বাপু
জ্যোতি খাটনিয়াৰ
মহাভাৰতৰ বনপৰ্বত যক্ষৰ ধৰ্মৰাজ যুধিষ্ঠিৰৰ প্ৰতি এটা প্ৰশ্ন আছিল – “আকাশতকৈ ওখ কোন?” কেউজন ভায়েকক হেৰুৱাই শোকৰ সাগৰত ডুব যোৱা অবিচল যুধিষ্ঠিৰৰ স্পষ্ট উত্তৰ আছিল – ” পিতা । ” মানু্হজনাৰ জীৱন দশাত নিপীড়িত, নিস্পেষিত অসংখ্য ভাৰতীয়ৰ বাবে আৰু পৰৱৰ্তী প্ৰজন্মৰ আমাৰ দৰে অনেকৰ বাবে তেৱেঁই আছিল পিতা। সমকালীন ভাৰতীয়সকলে উমৈহতীয়াভাৱে তেওঁক সম্বোধন কৰিবৰ বাবে বাচি উলিওৱা এটা শব্দ আছিল ‘বাপুজী ‘। দৰিদ্ৰজনৰ মনৰ বেদনা তেওঁ অকল ভাৰতবাসীৰ বাবেই বুজি উঠা নাছিল; বিশ্বৰ অসংখ্য হাহাকাৰ কৰি থকা আৰু মৰ্যাদাপূৰ্ণ জীৱন কটাবলৈ আগ্ৰহী মানুহৰ বুকুত তেওঁৰ স্থান হৈছিল নিগাজী। আধুনিক সমাজৰ তিনিজন স্মৰণীয় নামে তেওঁৰ কথা প্ৰশংসাৰে আৰু উৎসৰ্গিত মনোভাৱেৰে কৈ গৈছে। মানুহকেইজন হ’ল – মাৰ্টিন লুথাৰ কিং জুনিয়ৰ , নেলছন মেণ্ডেলা আৰু বাৰাক ওবামা। তিনিওজনৰে দেশ বেলেগ বেলেগ ; তিনিওজনৰেই ছালৰ ৰং কলা। বিভিন্ন পৰ্য্যায়ত ব্যক্তিগত জীৱনত ছালৰ ৰঙৰ কাৰণে তেওঁলোক বাৰে বাৰে অপমানিত আৰু লাঞ্চিত। যেন মহান ঔপন্যাসিক থিয়ডৰ ডস্তয়েভস্কিৰ উপন্যাসৰ শিৰোনাম ‘ The Insulted and the Injured’ ৰ তেওঁলোক একো – একোটা উদাহৰণ। মানৱ আত্মাৰ শক্তিৰে , অপৰিসীম বিশ্বাসৰে আৰু মানৱ চৰিত্ৰৰ নৈতিক সামৰ্থ্যৰে জীৱনত সন্মুখীন হোৱা সকলো বাধা অতিক্ৰম কৰিব পৰা যায় বুলি তেওঁলোকৰ অবিচল আস্থা। ইয়াত তেওঁলোকৰ সহযোগী বাপুৰ জীৱন-কৰ্ম আৰু তেওঁৰ বাণী। গোড়া খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল – বাপু মানুহজন খ্ৰীষ্টান হৈ কিয় জন্ম নল’লে? কাৰণ তেওঁলোকৰ দৃষ্টিত বাপু যিশু খ্ৰীষ্টৰ সকলো আদৰ্শক প্ৰতিফলিত কৰা একমাত্ৰ আৰু শ্ৰেষ্ঠ মানৱ। বগা ছালৰ মানুহৰ দ্বাৰা অপমানিত হোৱা মানুহজনে ক’তো কেতিয়াও ঘৃণাৰ কথা কোৱা নাই। