বিচ্ছেদ – হীৰক কলিতা

PC - Freepik
বিচ্ছেদ 
হীৰক কলিতা , স্নাতক পঞ্চম ষাণ্মাসিক,
অসমীয়া বিভাগ , নলবাৰী মহাবিদ্যালয়
তাই মাকৰ ঘৰৰ পৰা একো যৌতুক নানিলে আৰু তাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰে বাবা সেই কাৰণে এইবাৰ মই তোৰ বাবে এজনী নতুন ছোৱালী চাম । কথাবোৰ শীতলাই মনে মনে শুনি আছিল । অৱশেষত ইমান দিনে ভুগি থকা অত্যাচাৰ আৰু মানসিক শাস্তিৰ পৰা মুক্তি বিচাৰি শীতলাই বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে । স্বামী প্ৰদীপে এই কথা অস্বীকাৰ কৰিছিল যদিও মাকৰ ওপৰত সি কথা ক’ব নোৱাৰিলে । অৱশেষত শীতলা মাকৰ ঘৰলৈ উভতি আহিল শীতলাৰ দেউতাক শীতলাই সৰু থাকোঁতেই ঢুকাল ভায়েক ৰমেনে যিকোনো প্ৰকাৰে ঘৰ খন চলাই আছে , মুৰৰ ওপৰত অজস্ৰ ধাৰৰ বোজা‌ এতিয়া ঘৰ খনত আকৌ এটা নতুন বোজা শীতলা । শীতলাৰ দুচকুত দিনে – ৰাতি চকুপানী । তাই যে এতিয়া ভাবি পোৱা নাই জীৱন জীয়াই থাকিব নে মৰিব । বৃদ্ধ মাকৰ দুখ তাই চাব নোৱাৰে আৰু ভায়েকৰ কষ্ট তাই নিজ চকুৰে দেখিছে । অৱশেষত শীতলাই সিদ্ধান্ত ল’লে তাই কাম কৰিব । শীতলাই মাকৰ পুৰণি চিলাই মেচিনটো উলিয়াই ল’লে তাই সিদ্ধান্ত ল’লে যে এতিয়া তাই হাতৰ বিদ্যা ব্যৱহাৰ কৰিব , জীৱন জীয়াই থাকিব লাগিব যিকোনো প্ৰকাৰে । দুখে এৰা নিদিয়া হ’ল শীতলাক । তথাপিও তাই হাৰি যোৱা নাই জীৱন যুদ্ধত , তাই এইবাৰ আকৌ নতুন জীৱন আৰম্ভ কৰিব…।
এফালে শাহুৱেক প্ৰণীতাই সম্ভ্ৰান্ত ঘৰৰ ছোৱালী নিৰ্মালি আৰু প্ৰদীপক বিবাহ পাশত আৱদ্ধ কৰালে । যৌতুকেৰে ভৰি পৰিল প্ৰণীতাৰ ঘৰ । প্ৰণীতাৰ আনন্দৰ সীমা নাই । কিন্তু এইবাৰ নিৰ্মালি মিলিব নোৱাৰিলে শাহুৱেকৰ লগত প্ৰতিটো কথাতে দুয়োৰে মাজত তৰ্ক-বিতৰ্ক , শাহুৱেকৰ লগত কোনো প্ৰকাৰে সুখী হ’ব নোৱাৰিলে নিৰ্মালি । এফালে বিবাহ হোৱাৰ এবছৰ উকলি গ’ল এতিয়ালৈ কোনো সন্তানৰ মুখ দেখুওৱাৱ পৰা নাই নিৰ্মালি । বহু কেইটা ডক্টৰক দেখুওৱাইছে যদিও এই সমস্যাৰ কোনো সমাধান পোৱা নাই । অৱশেষত ড° শৰ্মাই এই সমস্যাৰ সমাধান উলিয়ালে দোষ নিৰ্মালিৰ নাই দোষ আছে প্ৰদীপৰ । কথাষাৰ শুনাৰ লগে লগে নিৰ্মালিৰ মুৰত আকাশ ভাঙি পৰিল । শাহুৱেক প্ৰণীতা এইবাৰ মৌন , এইবাৰ সিদ্ধান্ত ল’লে নিৰ্মালিৰ দেউতাক অনন্তই বৰুৱাই নিৰ্মালিৰ বিবাহ বিচ্ছেদ কৰাই নিৰ্মালি বাবে আকৌ নতুন দৰা বিচাৰিব । সম্ভ্ৰান্ত ঘৰৰ ছোৱালী নিৰ্মালিও এই সিদ্ধান্ত স্বীকাৰ কৰিলে , তাই বিবাহ বিচ্ছেদ কৰিব । সংসাৰ ভঙাৰ দুখত প্ৰদীপ আৰু মাক প্ৰণীতাৰ মাজত এতিয়া প্ৰতিটো কথাতে কাজিয়া । অৱশেষত প্ৰণীতাই নিজৰ ভুল বুজি পালে আৰু শীতলাৰ ঠিকনা বিচাৰি শীতলাৰ ওচৰত ক্ষমা খুজিলে আৰু শীতলাক পুণৰ প্ৰদীপে বিচাৰিছে বুলি প্ৰস্তাৱ দিলে কিন্তু এইবাৰ শীতলাই সিদ্ধান্ত সলনি কৰিলে । তাই ক’লে যে এতিয়া তাই অকলে সুখী তাই আকৌ পুৰণি দিনৰ মুখামুখি হ’ব নোখোজে ।