বিগত বৰ্ষবোৰৰ তুলনাত ২০২৩ বৰ্ষত অপৰাধৰ গোচৰৰ সংখ্যা হ্ৰাস

বিগত বৰ্ষবোৰৰ তুলনাত ২০২৩ বৰ্ষত অপৰাধৰ গোচৰৰ সংখ্যা হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ ৷ গুৱাহাটীত মহানগৰীত নিতৌ সংঘটিত হয় এটাৰ পাছত আনটো অপৰাধ ৷ মহানগৰীত এনে অপৰাধজনিত ঘটনাৰ পিছতো ৰহস্যজনকভাৱে ২০২৩ বৰ্ষত গুৱাহাটীত ক্ৰমাগতভাৱে হ্ৰাস গোচৰ পঞ্জীয়ন সংখ্যা। বিগত ২০২৩ বর্ষত কেইবাটাও ভয়ংকৰ অপৰাধৰ ঘটনাই মহানগৰীক জোকাৰি গৈছিল। নৃশংসতাৰ সকলো পৰিসীমা পাৰ কৰা ঘটনাসমূহৰ আঁৰৰ কথা আৰক্ষীয়ে পিছলৈ পোহৰলৈ আনিবলৈ সক্ষম হয় যদিও শেহতীয়াকৈ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে প্ৰকাশ কৰা ২০২৩ বৰ্ষৰ অপৰাধৰ তালিকাত একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে উন্নয়নৰ আঁৰত থকা গুৱাহাটী মহানগৰীৰ অপৰাধজগতৰ দিশটো। গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, ২০২৩ বৰ্ষত গুৱাহাটীৰ বিভিন্ন অপৰাধৰ মুঠ ৯,৩৬৭টা গোচৰ ৰুজু হৈছে। অৱশ্যে গোচৰ ৰুজু হ’লেও ৩৯৪জন অপৰাধীকে দোষী সাব্যস্ত কৰিবলৈ মহানগৰ আৰক্ষীয়ে সক্ষম হৈছে। বিগত বর্ষটোত দোষী সাব্যস্তৰ হাৰ আছিল ২৪.৮৫ শতাংশ। কিন্তু দোষী সাব্যস্তৰ সংখ্যা কম হ’লেও বিগত ২০২২ বর্ষৰ তুলনাত মহানগৰ আৰক্ষীয়ে এইক্ষেত্রত কিছু সফলতা লাভ কৰিছে। ২০২২ বর্ষত ১০,২২৭টা পঞ্জীয়ন হোৱা গোচৰৰ বিপৰীতে ৩৬৯জন অপৰাধীকে মহানগৰ আৰক্ষীয়ে আদালতত দোষী সাব্যস্ত কৰাবলৈ সক্ষম হৈছিল। ২০২৩ বৰ্ষত মহানগৰ আৰক্ষীয়ে পকছো সংক্রান্তীয় ১২৬টা গোচৰ ৰুজু কৰাৰ লগতে ৩১জন অপৰাধীক দোষী সাব্যস্ত কৰিছিল। একেদৰে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত ৬২৭টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে তিনিজনকহে দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। তদুপৰি নিচাজাতীয় দ্রব্য সৰবৰাহ গোচৰত ২০২৩ বৰ্ষত মহানগৰ আৰক্ষীয়ে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ ২৭৮ কোটি ১০ লাখ ৯১ হাজাৰ ৫০০ টকা বজাৰ মূল্যৰ নিচাযুক্ত দ্রব্য জব্দ কৰিবলৈ সক্ষম হোৱা মহানগৰ আৰক্ষীয়ে ৩০১টা গোচৰ এই সন্দৰ্ভত ৰুজু কৰিছে। একেদৰে সম্পত্তি চুৰি সন্দৰ্ভত ৩,৭২৮টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ১,৬২৭জন লোকক গ্রেপ্তাৰ কৰা হৈছে। চাইবাৰ ক্রাইমৰ ক্ষেত্ৰত ১৭৫টা গোচৰ ৰুজু হোৱাৰ লগতে ৮৭জনক গ্রেপ্তাৰ কৰিছে। ডকাইতি গোচৰৰ ৪টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ১৬জন অপৰাধীক গ্রেপ্তাৰ কৰা হৈছে। বিগত ২০২৩ বর্ষটোত মহানগৰীত উদ্বেগজনকভাবে সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনা। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দিয়া তথ্য অনুসৰি ২০২৩ বৰ্ষত মুঠ ৬৭টা হত্যাৰ গোচৰ মহানগৰীৰ বিভিন্ন থানাত ৰুজু হোৱাৰ লগতে ৮১জন অপৰাধীক গ্রেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডসমূহ সন্দর্ভত মুঠ ১১৭খন অভিযোগনামাও আৰক্ষীয়ে দাখিল কৰিছে। একেদৰে শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰতো বিগত চাৰি বছৰৰ তুলনাত ২০২৩ বর্ষটো আছিল উল্লেখনীয়। ৩৮৫টা গোচৰ এই সংক্রান্তত ৰুজু হোৱাৰ লগতে ৩৩১জন লোকক গ্রেপ্তাৰ কৰিছিল। ইয়াৰে ৩১জনক ইতিমধ্যে আদালতত দোষী সাব্যস্ত কৰা হৈছে। ৩১৯খন অভিযোগনামা মহানগৰ আৰক্ষীয়ে দাখিল কৰিছে। শিশু বিবাহ ঘটনা সন্দর্ভত ২০২৩ বর্ষত ১১৬টা গোচৰ ৰুজু হোৱাৰ লগতে ৮৪জন লোকক গ্রেপ্তাৰ কৰা হৈছে। আনহাতে পথ দুর্ঘটনাৰ ক্ষেত্ৰতো পিছপৰি ৰোৱা নাই ২০২৩ বর্ষতো। ৭৫৫টা দুর্ঘটনা সংঘটিত হোৱাৰ লগতে ২৬৭জন লোক এই দুর্ঘটনাবোৰৰ বাবে মৃত্যুমুখত পৰিবলগীয়া হৈছে। আনহাতে জৰিমনা সংগ্ৰহৰ ক্ষেত্ৰত ২০২৩ বৰ্ষটো মহানগৰ আৰক্ষীৰ বাবে আছিল উল্লেখনীয় বছৰ। আৰক্ষী আয়ুক্তই দিয়া তথ্য অনুসৰি বিগত চাৰি বছৰৰ তুলনাত ২০২৩ বর্ষটোত অভিলেখ সংখ্যক জৰিমনা যান-বাহন আইন উলংঘাৰ অপৰাধত নাগৰিকৰ পৰা আৰক্ষীয়ে সংগ্রহ কৰিছে। মুঠ ৪৭ কোটি ৪ লাখ ৮৪ হাজাৰ ৫০০ টকা জৰিমনা মহানগৰ আৰক্ষীয়ে আইন উলংঘাকাৰী নাগৰিকৰ পৰা জব্দ কৰিছে। উল্লেখ্য যে মহানগৰীৰ অপৰাধৰ পৰিসংখ্যা ২০১৯ চনৰ পৰা যথেষ্ট কমিছে যদিও এতিয়ালৈকে সম্পূর্ণ অপৰাধশূন্য হোৱা নাই গুৱাহাটী।