বাল্যবিবাহমুক্ত অসমঃ বাস্তৱত সম্ভৱনে – দ্বীপেন বৰুৱা

Pc The Week

বাল্যবিবাহমুক্ত অসমঃ বাস্তৱত সম্ভৱনে

দ্বীপেন বৰুৱা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ২০২৬ চনৰ ভিতৰত অসমক বাল্য বিবাহৰ কবলৰ পৰা মুক্ত কৰা হ’ব৷ তেওঁ লগতে কৈছে যে অসমক বাল্য বিবাহমুক্ত কৰিবলৈ ইয়াৰ বিৰুদ্ধে শূন্য সহনশীলতা বজাই ৰাখিব ৰাজ্য চৰকাৰে৷ চলিত বৰ্ষৰ আৰম্ভণিৰেপৰাই বাল্য বিবাহৰ অপৰাধত অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান অব্যাহত থকা দেখা গৈছে আৰু প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে প্ৰায় চাৰি হাজাৰৰো অধিক অভিযোগনামা দাখিল হৈছে। তদুপৰি বাল্য বিবাহমুক্ত অসমৰ সপোন বাস্তবায়িত কৰিবৰ বাবে চৰকাৰক বিশেষভাৱে পদক্ষেপ ল’বলৈ শান্তিৰ নোবেল বটাঁ বিজয়ী কৈলাস সত্যাৰ্থীৰ শিশু ফাউণ্ডেশ্যনে এইবাৰ অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ শিশু সুৰক্ষাৰ ক্ষেত্ৰখনত কাম কৰি থকা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক একত্ৰিত কৰি জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰে এইক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহ্বান জনাইছে৷ কিন্তু কেৱলমাত্ৰ সজাগতাৰ জৰিয়তে বাল্য বিবাহমুক্ত অসমৰ সপোন দিথকত ৰূপান্তৰিত কৰা সম্ভৱনে? এই অপৰাধত জড়িতসকলক চৰকাৰৰ চমক সৃষ্টিৰ বাবে দুদিনমানৰ বাবে গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব নেকি? ইয়াৰ স্থায়ী সমাধানৰ বাবে কেনেধৰণৰ পদক্ষেপ ল’ব পাৰি? এই সকলোবোৰ বিষয় গুৰুত্বসহকাৰে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত বিগত দুটা বছৰত বাল্য বিবাহৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায় বিশেষভাৱে চাহ-বাগিছা অঞ্চল আৰু চৰ অঞ্চলত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত বাল্য বিবাহৰ প্ৰথা বহুলভাৱে প্ৰচলিত হৈ আছে৷ এই অঞ্চলসমূহত মাতৃৰ লগতে শিশুৰ মৃত্যুৰ হাৰো অতি উচ্চ৷ এক জৰীপ অনুসৰি অসমত ১৮ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে ২.৬ লাখ কিশোৰ-কিশোৰী বাল্য বিবাহপাশত আবদ্ধ হৈছে৷ বাল্য বিবাহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১৫খন ৰাজ্যৰ ভিতৰত অসমেও স্থান লাভ কৰি অবাঞ্ছিত অভিলেখ ৰচনা কৰিছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো-২০২১ৰ প্ৰতিবেদন অনুসৰি বিগত তিনিটা বছৰত ৰাজ্যত বাল্য বিবাহৰ বলি হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ ২০১৯-২১ বৰ্ষত অসমত বাল্য বিবাহৰ হাৰ ৩০.৮শতাংশৰ পৰা ৩১.৮শতাংশলৈ বৃদ্ধি পাইছে৷ এই তথ্যই অসমৰ বাল্য বিবাহৰ ভয়াৱহ ছবিখন পোহৰলৈ আনিছে৷ বাল্য বিবাহে এগৰাকী ছোৱালীৰ শৈশৱৰ অন্ত পেলায়। ১৮ বছৰ বয়সৰ পূৰ্বেই হোৱা এনেধৰণৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বিবাহে ছোৱালী এজনীৰ শিক্ষা আৰু অন্যান্য অধিকাৰ কাঢ়ি লৈ যায়। ই শিশুৰ মানৱ অধিকাৰ উলংঘা আৰু লিংগভিত্তিক হিংসাৰ এক প্ৰকাৰ৷ বাল্য বিবাহে ছোৱালীৰ শিক্ষাতো ব্যাঘাত জন্মায় তথা হিংসা, বৈষম্য আৰু নিৰ্যাতনৰ প্ৰতি দুৰ্বলতা বৃদ্ধি কৰে। বাল্য বিবাহৰ বলি হোৱা এগৰাকী ছোৱালীয়ে উপযুক্ত বয়সৰ আগতেই বলপূৰ্বক গৰ্ভধাৰণৰ বলি হ’বলগীয়া হয়৷ ইয়াৰ ফলত তেওঁৰ অধিকাৰ খৰ্ব হোৱাই নহয়, লগতে তেওঁৰ জীৱন, সন্তানৰ জীৱন আৰু সমাজৰ ভৱিষ্যতো বিপদত পৰে। বাল্য বিবাহে শাৰীৰিক আৰু মানসিকভাৱে সাজু হোৱাৰ আগতেই ছোৱালীক প্ৰাপ্তবয়স্ক জীৱনলৈ বাধ্য কৰে। সৰুতেই বিবাহিত ছোৱালীবোৰৰ আনুষ্ঠানিক শিক্ষা আধাতে সামৰিবলগীয়া হোৱাৰ বাবে তেওঁলোক উপযুক্ত চৰকাৰী সংস্থাপনৰপৰা বঞ্চিত হয়, যাৰ ফলত আজীৱন অৰ্থনৈতিক প্ৰভাৱ পৰে। তেওঁলোক প্ৰায়ে বিচ্ছিন্ন হৈ থাকে আৰু তেওঁলোকৰ স্বাধীনতা কমি