বামুন্দীত বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

pc Northeast Now

বামুন্দীত বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বামুন্দী শাখা ছাত্র সন্থাৰ সহযোগত দহ দিনীয়াকৈ আৰম্ভ হয় বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা। কর্মশালাখন উদ্বোধন কৰে অসমীয়া চলচ্চিত্র জগতৰ অভিনেত্রী বৰ্ষাৰাণী বিষয়াই ৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, কার্যালয় সম্পাদক নিৰ্বোদ দাস, হাজো ৰাজহ চক্ৰ বিষয়া জাহ্নৱী সোণোৱাল, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা, বামুন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক সূর্যকান্ত কলিতা, প্রাক্তন আছু নেতা দিবাকৰ কলিতা, ভাস্কৰ বৰুৱা, প্রশিক্ষক কুলজ্যোতি তালুকদাৰ, ডলি কাকতি প্ৰমুখ্যে বামুন্দী অঞ্চলৰ শতাধিক শিক্ষাৰ্থীৰ লগতে অভিভাৱক উপস্থিত থাকে।