বিখ্যাত লেখক ৰেৱতী মোহন‌ দত্ত চৌধুৰীৰ শ্ৰেষ্ঠ চুটিগল্প “মধুপুৰ বহুদূৰ” এটি অৱলোকন – নাছিৰ আহমেদ

PC - Wikipedia
বিখ্যাত লেখক ৰেৱতী মোহন‌ দত্ত চৌধুৰীৰ শ্ৰেষ্ঠ চুটিগল্প “মধুপুৰ বহুদূৰ” এটি অৱলোকন
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বিখ্যাত গল্প লেখক ৰেৱতী মোহন‌ দত্ত চৌধুৰীয়ে শীলভদ্ৰ ছদ্মনামেৰে কেইবাখনো উপন্যাস আৰু চুটিগল্পৰ পুথি ৰচনা কৰিছিল। তাৰ ভিতৰত “মধুপুৰ বহুদূৰ” নামৰ চুটিগল্পৰ সংকলনটি অসমীয়া সাহিত্যৰ ইতিহাসত এটি শ্ৰেষ্ঠ চুটিগল্প হিচাপে লিপিবদ্ধ হৈছে । এই চুটিগল্প সংকলনটিৰ বাবে শিলাভদ্ৰই ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই সংকলনটিৰ গল্পসমূহৰ ভিতৰত একে নামেৰে ” মধুপুৰ বহুদূৰ” চুটিগল্পটিত  গল্পকাৰ শীলভদ্ৰই  বিশেষ ভংগীৰে  আত্মচৰিত ৰূপে প্ৰথম পুৰুষত  দীৰ্ঘ বৰ্ণনাৰে শৈশৱ আৰু যৌৱনৰ কালছোৱাৰ স্মৃতি বিজড়িত নিজৰ জন্মভূমি গৌৰীপুৰৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক‌ আদি সকলো দিশৰ স্মৃতি ৰোমন্থন কৰিছে। চাকৰি-সূত্ৰে ৰেৱতী মোহন‌ দত্ত চৌধুৰীয়ে গৌৰীপুৰৰ পৰা বহুদিনলৈ আতঁৰি থাকিব লগা হোৱাৰ বাবে তেওঁ গৌৰীপুৰৰ লগত বিচ্ছিন্ন হৈ পৰিছিল ; তথাপি জন্মভূমি গৌৰীপুৰৰ প্ৰতি  তেওঁৰ আছিল এক দুৰ্বাৰ আকৰ্ষণ। কিন্তু চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ গৌৰীপুৰলৈ উভতি আহি এই অঞ্চলৰ পৰিৱৰ্তিত ৰূপ আৰু পৰিৱেশ দেখি বেদনা-হত হৈ পৰে। কোনোমতে গৌৰীপুৰৰ এই নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাব নোৱাৰি  জন্মভূমি গৌৰীপুৰৰ লগত তেওঁ কেৱল ভৌগলিক দূৰত্বই  অনুভৱ কৰা নাছিল ; মানসিক ভাবেও  নিজকে বহিৰাগত বুলি এক মানসিক দ্বন্দ্ব – সংঘাতত যেন ক্ষত-বিক্ষত হৈ পৰিছিল। সেই কাৰণে ,গল্প লেখক শীলভদ্ৰই এই চুটিগল্পটিৰ নাম দিছিল “মধুপুৰ বহুদূৰ” ।লেখক শীলভদ্ৰই ” মধুপুৰ বহুদূৰ” চুটিগল্পটিৰ বিষয়বস্তু গৌৰীপুৰৰ জমিদাৰ ৰাজা বাহাদুৰ আৰু জমিদাৰৰ প্ৰকাণ্ড ৰাজহাউলি  ; যাক ” ৰাজবাড়ী ”  বুলি কোৱা হৈছিল ,তাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে।ৰাজা বাহাদুৰ লালজী ( প্ৰতিমা পাণ্ডে বৰুৱাৰ পিতৃ)আৰু অইন অইন জমিদাৰে প্ৰচেষ্টাত গৌৰীপুৰত নানা শিক্ষানুষ্ঠান, খেলপথাৰ, অবিভক্ত গোৱালপাৰা জিলাৰ ভাষা- সাহিত্য, কলা- কৃষ্টি- সংস্কৃতি আৰু নাট্য সমিতি গঢ়ি উঠিছিল।