বানপানী আৰু বন্যপ্ৰাণীৰ ওপৰত একলম – লখিমী শৰ্মা

বানপানী আৰু বন্যপ্ৰাণীৰ ওপৰত একলম 
লখিমী শৰ্মা, যোৰহাট 
প্ৰতিবছৰে অহা বানপানীৰ প্ৰকোপত যিদৰে মানুহৰ জীৱনলৈয়ো হতাশা আহি পৰে , ঠিক একেদৰেই বন্যপ্ৰাণী বোৰো বহুত অসুবিধাত পৰে । কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি উঠিলে বানপানীৰ সৃষ্টি হয় । বোৱতী পানীয়ে গছ – গছনি , ঘৰ , জীৱ – জন্তু আদি উটুৱাই নিয়ে । ই বৰ্তমান যুগৰ এটা  ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ । এই বানপানীৰ ফলত বহুতো ব্যক্তি বা বন্যপ্ৰাণীৰ জীৱন বিপদত পৰে আৰু বহুতো মানুহ , বন্যপ্ৰাণী আহত হয় নতুবা মৃত্যু – মুখত পৰে । লগতে বানপানীয়ে ৰোগবৃদ্ধি কৰে । মেলেৰিয়া , কলেৰা , টাইফইড , ডেংগু ইত্যাদি ৰোগ । বানপানীয়ে পৰিৱেশৰো ক্ষতিসাধন কৰে । ই মাটিৰ খহনীয়া আৰম্ভ কৰে , যিয়ে মাটিৰ স্থিৰতা হ্ৰাস কৰে । বানপানী হ’লে ঘৰ – দুৱাৰৰ ক্ষতি হয় , শস্য পথাৰ নষ্ট হয় , ভঁৰালৰ শস্যও নষ্ট হয় । বানপানীৰ সময়তে নদীৰ প্ৰবল খহনীয়াই ঘৰ – দুৱাৰ , ভেটি , খেতি  পথাৰ খহায় লৈ যায় । যিদৰে মানুহো বিপদত পৰে বানপানীৰ প্ৰকোপত তাতকৈ বেছিকৈ শাস্তি পায় বন্যপ্ৰাণীবোৰে । কিয়নো বন্যপ্ৰাণীবোৰে একো ক’ব নোৱাৰে বা একো বুজি নুঠে । তেনেস্থলত বানপানীৰ সময়ত মানুহতকৈ জীৱ – জন্তুবোৰৰ বহুত কষ্টকৰ হয় জীৱনবোৰ । কৃত্ৰিম বানপানীয়ে বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস , পানীত প্ৰদূষক আৰু দূষক পদাৰ্থ নিৰ্গত হয় ।বান্ধ , জলাশয় বা অন্যান্য পানী নিয়ন্ত্ৰণ গঠনৰ পৰা ইচ্ছাকৃতভাৱে পানী এৰি দিয়াৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়  । কৃত্ৰিম বানপানীৰ প্ৰয়োজন হ’ব পাৰে –
১) বান নিয়ন্ত্ৰণ :- নদী ব্যৱস্থাত পানীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ , আৰু ক্ৰমান্বয়ে আৰু নিয়ন্ত্ৰিতভাৱে পানী এৰি দি তলৰ বানপানীৰ আশংকা হ্ৰাস কৰিবলৈ প্ৰায়ে কৃত্ৰিম বানপানীৰ ব্যৱহাৰ কৰা হয় ।
২) জলসিঞ্চন :- মথাউৰি আৰু জলাশয়ৰ পৰা মুক্ত হোৱা পানীৰ সহায়ত জলসিঞ্চনৰ বাবে পানী যোগান ধৰিব পাৰি , বিশেষকৈ বৰষুণ কম হোৱা অঞ্চলত ।
৩) জলবিদ্যুৎ উৎপাদন :- কিছুমান বান্ধত জলবিদ্যুতৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা হয় , আৰু বিদ্যুৎ উৎপাদনৰ বাবে পানীৰ অবিৰত যোগান নিশ্চিত কৰিবলৈ জলাশয়ৰ পানীৰ স্তৰ পৰিচালনাৰ বাবে কৃত্ৰিম বানপানীৰ ব্যৱহাৰ কৰা হয় ।
৪) খোৱা পানী :-  বান্ধ আৰু জলাশয়ৰ সহায়ত সম্প্ৰদায়সমূহৰ বাবে খোৱাপানীও যোগান ধৰিব পাৰি, আৰু কৃত্ৰিম বানপানীয়ে ইয়াৰ বাবে পানীৰ অবিৰত যোগান বজাই ৰখাত সহায় কৰিব পাৰে ।
৫) বিনোদনৰ উদ্দেশ্য :- কৃত্ৰিম বানপানীৰ সহায়ত নাওঁ চলোৱা , মাছ ধৰা আৰু অন্যান্য কামৰ বাবে বিনোদনমূলক অঞ্চল , যেনে —- হ্ৰদ আৰু জলাশয় সৃষ্টি কৰিব পাৰি ।
বানপানী প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নদীৰ দুয়োপাৰে মথাউৰি নিৰ্মাণ, নদীৰ বুকুত বান্ধ নিৰ্মাণ আদি বিভিন্ন ব্যৱস্থা চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে । বৃহৎ হাৰত বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হৈছে।চৰকাৰী প্ৰচেষ্টাই বানপানী ৰোধৰ বাবে যথেষ্ট নহয়। ব্যক্তিগতভাৱে লোকসকলো এই বিষয়ত সজাগ হ’ব লাগিব । বৃক্ষৰোপণ আদিত গুৰুত্ব আৰোপ কৰিব লাগিব ।