বিজেপিৰ বিৰুদ্ধে  দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ অভিযোগ

বিজেপিৰ বিৰুদ্ধে  দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বিজেপি দলৰ ওপৰত অভিযোগ কৰে যে তেওঁক বিজেপিয়ে তেওঁলোকৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। মনীষ চিছোদিয়াই দাবী কৰিছে যে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে বৰ্তমান চলি থকা “সকলো গোচৰ বন্ধ” কৰাৰ প্ৰস্তাৱ দিছে যদিহে তেওঁ আম আদমী পাৰ্টি (আপ) ত্যাগ কৰে।ইতিমধ্যে টুইটাৰত এই বিস্ফোৰক টুইট কৰিছে মনীষ ছিছ’দিয়াই।ছিছ’দিয়াৰ এই টুইটৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিছোদিয়াৰ অভিযোগ, তেওঁ এটা লিখিত বাৰ্তা পাইছে য’ত তেওঁ বিজেপিত যোগদান কৰিলে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা চিবিআই আৰু ইডি গোচৰসমূহ উঠাই লোৱা হ’ব অৰ্থাৎ আঁতৰাই লোৱা হ’ব। কিন্তু মনীষ ছিছ’দিয়াই এই প্ৰস্তাৱটো অস্বীকাৰ কৰি কয়, “মই এজন ৰাজপুত, মহাৰাণা প্ৰতাপৰ বংশধৰ।মই মোৰ মূৰ টো কাটি দিম কিন্তু দুৰ্নীতিগ্ৰস্ত ষড়যন্ত্ৰকাৰীসকলৰ সন্মুখত নমনা নহ’ম।মোৰ বিৰুদ্ধে থকা সকলো গোচৰ মিছা।আপুনি যি কৰিব বিচাৰে সেয়া কৰক।”উল্লেখযোগ্য যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ বিৰুদ্ধে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্ত অব্যাহত আছে।দিল্লীৰ আবকাৰী নীতি ৰূপায়ণত অনিয়মৰ অভিযোগৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ দ্বাৰা পঞ্জীয়ন কৰা এখন এজাহাৰত নাম থকা ১৫ জন লোক আৰু প্ৰতিষ্ঠানৰ ভিতৰত মনীষ চিছোদিয়াও আছে।যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে উপ-মুখ্যমন্ত্ৰীগৰাকী।