গৌৰীপুৰৰ জমিদাৰসকল এই অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ সুন্দৰকৈ পৰিচালনা কৰিছিল। “ৰাজবাড়ীৰ” পৰিয়ালে আৰু গৌৰীপুৰৰ সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালে  গৌৰীপুৰত মঞ্চস্থ হোৱা সকলো নাটকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। অথচ ! আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছত জমিদাৰী প্ৰথা লোপ হোৱাৰ ফলত গৌৰীপুৰৰ সেই আগৰ আভিজাত্যৰ যেন শ্মশান-যাত্ৰা  আৰম্ভ হৈছিল। গৌৰীপুৰৰ সকলো ঐতিহ্য, গৌৰৱময় কীৰ্তিস্তম্ভৰ ওপৰত এক কালিমা পৰি মলিন হৈ পৰিছিল, অসমৰ ভিতৰতে সাহিত্য -সংস্কতিৰে সমৃদ্ধ “ৰাজবাড়ী” মৃগী ৰোগীৰ দৰে শেঁতা পৰিছিল, কেৱল সেয়ে নহয়, গৌৰীপুৰৰ মানুহৰ মন-মানসিকতাও ঠেক গণ্ডীৰ মাজত আৱদ্ধ হৈ পৰিছিল। লেখক শীলভদ্ৰই মধুপুৰৰ ( গৌৰীপুৰ ) শৈশৱ আৰু যৌৱন কালছোৱাৰ গৌৰৱময় ঐতিহ্যৰ স্মৃতি ৰোমন্থন কৰি  তেওঁ চুটিগল্পটিত এক বিষাদ-ঘন পৰিস্থিতিৰ চিত্ৰ অতি কৰুণ ভাবে ফুটাই তুলিছে।সেই সময়ৰ গৌৰীপুৰ অঞ্চলত বিভিন্ন ধৰ্মীয় আৰু জনজাতীয় লোকসকলে অতি শান্তিপূৰ্ণ ভাবে মিলাপ্ৰীতিৰে বসবাস কৰিছিল।তেওঁলোকে   অবিভক্ত গোৱালপাৰা জিলাৰ ভাষা আৰু সংস্কৃতি বিকাশৰ বাবে চৰ্চা কৰিছিল।তেওঁ “মধুপুৰ বহুদূৰ” চুটিগল্পত অসংখ্য বৈচিত্ৰময় চৰিত্ৰ স্বল্প পৰিসৰৰ মাজত অংকিত কৰিছিল। চৰিত্ৰসমূহ  হ’ল, ৰাজা বাহাদুৰ , ফেলু বাবু, কৃষ্ণ ঠাকুৰ, উদ্ধৱ, তগৰ, প্ৰভাত দত্ত,নৱ খুড়া, আতপজান, পোষ্ট মাষ্টাৰ,কবিৰাজ উপেন,সত্য গণক,প্ৰবোধ‌‌ বাগচী , জিতেন, দীনেশ চক্ৰৱতী ,সাধু বাবা ইত্যাদি। লেখকে অতি চাতুৰ্য ভাবে এই চৰিত্ৰসমূহৰ মুখৰ ভাষাও বেলেগ বেলেগ দিছিল।মাজে মাজে কিছুমান চৰিত্ৰৰ মুখত ব্যাঙ্গাত্মক ভঙ্গীমাৰে পৰিৱেশন কৰা সংলাপসমূহে এই চুটিগল্পটিক আৰু বেছি জীপাল কৰি তুলিছে।এই চুটিগল্পটিৰ আন এটি উল্লেখযোগ্য দিশ হ’ল ,পোন প্ৰথমবাৰৰ বাবে লেখক শীলভদ্ৰই অবিভক্ত গোৱালপাৰা জিলাৰ কথিত ভাষা, যাক বৰ্তমান গোৱালপৰীয়া ভাষা আৰু প্ৰাচীন কালত কমতাপুৰী ভাষা বা ৰাজবংশী তথা দেশী ভাষা বুলি কোৱা হয়,  চুটিগল্পটিৰ চৰিত্ৰসমূহৰ মুখত সংলাপ হিচাপে ব্যৱহাৰ কৰিছে। সংক্ষেপে বিখ্যাত চিন্তাশীল লেখক ৰেৱতী মোহন‌ দত্ত চৌধুৰী ওৰফে শীলভদ্ৰৰ ” মধুপুৰ বহুদূৰ” চুটিগল্পটিৰ বিষয়ে আলোকপাত কৰা হ’ল।শ্ৰদ্ধাৰ বিখ্যাত চিন্তাশীল লেখক গৌৰীপুৰবাসী ৰেৱতী মোহন‌ দত্ত চৌধুৰী দেৱক তেখেতৰ ৰচিত “মধুপুৰ বহুদূৰ” চুটিগল্পটিৰ আলোকপাত কৰি তেখেতক জন্ম দিনটোক( ১৮ চেপ্তেম্বৰ,১৯২৪ চন) শ্ৰদ্ধাৰে সুঁৱৰিছো।