বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস

Pc outlook India

বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক মালিকানাধীন ইন্ধন খুচুৰা বিক্ৰেতাসকলে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ৯১.৫০ টকাকৈ এলপিজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। এতিয়াৰে পৰা  দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰ ১,৮৮৫ টকাত পোৱা যাব যি ১,৯৭৬ টকাত বৰ্তমানলৈ উপলব্ধ আছিল। উল্লেখযোগ্য যে, প্ৰতিমাহৰ ১ তাৰিখে এলপিজি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হয়। আন্তঃৰাষ্ট্ৰীয় স্তৰত তেলৰ মূল্যত সৰলতা বৰ্তোৱা বাবে ভাৰতীয় ফ্যুৱেল ৰিটেল বিক্ৰেতাসকলক পেট্ৰ’ল আৰু ঘৰুৱা ৰন্ধন গেছ এলপিজিৰ ওপৰতো ব্ৰেক–ইভেন পইণ্টত আনিছে, কিন্তু দেশৰ অধিকতম ব্যৱহৃত হোৱা ইন্ধন ডিজেলৰ ওপৰতো এতিয়াও ধন হেৰুৱাই আছে। দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে প্ৰতিলিটাৰত ৯৬.৭২ আৰু ৮৯.৬২ টকা, চেন্নাইত ইয়াৰ মূল্য ১০২.৬৩ আৰু ৯৪.২৪ টকা; আৰু কলিকতাত প্ৰতিলিটাৰত ১০৬.০৩ আৰু ৯২.৭৬ টকা। মুম্বাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে প্ৰতিলিটাৰত ১০৬.৩১ আৰু ৯৪.২৭ টকাত বিক্ৰী কৰা হৈছে।