বাৰিষা আহিল
মুন শৰ্মা,লখিমপুৰ
এই মাত্ৰ বৰষুণ জাকে কৈ গ’ল,
বাৰিষা আহিল…..
কাৰোবাৰ সুখৰ কাৰোবাৰ দুখৰ,
প্ৰেম, বিষাদৰ দুখৰীয়া ছবি আঁকি,
অনুভৱৰ বাগিচাত অজস্ৰ ৰঙৰ বুলনি আকৌ।
কৰুণ, বিৰহৰ, অসহায়, আৰ্তনাদ ,
আশা সপোনৰ মধুৰ মিঠা মিঠা লগণ,
কি ৰং চাবা তুমি….
বাৰিষাই যে ৰং তুলিকাৰে আকৌ সাজু।