এটা আলোককণা এবছৰত কিমানদূৰ যাবপাৰে। ইয়াৰ এটা সীমবদ্ধতা আছে। বৈদিকযুগৰ ঋষিমুনি সকলে সাধনাৰ যোগেদি ভ্ৰমণ কৰিছিলে মানসিক গতিত, যাৰ কোনো সীমাবদ্ধতা নাই । বিজ্ঞানে এই অনন্ত কোটী ব্ৰহ্মাণ্ডৰ আবিস্কাৰ কৰে মানে হয়তো পৃথিবীৰ পৰা মানব সভ্যতা শেষেই হ’ব । কিন্তু বৈদিক যুগত ঋষিমুনি সকলে সাধনাৰ যোগেদি মানসিক গতিত গোটেই বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ কৰি তাৰ বিষয়ে বিবৰণ দি গৈছে । বৰ্তমানৰ বিজ্ঞান মনস্কমানুহে এই বিলাক এক ভ্রান্ত ধাৰণা তথা কাল্পনিক কাহিনী বুলি উৰুৱাই দিব । এনে বিস্তৃত বিবৰণ তেওঁলোকে ক’ত পালে ? বিপ্ৰপুত্ৰ অনাৰ সময়ত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ নাৰায়ণ থকা গ্ৰহলৈ কৰা যাত্ৰাৰ বৰ্ণনা ড° শঙ্খ বৰুৱাই ‘আমাৰ অসম’ কাকতত বৈজ্ঞানিক দৃষ্টিভঙ্গিৰে সুন্দৰ ভাবে বর্ণনা কৰিছিলে । পুখিত থকা বর্ণনা বিলাক বৰ্ত্তমান মহাকাশচাৰীয়ে দিয়া বৰ্ণনাৰ লগত মিলি যায় । ব্রহ্মলোক ( ব্রহ্মা থকা গ্ৰহ ) পৃথিবীতকৈ বহুগুণে ডাঙৰ হব যত এদিন হ’লে পৃথিবীত বহুবছৰ পাৰ হৈ যায়। দ্বাপৰ যুগৰ শেষলৈকে ভাৰতৰ বহির্জগতৰ লগত সম্পুর্ণভাবে যোগাযোগ আছিলে আৰু তেতিয়ালৈকে ধৰ্ম্ম আদি সম্পূর্ণ বৈজ্ঞানিক দৃষ্টিভঙ্গিৰে পালন কৰা হৈছিলে কিন্তু শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰয়াণৰ পিছতে ভাৰতত অন্ধকাৰ যুগ আৰম্ভ হ’ল বহিবিশ্বৰ লগত যোগাযোগ সম্পূর্ণভাবে বিচ্ছিন্ন হৈ গ’ল । মানুহে ধৰ্ম্ম কৰি থাবলৈ ললে আৰু ধৰ্ম এটা ব্যবসায়িক কর্মলৈ পৰ্যবসিত হ’ল । শাসক আৰু উচ্চবৰ্ণৰ মানুহে ধৰ্ম্মক এটা শোষনৰ আহিলা হিছাবে ব্যবহাৰ কৰিবলৈ ললে ।

এই আপাহতে ভাৰতীয় জ্যোতিষ শাস্ত্র সম্পর্কে বর্তমান হৈ থকা বাদানুবাদ আৰু বিজ্ঞান মনস্ক মানুহবিলাকে জ্যোতিষশাস্ত্রক নস্যাৎ কৰিবলৈ কৰা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰাৰ থল আছে । বৰ্তমান পাশ্চ্যাতৰ সভ্যতাৰ পোহৰ পোৱা লোকসকলে ভাৰতীয় জ্যোতিষশাস্ত্ৰক ভুল বুলি কবলৈ চেষ্টা কৰে, কাৰণ তেওঁলোকৰ মতে চন্দ্ৰ এটা উপগ্ৰহ আৰু ৰাহু কেতু ছায়াৰ বাহিৰে গ্ৰহ নহয়। গ্রহ, উপগ্রহ, নক্ষত্র আদিৰ ধাৰণা ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ বয়সৰ তুলনাত একেবাৰে নতুন । ভাৰতীয় জ্যোতিষ শাস্ত্ৰত ব্যবহাৰ হোৱা গ্ৰহবিলাক হ’ল পৃথিবীৰ ওছৰে পাজৰে থকা বিভিন্ন মহাজাগতিক বস্তু যিবিলাকৰ প্রভাৱ পৃথিবীৰ ওপৰত পোনপটীয়াকৈ পৰে আৰু মানুহৰ বিভিন্ন কাম-কাজত প্ৰত্যক্ষ ভাবে প্রভাৱ বিস্তাৰ কৰে৷ আমি সাগৰৰ পাৰত থিয় হলে পূর্ণিমা বা অমাবস্যাত সাগৰৰ জলপৃষ্ঠ কেনেকৈ ওফন্দি উঠে দেখিবলৈ পাওঁ । সেইদৰে চন্দ্ৰগ্ৰহণ বা সূৰ্য্যগ্ৰহণৰো পৃথিবীৰ ওপৰত প্ৰভাৱ প্ৰত্যক্ষ ভবে পৰে। মানুহৰ দেহৰ ভিতৰত এখন তেজৰ নৈ অনবৰতে বৈ আছে আৰু মস্তিককে আৰম্ভ কৰি বিভিন্ন অঙ্গ-প্রত্যঙ্গ বিলাকে চব্বিশ ঘণ্টাই (নিদ্রাবস্থাতো) কাম কৰি থাকে । যি বিলাক মহাজাগতিক বস্তুৰ প্ৰভাৱ এই বিলাকৰ ওপৰত পৰি মানুহৰ দেহৰ বা মনৰ বিভিন্ন দিশত ক্ষতি কৰিব পাৰে হিন্দু জ্যোতিষত তাকে গ্রহ বুলি কোৱা হয় ৷ গতিকে সূক্ষ্মভাবে অধ্যয়ন কৰা জ্যোতিষে এজন মানুহৰ ভূত-ভবিষ্যতৰ সকলো কথা নির্ভুল ভাবে কব পাৰে।

যিহেতু বিজ্ঞানৰ সীমাবদ্ধতা আছে গতিকে সকলো ধাৰণা বা বস্তুকে বিজ্ঞানসন্মত নহয় বুলিকৈ উৰুৱাই দিয়াটো জ্ঞানৰ সীমাবদ্ধতাৰ পৰিচায়ক বুলি ভাবো ।

 বৈকুণ্ঠ প্ৰসাদ গোস্বামী