অনলাইন বাৰ্ত্তাসেৱা- বিজেপি চৰকাৰে ৮০ শতাংশ বাজেট ৰূপায়ন কৰাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ।এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনিৰ কথা দোহাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অন্নযোজনাৰ অধীনত বিনামূলীয়া চাউল বিতৰণ, জ্যোতিস্মান আঁচনিৰ অধীনত ৩০ ইউনিট বিজুলী ৰেহাই, স্বামী বিবেকানন্দ স্বয়ম আঁচনি, চাহ বাগিচাৰ ধন পুৰস্কাৰ, অৰুণন্ধতী আঁচনি, কণকলতা-ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি,কণকলতা মহিলাসৱলীকৰণ যোজনা আদি আঁচনি ৰূপায়নৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ।অষ্টাদশ উন্নয়নৰ মুকুতা মালা আঁচনিৰ অধীনত নুমলীগড় ৰিফাইনেৰীৰ শ্বেয়াৰ ক্ৰয় কৰাৰ কথা উল্লেখ।প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰীক স্কুটি দিয়াৰ কথা পূৰ্বৰ বাজেটত উল্লেখ কৰি ৰূপায়ন কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ।ৰাজ্য চৰকাৰৰ ১৮ খন আঁচনিৰ প্ৰতিখন আঁচনিৰ কাম কৰাৰ কথা সদনত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৱ শৰ্মাই।