বিজেপিয়ে প্ৰতিটো আঞ্চলিক ভাষাত ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন দেখিছে: প্ৰধানমন্ত্ৰী মোদী

pc Oneindia tamil

বিজেপিয়ে প্ৰতিটো আঞ্চলিক ভাষাত ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন দেখিছে: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশত চলি থকা ভাষাৰ বিৰ্তক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ভাৰতীয় ভাষাক ভাৰতীয়ত্বৰ আত্মা বুলি গণ্য কৰে। জয়পুৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ কৰ্মকৰ্তাসকলৰ এখন সভাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যোৱা কেইদিনমানত আমি দেখিছো যে ভাষাক লৈ বিতৰ্ক সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। আমি মানুহক এই বিষয়ে সজাগ কৰিব লাগিব। বিজেপিয়ে প্ৰতিটো আঞ্চলিক ভাষাত ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন আৰু ৰাষ্ট্ৰৰ বাবে এক উন্নত ভৱিষ্যতৰ সংযোগ দেখিছে।” তেওঁ লগতে কয়, “বিজেপিয়েই ভাৰতৰ সংস্কৃতি আৰু ভাষাক প্ৰথমবাৰৰ বাবে দেশৰ সন্মানৰ সৈতে সংযুক্ত কৰিছে। নতুন শিক্ষা নীতিত (এনইপি) আমি আঞ্চলিক ভাষাবোৰক গুৰুত্ব দিছো। ই প্ৰতিটো আঞ্চলিক ভাষাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।”