বাৰ্দ্ধক্য-ডাঃ যুতিকা ওজা

Pc- The Economic Times

বাৰ্দ্ধক্য

ডাঃ যুতিকা ওজা,
অধ্যাপিকা , কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

নঙঠা দূৰৰ পাহাৰখনত

জুৰিটিৰ স্পন্দনহীন লহৰ

তাৰ মাজতে বিচাৰো মই

মোৰ সত্ত্বাক

দেহৰ ভিতৰত জ্বলি থকা উত্তাপত

নিজেই হও দহন

মৰুভূমিত মৰিচীকা বিচাৰি

আৱদ্ধ হল জীৱন

কোনো এক বন্দৰত

সন্ধ্যাৰ বুলনিত

হেৰাই গল সপোন চৰাইজনী

সৰি পৰা পাতখিলাই

দিলে সম্ভেদ হেৰুৱা জীৱনৰ