যায়। এনে কম বয়সীয়া ছোৱালীবোৰৰ মাজত শাৰীৰিক আৰু যৌন হিংসাৰ লগতে ঘৰুৱা হিংসাৰ সন্মুখীন হোৱাৰ আশংকা অধিক। তেওঁলোকৰ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত বিপজ্জনক জটিলতাৰ সন্মুখীন হোৱাৰ লগতে শিশুসকলো শাৰীৰিক অসুস্থতাৰ সন্মুখীন হয়৷ এনে মাতৃৰ নৱজাত শিশুসকল প্ৰায়ে অতিশয় পুষ্টিহীনতাত ভোগা দেখিবলৈ পোৱা যায়৷ বাল্য বিবাহৰ পৰিণতি ভয়াৱহ আৰু সুদূৰপ্ৰসাৰী। ই এখন সমাজ বা এখন ৰাষ্ট্ৰৰ উন্নতিত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে৷ কিন্তু আমি দেখিছোঁ যে অসমত এতিয়াও একাংশই বাল্য বিবাহক লৈ ৰাজনীতিকৰণৰ পৰা ব্যক্তিগত মুনাফা লাভৰো চেষ্টা চলোৱাৰ পৰা বিৰত থকা নাই৷ ভিন্ন সময়ত ভিন্ন ধৰণেৰে বাল্য বিবাহক ব্যৱসায়ৰ থলীলৈও ৰূপান্তৰিত কৰিবলৈ বহুতে চেষ্টা অব্যাহত ৰাখিছে৷ সেইসকলে বাল্য বিবাহক পৰোক্ষভাৱে উদগণি দি আহিছে৷ এনে কৰাৰ উদ্দেশ্যই হৈছে সমাজক অন্ধকাৰত ৰাখি জনতাক ব্যৱহাৰ কৰি নিজৰ মুনাফা আদায় কৰা৷ অসমত বাল্য বিবাহৰ মূল কাৰণসমূহৰ ভিতৰত দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, সামাজিক আৰু সাংস্কৃতিক নীতি-নিয়ম, পিতৃ-মাতৃৰ অদূৰদৰ্শী চিন্তা, অধিক সন্তান, সমাজৰ দায়িত্বহীনতা, অন্ধবিশ্বাস, শিশুশ্ৰম আদি প্ৰধানকৈ উল্লেখ কৰিব পাৰি৷ ৰাজ্যৰ বহু গ্ৰামাঞ্চলত পৰিয়ালে বাল্য বিবাহক কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উপায় হিচাপে গণ্য কৰে। তেওঁলোকৰ মতে কম বয়সতে বিয়া পাতিলে আৰ্থিক নিৰাপত্তা নিশ্চিত হ’ব আৰু যিকোনো সামাজিক কলংকৰ পৰা ৰক্ষা পৰিব। কিছুমান সম্প্ৰদায়ত বাল্য বিবাহক পৰিয়ালৰ মাজত সামাজিক মিত্ৰতা স্থাপনৰ মাধ্যম হিচাপেও গণ্য কৰা দেখা যায়। তদুপৰি, সমাজৰ সবল চামে দুৰ্বল চামক দিহা-পৰামৰ্শ নাইবা সহযোগিতাৰ পৰিৱৰ্তে অৰ্থনৈতিক দিশত শোষণ কৰি অহাহে দেখা যায় যাৰ ফলত সমাজৰ দুৰ্বল চাম সদায় বিপদৰ সন্মুখীন হ’বলগীয়া হয় আৰু নিজৰ কন্যা সন্তানক কম বয়সতে বিয়া দি হ’লেও সকাহ পাব বিচাৰে৷ বহু দৰিদ্ৰ লোকে অন্ধবিশ্বাসৰ বলি হৈয়ো সন্তানৰ ভৱিষ্যৎ চিন্তা কৰিব নোৱাৰি বাল্য বিবাহৰ আশ্ৰয় লৈ পুণ্যতা অৰ্জন কৰাৰ দৰে প্ৰথাও কিছু কিছু সমাজত এতিয়াও প্ৰচলিত হৈ আছে৷ বাল্য বিবাহৰ দৰে এটা সামাজিক ব্যাধিক নিৰাময় কৰিবলৈ চৰকাৰ আৰু ন্যায়পালিকাই কিছুমান কঠোৰ নীতি-নিয়ম বলবৎ কৰিবই লাগিব৷ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন, ২০১২ (POCSO)ৰ অধীনত ১৮ বছৰৰ তলৰ ছোৱালীৰ সৈতে বিবাহ কৰা পুৰুষৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা আমি দেখিবলৈ পাইছোঁ৷ আনকি এই আইনৰ অধীনত বাল্য বিবাহৰ সতে জড়িত পূজাৰী, কাজী, মুলুঙ আদি লোকসকলকো গ্ৰেপ্তাৰ কৰিছে৷ তদুপৰি, এনে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাসকলকো শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ই নিশ্চিতভাৱে চৰকাৰৰ এক সময়োপযোগী সিদ্ধান্ত৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে “ধৰ্মনিৰপেক্ষ” আৰু “নিৰপেক্ষ” ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ প্ৰতিটো চুকে-কোণে শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবই লাগিব৷ কাৰণ অসমত এতিয়াও সাক্ষৰতাৰ হাৰ মাত্ৰ ৭২.১৯ শতাংশ৷ উপযুক্ত শিক্ষাইহে মানুহৰ মনৰপৰা কুসংস্কাৰ, অন্ধবিশ্বাস আদি দূৰ কৰিব পাৰিব৷ দৰিদ্ৰতা দূৰীকৰণৰ কাৰণেও উচিত পদক্ষেপ হাতত ল’ব লাগিব৷ কেৱলমাত্ৰ হিতাধিকাৰী সৃষ্টিৰে চৰকাৰে মানুহক কৰ্মবিমুখ কৰাৰ সলনি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিলে বেছি লাভৱান হোৱাৰ থল আছে৷ প্ৰয়োজনসাপেক্ষে সামাজিক নীতি-নিয়ম সলনি কৰা, আইন প্ৰয়োগৰ উন্নতি আদিকে ধৰি বহুমুখী পন্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

