বিগত বছৰ টি আৰু মোৰ বিষয়ে কিছু কথা – ছেলিমা বেগম

PC - Shutterstock
বিগত বছৰ টি আৰু মোৰ বিষয়ে কিছু কথা
ছেলিমা বেগম, নগাঁও
বিগত বছৰ টি মোৰ ভালে ভালে পাৰ হৈ গৈছে । আশাকৰোঁ ২০২৪  – আগন্তুক বছৰ যাতে সুস্থ আৰু বেমাৰ মুক্ত থাকি ভালদৰে জীয়াই থাকিব পাৰি তাকেই কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত। সমস্ত প্ৰশংসা আল্লাহ, আল্লাহ যাতে বিশ্বৰ সকলো মানুহকে ধৰি পৃথিৱীৰ বুকুত জন্ম লোৱা জীৱকে শান্ত কৰি ৰাখে।বিগত বছৰ মোৰ সফলতা খিনি, মই লিখা -মেলা কৰি ভাল পাওঁ সেয়ে বিভিন্ন গ্ৰুপত লিখিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। গ্ৰুপত লিখি বহুতো মানপত্ৰ, অভিনন্দন পত্ৰ , পুৰস্কাৰ, বঁটা লাভ কৰিছোঁ সঁচাই সুখী হৈছোঁ। বিভিন্ন খবৰ কাকতত মোৰ লিখা গল্প, কবিতা প্ৰৱন্ধ, লিমাৰিক, স্তৱক বিভিন্ন স্বাদৰ লিখা প্ৰকাশ পাইছে। স্মৃতি গ্ৰন্থত মোৰ লিখা প্ৰকাশ পাইছে বিভিন্ন ঠাইত। কচুৱা প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীত মোৰ এটা গল্প দ্বিতীয় স্থান লাভ কৰিছে।তাত গৈ ৩১ ডিচেম্বৰ তাৰিখে বঁটা গ্ৰহণ কৰিলোঁ। আল্লাহৰ কৃপাত আপোনালোকৰ মৰম আশীৰ্বাদ, দোৱা বিচাৰি যাতে আগবাঢ়ি যাব পাৰি তাকেই কামনা কৰোঁ। নতুন বছৰটো যাতে অসমৰ পৰা লেতেৰা ৰাজনৈতিক খিনি আঁতৰাই সুন্দৰ,সুস্থ নিকা দেশ হিচাপে আমি অসমীয়া এখন স্বচ্ছতাৰে সমাজ গঢ়ি তুলিব পাৰি তাকেই কামনা কৰিলোঁ। সমাজৰ পৰিবেশ নষ্ট নহয় তাৰ প্ৰতি সজাগ থাকি সমাজৰ ভাল কাম কৰি যাব পাৰি তাকেই কামনা কৰোঁ।