বাল্যবিবাহৰ ক্ষেত্ৰত প্ৰশাসনৰ পদক্ষেপ
বাল্যবিবাহ সংঘটিত হোৱা মানে কেৱল চৰকাৰ প্ৰশাসন তথা পুলিচৰে ব্যৰ্থতা নহয়। সেইয়া অভিভাৱক আৰু সমাজৰো এক দায়িত্বজ্ঞানহীনতা বুলি আমি উল্লেখ কৰিব পাৰো। কিয়নো এটা বাল্যবিবাহৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন তথা পুলিচতকৈ অভিভাৱক আৰু সমাজৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ। নিৰ্ধাৰিত বয়সৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা লৰা ছোৱালী যিদৰে আইনৰ আওতালৈ আহিব লাগে ঠিক একেদৰে কিন্তু এই বাল্য বিবাহ সম্পন্ন হবলৈ সুবিধা প্ৰদান কৰা অভিভাৱক সকলো সমানে দোষী। ইয়াৰ উপৰিও এনেকুৱা বাল্যবিবাহৰ নীৰৱ দর্শক হৈ প্রত্যক্ষ কৰা সমাজৰ সচেতন লোক সকলৰ দোষ কোনো গুণে কম নহয়। আমি যদি কেৱল চৰকাৰ প্ৰশাসন তথা পুলিচৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি হাত সাৱটি বহি থাকোঁ তেনেহলে হয়তো বাল্যবিবাহৰ দৰে সামাজিক ব্যাধি সমূহ সমাজৰ পৰা নিৰ্মূল কৰাত কেতিয়াও সফল হব নোৱাৰিম। এগৰাকী সচেতন নাগৰিক হিচাপে যদি চৰকাৰ প্ৰশাসন তথা পুলিচৰ লগত সহযোগ আগবঢ়াও তেনেহলে বাল্যবিবাহৰ দৰে অপৰাধজনিত ঘটনা সমূহ সমাজৰ পৰা নিৰ্মূল কৰাৰ ক্ষেত্ৰত সফল হব পাৰিম। অভিভাৱক তথা সমাজে যদি বাল্যবিবাহৰ দৰে অপৰাধ সমূহ লুকুৱাই ৰাখিব বিচাৰে তেনেহলে যিমান চেষ্টা কৰিলেও চৰকাৰ প্ৰশাসন তথা পুলিচ কেতিয়াও সম্পূৰ্ণৰূপে সফল হব নোৱাৰে। এগৰাকী সচেতন নাগৰিক আৰু এগৰাকী দায়িত্বশীল অভিভাৱক হিচাপে সকলোৱে যথা সময়ত পুলিচ প্ৰশাসনক অৱগত কৰাটো তেওঁলোকৰ নৈতিক দায়িত্ব হোৱাটো জৰুৰী। পুলিচ প্ৰশাসনে তথ্য উদঘাটন কৰি ব্যৱস্থা গ্ৰহণ কৰালৈকে ৰৈ থাকিলে হয়তো বহুত দেৰি হৈ যোৱাৰ সম্ভাৱনা থাকে। বৰ্তমান সময়ত চৰকাৰ প্ৰশাসন তথা পুলিচে বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি গ্ৰহণ কৰা ব্যৱস্থাৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন যুক্তি যুদ্ধৰ অৱতাৰণা হৈছে। একাংশ লোকে যদি এই পদক্ষেপৰ সপক্ষে যুক্তি আগবঢ়াইছে ঠিক একেদৰে একাংশ লোকে আকৌ এই পদক্ষেপৰ বিৰুদ্ধে যুক্তি আগবঢ়াইছে কিন্তু দুইটা পক্ষৰ যুক্তি আগবঢ়োৱা লোকসকলে এটা কথা অকপতে স্বীকাৰ কৰিছে যে বাল্যবিবাহ এক আইনী অপৰাধ। এই সকলোবোৰ দেখাৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে বাল্যবিবাহৰ বিৰুদ্ধে সামাজিক সজাগতা প্ৰায় একেবাৰে শূন্য অন্যথা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বাল্যবিবাহৰ দৰে অপৰাধজনিত ঘটনা সংঘটিত নহল হেতেন। ঘটনা এটা সংঘটিত হোৱাৰ পিছত সপক্ষে অথবা বিপক্ষে মতামত দিয়াৰ পৰিবৰ্তে যদি ঘটনা সমূহ সংঘটিত নোহোৱাৰ বাবে সজাগতা সৃষ্টি কৰা হয় তেনেহলে সেইয়া সমাজৰ বাবে অধিক ফলপ্ৰসূ হিচাপে পৰিগণিত হব। সকলোৰে সমাজৰ প্ৰতি থকা দায়বদ্ধতা সক্ৰিয় ৰূপত পালন কৰে তেনেহলে হয়তো আমি অতি সোনকালে বাল্যবিবাহৰ দৰে ঘটনাৰ লগতে অন্যান্য অপৰাধ জনিত ঘটনাও নিৰ্মূল হোৱা দেখিবলৈ পাম।
দেবর্ষি গৌতম
বনগাঁও