বাস্তু বিজ্ঞান আৰু ৮ টা দিশ – চয়নিকা শৰ্মা

বাস্তু বিজ্ঞান আৰু ৮ টা দিশ
চয়নিকা শৰ্মা
বাস্তু বিশেষজ্ঞ [M.A. in Vedic Vastu)
বৰবাৰী
বাস্তুশাস্ত্ৰ দিশ আৰু ইয়াৰ শক্তি (উৰ্জা)ৰ এক বিজ্ঞান ৷ মুঠ ৮ টা মুখ্য দিশ থাকে৷ এই দিশকেইটাৰ সংযোগ হ’লে সংযোগস্থলীৰ (দিশ মিলন ক্ষেত্ৰ) স্থাপন হয়, যাক বিদিশা নামেৰে জনা যায়৷ ঠিক তেনেদৰে এই দিশা আৰু বিদিশাৰ মিলনত আকৌ ৮ টা নতুন দিশৰ সৃষ্টি হয়৷ এই সকলো Directional zone কেইটাক মিলায় মুঠ ১৬ টা দিশ পাওঁ৷ এই দিশকেইটাক ১৬ emergency field বুলি ক’ব পাৰি৷ এই দিশ কেইটাত ব্যক্তিৰ তন-মন-ধনৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলাব পাৰি৷ এজন ব্যক্তিৰ গোটেই জীৱন এই দিশকেইটাৰ উৰ্জাৰ দ্বাৰাই সঞ্চালিকত হৈ থাকে৷
এই দিশ কেইটাক যিয়ে সঞ্চালিত কৰে, সেই উৰ্জাৰ নাম হ’ল ‘‘তত্ত্ব’’ (Elements), যাক আমি ‘পঞ্চভূত’ৰ নামেৰে জানো৷ পাঁচ তত্ব অৰ্থাৎ – জল, বায়ু, অগ্নি, পৃথিৱী (পৃথ্বি) আৰু আকাশ৷ এজন সত্য বাস্তুবীদ হিচাপে কৰ্তব্য যে মানৱ জাতিৰ লাভ আৰু কল্যানৰ বাবে ঘৰ আৰু ভূমিৰ এই পঞ্চত্বক সন্তুলিত কৰি ৰখা৷
আমি ঘৰত সু-স্বাস্থ্য, ধন, সদভাব, শান্তি আৰু সমৃদ্ধি সদায় বিচাৰো৷ ইয়াৰ বাবে আমি আমাৰ ১৬ টা দিশৰ তত্বসমূহ সন্তুলিত কৰি ৰাখিব লাগিব৷ এইটোৱে বাস্তুশাস্ত্ৰৰ সাৰমৰ্ম৷ এই ১৬ টা দিশৰ ৮ টা দিশৰ বিষয়ে সামান্য জনাব বিচাৰিছোঁ –
১) উত্তৰ দিশ (North)ঃ উত্তৰ দিশটোৱে ধন আৰু কেৰিয়াৰক প্ৰতিনিধিত্ব কৰে৷ এই দিশটোক ধনৰ দেৱতা কুৱেৰ মহাৰাজৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়৷ উত্তৰ দিশৰ তত্ব জল৷ কিন্তু উত্তৰ দিশটো হ’লে বেয়া৷ ই ব্যক্তিজনক অত্যাধিক extended carrier oriented কৰি তোলে৷ ইয়ে ব্যক্তিজনৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলায়৷ বিবাহ বিচ্চেদ আদিৰ মূল কাৰণ এই দিশটোৱে৷
২) উত্তৰ পূৰ্ব (North east) ঃ এইটো ঈশ্বৰীয় দিশ বুলি কোৱা হয়৷ এই কোণটোৰ দেৱতা হ’ল দীতি৷ ইয়াক ঈশান কোণ বুলিও কোৱা হয়৷ এই দিশটো ধন, স্বাস্থ্য আৰু সফলতাৰ দিশ৷ ঈশান কোণৰ তত্ব জল৷ এই কোণত কেতিয়াও Toilet, Kitchen বা Storage বনাব নালাগে৷ এই দিশটো সদায় মুক্তভাবে ৰাখিব লাগে৷
৩) পূৱ দিশ (East) ঃ এই দিশটো ভগৱান ইন্দ্ৰই নিয়ন্ত্ৰিত কৰে৷ এই দিশটোৱে সামাজিক সম্পৰ্ক ভাল ৰখাত সহায় কৰে৷ এই দিশৰ তত্ব হ’ল বায়ু৷ সামাজিক, ধাৰ্মিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত সকলে এই দিশটোক অধিক গুৰুত্ব দিব লাগে৷
৪) দক্ষিণ পূৱ (South east) ঃ এই দিশটোক (অগ্নিকোণ) বুলি কোৱা হয়৷ আদৰ্শগত পাগখৰ এটা সদায় দক্ষিণ-পূৱ কোণত বনাব লাগে৷ এইটো অগ্নি আৰু ধনৰ ক্ষেত্ৰ৷ মই৷ শ্ৰীজগন্নাথ মন্দিৰৰ বাস্তু অধ্যয়ন কৰি গম পাইছো যে ইয়াৰ ৰান্ধনীশাল দক্ষিণ-পূৱ কোণত অৱস্থিত৷ মোৰ মতে যদি উত্তম জীৱন আৰু নিৰোগী জীৱন বিচাৰে তেনেহ’লে ৰান্ধনীশাল সদায় দক্ষিণ-পূৱ বা অগ্নিয় কোণত লাগে৷
৫) দক্ষিণ পশ্চিম(South west) ঃ ইয়াক ‘নেতৃত্ব কোণ’ বুলিও কোৱা হয়৷ ইয়াক হালধীয়া ৰঙেৰে বুজোৱা হয়৷ এইটো কোণৰ দেৱতা হ’ল পিতৃ৷ বিবাহিত বা ন-বিবাহিত দম্পতিৰ বাবে তেওঁলোকৰ শোৱনি কোঠা এইটো কোণত বনাব পাৰি৷ এই কোণটোৱে আমাক Relation development ত সহায় কৰে৷
৬) পশ্চিম (West) ঃ পশ্চিম দিশটো হ’ল gain and profit ৰ দিশ৷ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এই দিশটো বিশেষ ভাবে লাভদায়ক৷ ইয়াৰ দেৱতা হ’ল বৰুণ৷ ইয়াৰ ৰং হ’ল বগা৷ এই দিশটোৰ তত্ব হ’ল আকাশ৷ পশ্চিম দিশত বাস্তুদোষ থাকিলে Lung বা Colon ৰ বেমাৰে দেখা দিয়ে৷
৭) উত্তৰ পশ্চিম (North west)ঃ উত্তৰ পশ্চিম কোণটোক ‘বামব্য’ কোণ বুলিও কোৱা হয়৷ এই দিশৰ দেৱতা হ’ল বায়ু৷ এই দিশটো যদি অসন্তুলিত বা বাস্তুদোষত পৰে তেনেহ’লে Bladder ৰ অসুবিধা হ’ব পাৰে৷ এই দিশটোৱে ঘৰখনৰ Suhport system আৰু Banking ত সহায় কৰে৷