বানপৰিস্থিতত পৰীক্ষা সম্পূর্ণ ৰূপে বাতিল কৰক!- জয়ন্ত কলিতা

pc NDTV.com

বানপৰিস্থিতত পৰীক্ষা সম্পূর্ণ ৰূপে বাতিল কৰক!

সমগ্ৰ অসমতে যেন বানপানীয়ে এতিয়া এক জটিল ৰূপ ধাৰণ কৰিছে।বানপানীৰ কবলত এতিয়া অসমৰ ২৬ খন জিলাৰ কেইবাশ গাওঁ তথা কেইবাখনো বিদ্যালয় বানপানীত প্ৰভাম্বিত হৈছে।বানবিধস্ত এলেকাৰ ৰাইজে ওখ মাথোৱাৰী,ৰেল লাইন, বিদ্যালয় আদিত আশ্রয় গ্রহণ কৰিছে।বানপানী আৰু প্ৰতিকূল বতৰৰ বাবে ডিমাহাছাও কে ধৰি অসমৰ প্ৰায় বোৰ প্ৰান্তত বিজুলী সেৱা ,যাতায়ত ব্যৱস্থা আদি বন্ধ কৰা হৈছে।মূলতঃ এনে পৰিস্থিৰ সন্মূ্খীন হোৱা ছাত্র-ছাত্ৰী সকলে সাম্প্রতিক সময়ত অনুষ্ঠিত পৰীক্ষা সমূহ দিবলৈ বা পৰীক্ষাত বহিবলৈ মানসিক ভাৱে কেতিয়াও প্রস্তুত নহয়।
আনহাতে ভিতৰুৱা গঞা অঞ্চলত বাঁহ আৰু কাঠেৰে নিৰ্মিত দলং সমূহক নদীৰ বঢ়নী পানীয়ে উটুৱাই নিছে।গতিকে এনে অঞ্চলৰ ছাত্র -ছাত্রী বোৰ পৰীক্ষা দিবলৈ অহা বহু দূৰৰে কথা তেওঁ লোকৰ দৈনন্দিন যাতায়াত বন্ধ হৈ পৰিছে।গতিকে এনে পৰিস্থিতিত পৰীক্ষা পতা সুবিধা জনক নহয়।উল্লেখ যোগ্য যে এই জটিল পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিবলৈ প্ৰায় এমাহ দুমাহ সময়ৰ প্ৰয়োজন।পৰীক্ষা পিছুৱালে আকৌ আমাৰ শিক্ষাবৰ্ষ অপচয় হব। যাৰ ফলশ্রুতিত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধিক বোজা তথা মানসিক চাপে দেখা দিব।গতিকে এই জটিল পৰিস্থিতিত পৰীক্ষা কাৰ্য্যসূচী সম্পূৰ্ন ৰূপে বাতিল কৰক আৰু বিকল্প ব্যৱস্থা গ্ৰহণ কৰক।যিহেতু ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রথম বাৰ্ষিকৰ এটি বিশেষ পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে অনুষ্ঠিত কৰিছে।

জয়ন্ত কলিতা
উচ্চতৰ মাধ্যমিক প্রথম বাৰ্ষিকৰ ছাত্র
(ৰঙিয়া)