‘বা’ ষ্টুডিঅ’ থিয়েটাৰত ’দোল চিঙা পুতলা’

‘বা’ ষ্টুডিঅ’ থিয়েটাৰত ’দোল চিঙা পুতলা’

ৰঙিলী বাৰ্ত্তাসেৱা- ‘বা’ সাংস্কৃতিক সংস্থাৰ উদ্যোগত ‘বা’ ষ্টুডিঅ’ থিয়েটাৰত বৃহস্পতিবাৰ আৰু শনিবাৰে সন্ধিয়া ৬.৩০ বজাত ভাস্কৰ বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে ‘দোল চিঙা পুতলা’ নামৰ নাটখনি মঞ্চস্থ কৰা হয়। বিশিষ্ট অভিনেতা অনুপ হাজৰিকা, ভাস্কৰ বৰুৱা, দৰথী ভৰদ্বাজকে ধৰি নাটখনত অভিনয় কৰে গকুল বসুমতাৰী, মৃদুপৱন বৰা, পুনম বৰ্মন, ইজাজ আহমেদ, লক্ষ্য জ্যোতি বৰুৱা, হিমবৰ্ষা দাস আৰু নয়ন জ্যোতি দেৱীয়ে । নাটখনত সংগীত পৰিচালনা কৰে ভাস্কৰ বৰুৱাই। পোহৰ সম্পাদনা কৰে ডিম্পল দাস আৰু সহযোগ কৰে শিৱম শইকীয়াই । সা সজ্জা কৰে দৰথী ভৰদ্বাজে। ৰূপ সজ্জা কৰে জোনালী নাথে। মঞ্চ ব্যৱস্থাপনা কৰে পল্লব কৌশিক বৰুৱা, শিৱম শইকীয়া, দনবীৰ ভৌমিক, মমতা বেগম৷উক্ত নাটকখনি ৩ এপ্ৰিলত সন্ধিয়া ৪ বজাত আৰু ৬.৩০বজাত ’বা’ ষ্টুডিঅ’ থিয়েটাৰত মঞ্চস্থ কৰা হ’ব৷