উপসংহাৰ:-

বাল্য বিবাহমুক্ত অসম আমাৰ সকলোৰে কাম্য৷ চৰকাৰে একক প্ৰচেষ্টাৰে এই কাম কেতিয়াও সম্ভৱ কৰি তুলিব নোৱাৰে৷ তাৰ কাৰণে প্ৰতিগৰাকী শিক্ষিত নাগৰিকেই সজাগ-সচেতন হৈ নিজৰ লগতে সমাজৰ অশিক্ষিত তথা অৰ্ধশিক্ষিত লোকসকলকো জ্ঞানৰ আলোকেৰে আলোকিত কৰিবলৈ যত্ন কৰিব লাগিব৷ একোজন সচেতন নাগৰিক হিচাপে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব যে বাল্য বিবাহ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ এই ক্ষতিকাৰক প্ৰথাৰ বিৰুদ্ধে বিশেষভাৱে অসমৰ চাহ-বাগিছা এলেকা আৰু চৰ অঞ্চলত ব্যাপক সজাগতাৰ মাধ্যমেৰে প্ৰতিজন ব্যক্তিৰ দৃষ্টিভংগী সলনি কৰিব লাগিব৷ তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কৈলাস সত্যাৰ্থীৰ শিশু ফাউণ্ডেশ্যনৰ বাল্য বিবাহমুক্ত অসমৰ সপোন সাৰ্থক হ’বগৈ বুলি আশা কৰিব পাৰি৷