বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়াৰ মৃত্যু

Pc Facebook

বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়াৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটাৰ বাতিকুৰিহাৰ গাৱৰ নিজ বাসভৱনত মৃত্যু হয় বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়াৰ৷দীৰ্ঘদিন ধৰি অসুস্থ অৱস্থাত থকা নেতাজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ ৷১৯৫৭ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহন কৰা ৰণজিৎ ঠাকুৰীয়াৰ মৃত্যুত জন্মগাঁও বাতিকুৰিহাৰ লগতে বৰপেটা জিলাত শোকৰ ছাঁ পৰিছে ৷অসম আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা হিচাপে পৰিচিত ৰণজিৎ ঠাকুৰীয়া ১৯৮৫ চনত অগপৰ প্ৰাৰ্থী হিচাপে চেঙা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছিল ৷১৯৮৬ চনত তেও বিজেপি দলত যোগদান কৰে ৷বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে পৰিচিত ৰণজিৎ ঠাকুৰীয়াই অসমত বিজেপি দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷সংঘ পৰিয়ালৰ সৈতেও জৰিত ৰণজিৎ ঠাকুৰীয়াই বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক, ৰাজ্যিক সভাপতি, বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি, আৰু বিজেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷২০০৪ চনত তেওঁ লোক সভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷বিজেপি নেতাজনৰ মৃত্যুত বৰপেটা জিলা বিজেপিৰ শোকপ্ৰকাশ ৷বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি দিলীপ শইকীয়াৰো শোকপ্ৰকাশ ৷