বিজেপিৰ সৈতে হাত মিলালে জে পি পিয়ে

বিজেপিৰ সৈতে হাত মিলালে জে পি পিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিৰ সৈতে হাত মিলালে জে পি পিয়ে৷ যোৱা নিশা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মহেশ দেউৰীৰ নেতৃত্বাধীন জে পি পিয়ে বিজেপিৰ নেতৃত্বত গঠন হোৱা দেউৰী স্বায়ত্ত পৰিষদলৈ সমৰ্থন আগবঢ়াইছে৷ বিগত দুদিন ধৰি গুৱাহাটীত বাহৰ পাতি থকা জে পি পিৰ সাতজনকৈ নিৰ্বাচিত পাৰিষদে আজি নিশা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু এই সাক্ষাৎকালতে বিজেপিৰ সৈতে মিত্ৰতাক চূড়ান্ত ৰূপ দিয়ে৷ বিজেপি মিত্ৰজোঁটে দখল কৰা দেউৰী স্বায়ত্তশাসিত পৰিষদত জে পি পিয়ে অংশগ্ৰহণ কৰিব৷ অৱশ্যে পৰিষদত জে পি পিৰ ভূমিকা কি হ’ব সেয়া এই বৈঠকত চূড়ান্ত হোৱা নাই৷ জে পি পিৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে জে পি পি বিজেপিৰ সহযোগী হৈ থাকিব৷ বিজেপি নেতৃত্বাধীন পৰিষদলৈ জে পি পিয়ে সমৰ্থন আগবঢ়াব৷