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ওৰে জীৱন পুৰোহিত আৰু ৰাজতন্ত্ৰৰ দ্বাৰা লাঞ্চিত আৰু নিৰ্যাতিত হোৱাৰ পিছতো ঘৃণাৰ সামান্য বিন্দুকো হৃদয় সাগৰত স্থান দিয়া নাই। এজন প্ৰকৃত বৈষ্ণৱ সাধক আৰু মানৱতাবাদীৰ দৰেই বাপুৱে বিশ্বাস কৰিছিল সকলো মানুহেই তেওঁৰ আত্মীয় আৰু মানুহৰ কোনো ৰূপেই তেওঁৰ অনাত্মীয় নহয়। এলবাৰ্ট আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু আৰু প্ৰখ্যাত শিল্পতাত্বিক আৰ্ৱিন পেনফস্কি (Erwin Panofsky : ১৮৯২-১৯৬৮) ৰ ইউৰোপীয় মানৱতাবাদৰ আলোচনাত দুটা দিশলৈ আঙুলিয়াই। প্ৰথমটো হ’ল, মানৱতাবাদৰ সৈতে জড়িত থকা প্ৰমূল্য ( value) ৰ ধাৰণা আৰু দ্বিতীয়টো হ’ল , ইয়াৰ সৈতে জড়িত থকা সীমাবদ্ধতা (limitation)। প্ৰথমটোৱে যুক্তি আৰু স্বাধীনতাৰ বাটলৈ আমাক লৈ যায়। দ্বিতীয়টোৱে দায়িত্ব আৰু সহিষ্ণুতাক আমাৰ কান্ধত চিৰদিনৰ বাবে স্থাপন কৰে। পেনফস্কিয়ে এই প্ৰসংগত লিখিছিল : The humanist rejects authority but he respects tradition . মানৱতাবাদীয়ে পৰম্পৰা বা ঐতিহ্যক কেৱল সন্মানেই নকৰে ; ইয়াক তেওঁ এক নিৰপেক্ষ আৰু এক ধৰণৰ বাস্তৱ বুলিয়েই ভাৱে। ফলত তেওঁ ঐতিহ্য আৰু পৰম্পৰাক গভীৰ ভাৱে অধ্যয়ন কৰি প্ৰয়োজন হলে তাক প্ৰসাৰিত কৰি লয়। বাপুৱে নিজৰ জীৱন দশাত ইয়াকে কৰিছিল। তেওঁ হিন্দু ধৰ্মৰ মৌলিক সিদ্ধান্ত আৰু আদৰ্শসমূহক নিজৰ ধৰণেৰে ব্যাখ্যা কৰিছিল। এই ব্যাখ্যা কৰিবলৈ যাওঁতে তেওঁৰ মনত দায়িত্ববোধ আৰু সহিষ্ণুতাই অহৰহ ক্ৰিয়া কৰি আছিল। ই তেওঁক এক আচৰিত নৈতিক শক্তি প্ৰদান কৰিছিল। এই শক্তি ইমানেই তীব্ৰ আৰু মৰ্মভেদী আছিল যে নিৰস্ত্ৰ , নিঃসহায় মানুহজনক ঔপনিৱেশিক ব্ৰিটিছ প্ৰশাসনৰ শীৰ্ষ কৰ্তৃপক্ষই ” the most dangerous enemy of the British Empire ” বুলি অভিহিত কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ নায়ক উইনষ্টন চাৰ্চিলে তেওঁক সকলো প্ৰকাৰে অপদস্থ আৰু মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মানু্হজনাৰ সপক্ষে থিয় হৈছিল অগণন বৃটিছ জনতা। সেই বহু সংখ্যক ব্ৰিটিছ জনতাৰ মাজৰ দুই এটা নাম আজিও সচেতন ভাৰতবাসীৰ মনত ৰৈ গৈছে। যেনে , দীনবন্ধু চি. এফ. এন্দ্ৰুজ। এন্দ্ৰুজৰ আত্মজীৱনী ‘What I Owe to Christ ‘ ( ইয়াৰ দুটা চমু অসমীয়া তাঙৰণ এসময়ত পোৱা হৈছিল : এটা মহাদেৱ শৰ্মাৰ, আনটো কমলেশ্বৰ চলিহাৰ) পঢ়িলে সাধাৰণ ব্ৰিটিছ জনতা কিয় বাপুৰ প্ৰতি কিয় আকৰ্ষিত হৈছিল তাক বুজা যায়। কোটি কোটি ভাৰতীয় জনতাৰ অন্তৰত প্ৰৱেশ কৰিবলৈ আৰু তেওঁলোকৰ অন্তৰ বেদনাক নিজৰ অন্তৰত স্থায়ী আসন দিবলৈ বাপুৱে নিজৰ সাজ পোছাকত পৰিৱৰ্তন আনিছিল। লণ্ডনৰ বেৰিষ্টাৰ , ভাৰতৰ এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ পুতেক বাপুৰ আঠুৰ মূৰলৈকে পৰা চুৰীয়া, শীৰ্ণ দেহ, হাতত লাঠি আৰু বুদ্ধিদীপ্ত চকুৱে ভাৰতীয় উপমহাদেশৰ সকলো মানুহলৈ যি উদ্দীপনা আৰু সংগ্ৰামৰ মনোভাৱ বিয়পাই দিছিল, তাৰ তুলনা এজন মাৰ্কিন সাংবাদিকে ভগৱান বুদ্ধৰ লগত কৰিছিল। বিশ্বৰ শীৰ্ষ ঔপনিৱেশিক শক্তিক উৎখাত কৰা মানুহজনৰ হাতৰ অস্ত্ৰ আছিল তেনেই সহজ আৰু কিছু পৰিমাণে এক উদাসীন মনোভাৱৰ । অহিংসা , অসহযোগ আৰু সত্যাগ্ৰহৰ মাজেৰে তেওঁ সকলোৰে বাবে বাট কাটি দিছিল। হাজাৰ হাজাৰ বছৰ বিয়পা সনাতনী ভাৰতীয় সভ্যতাৰ যি নৈতিক আধাৰ ( moral foundation), সি তেওঁক এক অসাধাৰণ সংযম আৰু দৃঢ়তা প্ৰদান কৰিছিল। অহিংসাক তেওঁ অতি বহল অৰ্থত ব্যৱহাৰ কৰিছিল। এবাৰ তেওঁক সোধা হৈছিল যে হাজাৰ বিজাৰ ভাৰতীয় জনতাৰ মাজত তেওঁ কেইজন অহিংসাত বিশ্বাসী মানুহক দেখিছে। তেওঁৰ উত্তৰ আছিল ” মাত্ৰ এজন । আৰু সেইজন হ’ল মোহনদাস কৰমচান্দ গান্ধী । ” কাৰণ, অহিংসাৰ প্ৰথম কথাটোৱে হ’ল ই এক সম্পূৰ্ণ ঘৃণা শূণ্য পন্থা বা মত ( a non – hate doctrine )। এবাৰ গান্ধীজীয়ে কৈছিল যে তেওঁ তিনিটা শত্ৰুৰ বিৰুদ্ধে অহৰহ যুঁজি থাকিব লাগে। এটা হ’ল বৃটিছ শক্তি, আনটো হ’ল তেওঁৰ চৌকাষে উত্তল ফেনিল সাগৰৰ দৰে থকা অগণন ভাৰতীয় জনতা আৰু তৃতীয়টো হ’ল নিজেই। শ্ৰীমদভাগৱত গীতা আছিল তেওঁৰ নিত্য সংগী । এই গীতাৰ তেওঁ এটা বিস্তৃত ব্যাখ্যা সহ গুজৰাটী তাঙৰণ প্ৰস্তুত কৰি উলিয়াইছিল। ১৯২৯ চনত ছপা হৈ উলিওৱা এই গীতাৰ প্ৰস্তাৱনাতেই গান্ধীজীৰ ধৰ্মীয় চেতনা, এজন হিন্দু হিচাপে তেওঁৰ আদৰ্শ, মানৱতা , নৈতিকতা আৰু কৰ্মৰ উৎসক সংৰক্ষিত কৰি গৈছে। ইয়াতেই তেওঁ কৈছে যে ভৌতিক যুদ্ধ সম্পূৰ্ণ কৰ্মফল ত্যাগীৰ দ্বাৰা হ’ব পাৰে। সেয়া গীতাই তেওঁক শিকাইছে। সত্য আৰু অহিংসা পূৰ্ণৰূপে পালন কৰিব নোৱাৰিলে মানুহৰ পক্ষে সম্পূৰ্ণ কৰ্মফল ত্যাগ অসম্ভৱ। গীতাৰ বাণীও কোনে শুনিব , সেয়া গান্ধীজীয়ে গীতাৰ উক্তিৰেই কৈ গৈছে : ” যি মানুহে দ্বেষৰহিত হৈ কেৱল শ্ৰদ্ধা পূৰ্বক শুনিব, তেওঁৰ বাবেহে গীতা। ” বহুতৰ বাবে আজিও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল – গীতাকাৰে কিয় ভৌতিক যুদ্ধক উদাহৰণ হিচাপে ল’লে? অৰ্থাৎ মহাভাৰতৰ ভয়ংকৰ বিনাশী যুদ্ধৰ জৰিয়তে কিয় গীতা আমাৰ মাজলৈ আহিল?গান্ধীজীয়ে ইয়াৰ স্পষ্ট উত্তৰ তেওঁৰ গীতা ভাষ্যত এনেদৰে দিছে : ” গীতা যুগত অহিংসা ধৰ্ম মানি লোৱা স্বত্তেও ভৌতিক যুদ্ধ অতি সাধাৰণ ঘটনা হোৱাৰ বাবে গীতাকাৰৰ মনত এনেধৰণৰ যুদ্ধ উদাহৰণ স্বৰূপে ব্যৱহাৰ কৰিবলৈ সংকোচ হোৱা নাছিল আৰু হ’বও নোৱাৰিছিল। ” গান্ধীজীৰ জীৱন দৰ্শনক গীতাৰ অনাসক্তি যোগৰ জৰিয়তে বুজিব পৰা যায়। অহিংসাক কিয় গান্ধীজীয়ে বাচি ললে, সেয়া তেওঁৰ সময়ৰ বহুতে জানিব খুজিছিল। তাৰ ভিতৰত এজন আছিল ভাৰতৰত্ন গোপীনাথ বৰদলৈ। ১৯৪০-৪১ চনত যুদ্ধ বিৰোধী সত্যাগ্ৰহ অৱলম্বন কৰি জেলত থাকোঁতে গান্ধীজীয়ে গীতাৰ পৰা কেনেকৈ অহিংসাবাদৰ শিক্ষা পালে, তাক জানিবলৈ বৰদলৈদেৱ বিশেষভাৱে উৎসুক হৈ উঠিছিল। তেওঁ এই কথা জনাই বাপুজীলৈ চিঠি লিখিলে। বাৰ দিনৰ মূৰত বাপুজীৰ পৰা এই চিঠিৰ উত্তৰ আহিল। আৰু গান্ধীজীৰ আদেশ মতে মহাদেৱ দেশাইয়ে অনাসক্তি যোগৰ হিন্দী ভাঙনি গোপীনাথ বৰদলৈলৈ পঠিয়াই দিলে। গান্ধীজীৰ এই গীতাৰ টীকা বৰদলৈদেৱে অসমীয়ালৈ ভাঙনি কৰিলে। বৰদলৈদেৱক এই কামৰ সহায় কৰিছিল মহাদেৱ শৰ্মা, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী , যোগেন শইকীয়া আৰু পৰৱৰ্তী সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে। গান্ধীজীৰ এই গীতা ভাষ্যৰ আৰম্ভণি অৰ্জুনৰ বিষাদ – যোগেৰে : ” জিজ্ঞাসা বিনে জ্ঞান হ’ব নোৱাৰে। দুখ বিনে সুখ নহয়। ধৰ্ম সংকট – হৃদয় মন্থন সকলো জিজ্ঞাসুৰে এবাৰ হবই।” এই উদ্ধৃতিটোকে গান্ধীজীৰ সমগ্ৰ জীৱন পৰিক্ৰমাৰ এটা অন্যতম পৰিচালিকা শক্তি বুলি ক’ব পাৰি। গীতাৰ এই ব্যাখ্যাৰ শেষৰ ফালে গান্ধীজীয়ে ডাঙি ধৰা কথাটো হ’ল : “অনুভৱ-সিদ্ধ শুদ্ধ-জ্ঞান আৰু তদনুসাৰিনী ক্ৰিয়া” । এই দুয়োটাৰ সংযোগত উৎপন্ন হোৱা জ্ঞান মানুহক সংসাৰত কৰ্মফল ত্যাগী আৰু একে সময়তে কৰ্মী লোক কৰি ৰাখে। গান্ধীজীৰ নিজৰ ভাষাত মানুহজনৰ মনটো হৈ উঠে, গীতাত নিষিদ্ধ ফলাসক্তি আৰু বিহিত অনাসক্তি যোগৰ দ্বাৰা পৰিচালিত। বৃটিছ শাসকৰ প্ৰতি কোনোধৰণৰ ঘৃণা কঢ়িয়াই নৰখা গান্ধীজীৰ মনটোৰ ব্যাখ্যা ইউৰোপীয় মানৱতাবাদৰ প্ৰসিদ্ধ উক্তি ” মানুহৰ কোনো ৰূপেই মোৰ অনাত্মীয় নহয় ” আৰু গীতাৰ অনাসক্তি যোগৰ ধাৰণাৰ মাজেৰে ব্যাখ্যা কৰিব পাৰি। খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ পৰম আদৰ্শ যিশু খ্ৰীষ্টৰ দ্বাৰা বৰ্ণিত প্ৰেমময়ী জীৱনৰ ধাৰণাৰ মাজেৰে ইয়াক চাব পাৰি ( পাপক ঘৃণা কৰিব, পাপীক নহয়)।
১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ বিয়লি ৫ বাজি ১৭ মিনিটত তিনিটা বুলেটেৰে গান্ধীজীৰ শৰীৰক চিৰদিনৰ বাবে শুৱাই দিয়া হ’ল। অকণো হাত নকঁপাকৈ মহাৰাষ্ট্ৰৰ ব্ৰাহ্মণ, নাথুৰাম বিনায়ক গডছেয়ে এই কাম কৰিলে। সম্পূৰ্ণ অহিংসাত বিশ্বাস কৰা বাবেই গান্ধীজীয়ে কোনোধৰণৰ ব্যক্তিগত নিৰাপত্তা ৰক্ষীক তেওঁৰ ওচৰত থাকিবলৈ দিয়া নাছিল। এই ক্ষেত্ৰত তৎকালীন কেন্দ্ৰীয় গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ অনুৰোধ তেওঁ বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল। গান্ধীজীৰ মৃত্যুৰ পিছত আধুনিক মানৱ জাতিৰ সৰ্বশ্ৰেষ্ঠ মনিষী এলবাৰ্ট আইনষ্টাইনে তেওঁৰ অৱদান সম্পৰ্কত লিখিলে: ” For the first time, mankind has been shown what can be achieved with a firm will and well thought -out action and without recourse to arms . ” আইনষ্টাইনে লগতে মত প্ৰকাশ কৰিলে যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰায়ে ৰাষ্ট্ৰসমূহৰ মাজত দেখা দিয়া যুদ্ধৰ মনোভাৱে যি ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ আমাক লৈ গৈছে, সেয়া কেৱল গান্ধীজীয়ে দেখুওৱা বাটেৰেহে ৰোধ কৰিব পাৰি। কিছুদিন আগতে প্ৰখ্যাত ভাৰতীয় বিদ্বান আৰু বৃটিছ সাংসদ , ৰাজনীতি বিজ্ঞানৰ এজন বিশিষ্ট পণ্ডিত ভিক্ষু পাৰেখে এটা বৰ চিন্তা – উদ্ৰেককাৰী প্ৰবন্ধ লিখিছিল : ‘Gandhi and Osama Bin Laden : Is a dialogue possible ? ‘ ( প্ৰকাশৰ চন : ২০১৫) । ইয়াত তেওঁ ওচামা বিন লাডেনৰ জৰিয়তে ইছলামীয় সন্ত্ৰাসবাদৰ কাৰণ, উৎস আৰু পৰিসৰক বিস্তৃত ভাৱে ব্যাখ্যা কৰাৰ চেষ্টা কৰিছিল। আৰু কেনেকৈ ওচামাপন্থী কত্তৰ ইছলামীয় লোক সকলে বিচৰা পৰিবৰ্তন আৰু পশ্চিমীয়া অগ্ৰাসন ৰোধ কৰিব পাৰি, তাৰ এক কাল্পনিক ৰূপৰেখাও ভিক্ষু পাৰেখে লিখি উলিয়াইছে। অৰ্থাৎ, গান্ধীজীৰ নৈতিকতা আৰু আদৰ্শ আৰু তেওঁৰ কৰ্মপদ্ধতি বিশ্ব ৰাজনীতিত আজিও প্ৰাসংগিক হৈ আছে , সেয়া খাটাংকৈ ক’ব পাৰি। আনকি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি বিজ্ঞানৰ বিশেষজ্ঞসকলে ইজৰাইল – হামাছৰ সংঘাতৰ সমাধানো গান্ধীজীৰ মতাদৰ্শৰ সমাধান যে হ’ব পাৰে, সেই প্ৰসংগত এক বিস্তৃত ৰূপৰেখা যুগুতাই উলিয়াইছে। ইমানৰ পিছতো গান্ধী হত্যাক বৈধতা আৰু হত্যাকাৰী নাথুৰাম বিনায়ক গডছেক সমৰ্থন কৰা লোকৰ অভাৱ নাই। আনকি তাহানিয়েই পাঞ্জাবৰ এখন মহাবিদ্যালয় পদাৰ্থবিজ্ঞানৰ অধ্যাপক ওম প্ৰকাশ কালিয়ল ( Om Prakash Kaliol) এ এলবাৰ্ট আইনষ্টাইনলৈ নাথুৰাম গডছেৰ সমৰ্থনত দুখন চিঠি প্ৰেৰণ কৰিছিল। ইয়াৰে এখনৰ উত্তৰ আইনষ্টাইনে অতি সোনকালে দিছিল । আইনষ্টানে ইয়াত লিখা এটা গুৰুত্বপূৰ্ণ কথা আছিল : ” The unique greatness of Gandhi lies in his moral fervour and his unparalleled devotion to it.” ১৯৫৩ চনত মাৰ্কিন পাৰমাণৱিক বোমা নিৰ্মাণৰ গোপনীয়তা ভংগ কৰাৰ সন্দেহত এলবাৰ্ট আইনষ্টাইনক ছিনেট অনুসন্ধান কমিটিয়ে চমন দিয়াৰ কথা আহি পৰিছিল। সন্দেহ নাই যে মানৱ সভ্যতাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভাজনক এনেদৰে মাতি পঠিওৱা কথাৰ সম্ভাৱনাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনতাকে ধৰি বিশ্বৰ সকলো সচেতন মানুহক হতচকিত কৰি তুলিলে । প্ৰশ্ন উঠিল : ” কিয় এনেদৰে এই ঋষিতুল্য সৰ্বশ্ৰেষ্ঠ প্ৰতিভাজনাক অপমানিত কৰা হ’ব? ” এনে সম্ভাবনাৰ সন্মুখত এলবাৰ্ট আইনষ্টাইনে বিশ্ব বিখ্যাত বাতৰি কাকত নিউ য়ৰ্ক টাইমছলৈ এখন চিঠি প্ৰস্তুত কৰিলে, য’ত তেওঁ লিখিলে : ” Frankly I can only see the revolutionary way of non-cooperation in the sense of Gandhi’s as the best method of action. ” আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰে যদি অগ্ৰহণযোগ্য কাম কৰে , বা ইয়াৰ নাগৰিকসকলক বলপূৰ্বক অন্যায় কাম কৰিবলৈ বাধ্য কৰে , তেনেহলে বৰ্তমানৰ সময়ত গান্ধীজীয়ে প্ৰদৰ্শন কৰা অসহযোগৰ পথেই দন্দ্ব জৰ্জিত আৰু নৈতিকতা আক্ৰান্ত পৃথিৱীত বাস কৰা মানুহৰ বাবে আটাইতকৈ উপযোগী বুলি আইনষ্টাইনে মত পোষণ কৰি গৈছে। ১৯৩০ চনৰ দাণ্ডি যাত্ৰাৰ ছবিখনে আইনষ্টাইনৰ মনত আৰু পৃথিৱীৰ লক্ষ্য – লক্ষ্য নিপীড়িত অথা মানৱ আত্মাৰ মুক্তিত ব্ৰতীজনক পৰম আদৰ্শৰ যোগান ধৰি গৈছে। বাপু ব্যক্তিগত আৰু ৰাজনৈতিক জীৱন দুয়োটাতেই আছিল অসাধাৰণ সংযমী আৰু বিনম্ৰ লোক। ব্ৰিটিছৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অনশনৰ বাবে তেওঁ শৰীৰ আৰু মন দুয়োটাকে প্ৰস্তুতি কৰি তুলিছিল। এয়াও তেওঁৰ গীতাৰ অনাসক্তি যোগৰেই প্ৰভাৱ বুলি ভাবিব পাৰি। ব্ৰিটিছ সামৰিক সিংহৰ বিৰুদ্ধে দুৰ্বল দেহৰ এই ক্ষীণকায় মানুহজনৰ একমাত্ৰ শক্তি আছিল নৈতিক শক্তি। এই নৈতিক শক্তিৰ আধাৰ হিন্দু ধৰ্মৰ গভীৰ অধ্যয়নৰ যোগেদি তেওঁ আয়ত্ব কৰিছিল। ধৰ্ম আৰু ৰাজনীতিক তেওঁ অসাধাৰণ সফলতাৰে সংযোগ কৰিবলৈ সক্ষম হৈছিল। মহাপুৰুষ মাধৱদেৱৰ ‘ মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ‘ ৰ ধাৰণাৰে বিচাৰ কৰিলে বাপুৰ মনোজগত এজন নিস্পৃহ বৈষ্ণৱ ভক্তৰ জগত। অস্তিত্ববাদী দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেৰ ‘Man is condemned to be free ‘ – ‘ মানুহ মুক্ত হবলৈ বাধ্য ‘ ৰ ধাৰণাৰ আলোকেৰেও বাপুৰ অসাধাৰণ কৰ্মশক্তি আৰু ভিন ভিন দেশৰ অন্ধকাৰত নিমজ্জিত মানুহক পোহৰ দেখুৱাব পৰা শক্তিৰ উৎস আৰু পৰিসৰক বিশ্লেষণ কৰিব পাৰি। বাপু কাহানিবাই আঁতৰি গৈছে। ভাৰত ভূমিত হয়তো তেওঁৰ বিচাৰ – বিশ্লেষণে সমাদৰো হেৰুৱাইছে। কিন্তু ভৱভূতিৰ প্ৰসিদ্ধ উক্তি ‘কাল নিৰৱধি আৰু পৃথিৱী বিপুল ‘ ৰ সংজ্ঞা মানি পৃথিৱীৰ কৰ’বাত নহয় কৰ’বাত , কাৰোবাৰ নহয় কাৰোবাৰ মনত গান্ধীজীৰ অক্ষয় বন্তি নিৰন্তৰ জ্বলি আছে”।